Logo
image

টোপনিতে মৃত্যু বাপ্পী লাহিড়িৰ, সাৱধান হওক আপুনিও

শ্লিপ এপ’নিয়াই কাঢ়ি নিলে ‘ডিস্কো সম্ৰাট’ তথা কিংবদন্তী শিল্পী বাপ্পী লাহিড়িৰ জীৱন৷ অবষ্ট্ৰাকটিভ শ্লিপ এপ’নিয়াৰ চিকাৰ হ’ল ভাৰতীয় সংগীত জগতৰ জাজ্বল্যমান ব্যক্তি  বাপ্পী লাহিড়িৰ৷ কি এই শ্লিপ এপ’নিয়া ৰোগ? কিদৰে এই ৰোগ ৰোধ কৰিব পাৰি৷ আহকচোন চিকিৎসকে কি কয় এই ৰোগটোৰ বিষয়ে৷ 

টোপনিতে জোৰকৈ নাকেৰে শব্দ কৰা, মুখগহ্বৰ শুকাই যোৱা আদিৰ ফলত বাৰে বাৰে টোপনি ভাঙি যায় শ্লিপ এপ’নিয়াৰ ৰোগীৰ৷ এই ৰোগ থাকিলে টোপনিত থকা সময়ত অনিয়মিত হৈ পৰে শ্বাস-প্ৰশ্বাস৷ শৰীৰত অক্সিজেনৰ অভাৱে দেখা দিয়ে৷ যাৰ ফলত ষ্ট্ৰোকৰ আশংকা বাঢ়ি যায়৷ 

এই ৰোগৰ কাৰণ কি? কিয় হয় শ্লিপ এপ’নিয়া?

ই এক ‘লাইফ ষ্টাইল ডিজিজ’৷ হাওঁফাওঁ ৰোগৰ বিশিষ্ট চিকিৎসক সুস্মিতা ৰায় চৌধুৰীয়ে জনায় যে স্থূলতাৰ সমস্যা থাকিলে সেই ৰোগে দেখা দিব পাৰে৷ বিশেষকৈ যাৰ ডিঙি অলপ বহল সেইসকল লোক এই শ্লিপ এপ’নিয়া ৰোগত বেছিকৈ আক্ৰান্ত হয়৷ ইয়াৰ কাৰণ হ’ল টোপনিত থকা সময়ত ডিঙিৰ পেশী শিথিল হৈ পৰে৷ মেদ বেছি থাকিলে শ্বাস লোৱা পথটি সাধাৰণতে সৰু হৈ যায়, ফলত শ্বাস লওতে কষ্ট হয়৷ 

  শ্লিপ এপ’নিয়াৰ পৰা হাত সাৰিবলৈ হ’লে জীৱনধাৰা সামান্য পৰিৱৰ্তন কৰিব লাগিব৷ বিশেষজ্ঞ সুস্মিতাই জনায় যে অনিয়ন্ত্ৰিত জীৱনধাৰাই এই ৰোগ বৃদ্ধি কৰিব পাৰে৷ জীৱন-যাপনৰ দৃষ্টিভংগী কিছু সাল-সলনি কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি৷ যিহেতু স্থূলতাৰ  সমস্যাৰ কাৰণে এইৰোগ বাঢ়ি যায়, সেয়ে এই ক্ষেত্ৰত শৰীৰৰ ওজন কমাবলৈ চেষ্টা কৰিব লাগিব৷ ইয়াৰ বাবে নিয়মিত ব্যায়াম কৰাটো প্ৰয়োজন৷ কি খাদ্য খোৱা হৈছে আৰু কি খাব নালাগে সেই বিষয়েও দৃষ্টি ৰখাটো দৰকাৰ৷ চিকিৎসকৰ পৰামৰ্শ মতে কম কাৰ্বহাইড্ৰেট আৰু কম ফেটযুক্ত খাদ্যই  শ্লিপ এপ’নিয়াৰ সমস্যা নিয়ন্ত্ৰণ কৰে৷ তাৰ লগতে খেয়াল ৰাখিব লাগিব ৰোগীয়ে যাতে ডায়েবেটিছ অথবা হাইপাৰটেনচনৰ পৰা মুক্ত হৈ থাকে৷ উল্লেখ্য শ্লিপ এপ’নিয়া থাকিলে এই দুটি ৰোগে শৰীৰত দেখা দিয়াৰ আশংকা থাকে বুলি চিকিৎসকে সতৰ্ক কৰি দিছে৷