Logo
image

১৬ মাৰ্চত অজন্তাৰ বাজেট

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ ১৪ মাৰ্চৰ পৰা হ’ব বিধানসভাৰ বাজেট অধিৱেশন৷ ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট৷ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশন৷ পহিলা এপ্ৰিললৈ অনুষ্ঠিত হ’ব বাজেট অধিৱেশন৷ বিত্তমন্ত্ৰী অজন্তা নেওগে ১৬ মাৰ্চত [বুধবাৰ] ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব৷ সেই দিনাই বাৰ্ষিক বিত্তীয় প্ৰতিবেদন তথা অসম পৰিপুৰক বিনিয়োজন বিধেয়ক ২০২২ প্ৰকাশ পাব৷ এখন সৰ্বাংগসুন্দৰ আৰু জনমুখী বাজেট দাখিলৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগে ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে বিভিন্ন পক্ষৰ লগত আলাপ-আলোচনা সম্পূৰ্ণ কৰিছে৷ বিধানসভাৰ সচিবালয়ৰ সূত্ৰই জনোৱা মতে ক্ৰমে ১৪, ১৫, ১৬, ১৭, ২২, ২৮, ২৯, ৩০ আৰু ৩১ মাৰ্চৰ লগতে পহিলা এপ্ৰিলত বিধানসভাৰ অধিৱেশনৰ কৰ্মদিন হ’ব৷ মুঠ কৰ্মদিন ১০ দিন৷ ৩১ মাৰ্চৰ দিনা কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হ’ব বিধানসভাত৷