Logo
image

বিশাল মছজিদৰ নিৰ্মাণেৰে চেঙাত ইছলামিক বিশ্ববিদ্যালয়ৰ প্ৰভাৱ বৃদ্ধি

মাদ্ৰাছা বন্ধৰ চৰ্চা চলি থাকোঁতেই

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ অসমত মাদ্ৰাছা শিক্ষা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে ৰাজ্যখনত ইছলামিক শিক্ষাৰ সম্প্ৰসাৰণ অভিযানো অব্যাহত আছে৷ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিলে অসমত মাদ্ৰাছা শিক্ষা ব্যৱস্থা বিলুপ্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পাছতে অসমত মাদ্ৰাছা শিক্ষা বন্ধৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ ইছলামিক দল-সংগঠন৷ শেহতীয়াকৈ ন্যায়ালয়ে ৰাজ্যত মাদ্ৰাছা শিক্ষা ব্যৱস্থা বন্ধৰ সপক্ষে ৰায়দান কৰে৷ ফলত অসমত মাদ্ৰাছা শিক্ষাৰ যতি পৰাটো কাৰ্যতঃ স্পষ্ট হৈ পৰে৷ কিন্তু ইয়াৰ মাজতে অসমত ইছলামিক শিক্ষা সম্প্ৰসাৰণৰ তৎপৰতা অব্যাহত আছে৷ জামাতুল মুজাহিদীন অৱ বাংলাদেশ চমুকৈ জে এম বি নামৰ ইছলামিক মৌলবাদী সংগঠনৰ অসম মডুলৰ ঘাটি হিচাপে পৰিগণিত বৰপেটা জিলাৰ পৰাই শেহতীয়াকৈ চলিছে ইছলামিক শিক্ষাৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া৷ উল্লেখ্য, ২০১৩ চনতে বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ বাইচা-বৰমাৰা গাঁৱত স্থাপন কৰা হৈছিল দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটীৰ অসম চেণ্টাৰ৷ কেৰালাত থকা দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়খনত মূলতঃ ইছলামিক শিক্ষাৰ পাঠদান কৰা হয়৷ বৰপেটা জিলাৰ বাইচা-বৰমাৰাত এই শিক্ষা প্ৰতিষ্ঠানখনৰ অসম চেণ্টাৰ স্থাপন কৰি শিক্ষাদান প্ৰক্ৰিয়া চলাই থকা হৈছে৷ এই আবাসিক শিক্ষা প্ৰতিষ্ঠানখনত ৰাজ্যৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে৷ এই বিশ্ববিদ্যালয়ৰ চৌহদতে এটা আটকধুনীয়া মছজিদ নিৰ্মাণ কৰা হৈছে৷ বৃহস্পতিবাৰে এই মছজিদৰ দ্বাৰ উন্মোচন কৰা হয়৷ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেক আৰু চেঙা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইন এই অনুষ্ঠানত উপস্থিত থাকে৷ ধৰ্মীয় শিক্ষা বন্ধ কৰি মুছলমান যুৱক-যুৱতীক আধুনিক শিক্ষাৰে শিক্ষিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ চৌহদত মছজিদ নিৰ্মাণ কৰাৰ লগতে ধৰ্মীয় শিক্ষাৰ অধিক সম্প্ৰসাৰণৰ বাবে চলা প্ৰচেষ্টাই নিঃসন্দেহে বিশেষ তাৎপৰ্য বহন কৰিছে৷