Logo
image

খুচুৰা পইচাৰে চমৎকাৰ

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ’ল বহল সাগৰ– বহু সমাদৃত কবিতাৰ এই পংক্তিৰ যথাৰ্থতা যেন পুনৰ প্ৰতিপন্ন হ’ল৷ এটা এটাকৈ খুচুৰা পইচা সঞ্চয় কৰি এজন ব্যৱসায়ীয়ে ক্ৰয় কৰিলে এখন দুচকীয়া বাহন৷ বৰপেটাৰ এই ঘটনাই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে৷ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই ঘটনা৷ ব্যৱসায়ীজনৰ নাম হাফিজুৰ আকন্দ৷ বৰপেটা জিলাৰ গোৱদ্ধৰ্নাৰ সমীপৱৰ্তী গমাৰীগুৰি গাঁৱৰ হাফিজুৰ আকন্দ নামৰ এই যুৱ ব্যৱসায়ীজন গোৱদ্ধৰ্না বজাৰৰ ৰাহুল ষ্টোৰ নামৰ ষ্টেচনাৰী দোকানখনৰ স্বত্ত্বাধিকাৰী৷ হাফিজুৰৰ ব্যৱসায় বৰ ডাঙৰ নহয়৷ ক’বলৈ গ’লে তেওঁ এজন ক্ষুদ্ৰ ব্যৱসায়ী৷ ৰাহুল ষ্টোৰৰ পৰা উপাৰ্জন হোৱা ধনেৰে তেওঁ পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ খৰচো বহন কৰে৷ উপাৰ্জন আশানুৰূপ নোহোৱাৰ বাবে হাফিজুৰে এখন দুচকীয়া বাহন ল’ব পৰা নাছিল৷ বাইকেই হওঁক, স্কুটাৰেই হওঁক বা স্কুটীয়েই হওঁক– কিবা এখন দুচকীয়া বাহন ল’বলৈ বৰ হেঁপাহ হাফিজুৰৰ৷ কিন্তু বাহন ক্ৰয় কৰিবৰ বাবে হাফিজুৰে ধন সাঁচিব পৰা নাছিল৷ বহু ভাবি-গুণি হাফিজুৰে এটা উপায় উলিয়ালে৷ ক্ষুদ্ৰ বাহন কিনিবৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীৰ ক্ষুদ্ৰ সঞ্চয়৷ প্ৰতিদিনে হাফিজুৰে জমা কৰিবলৈ ধৰিলে খুচুৰা পইচা৷ এটকীয়া, দুটকীয়া, পাঁচটকীয়া, দহটকীয়া মুদ্ৰা সঞ্চয় কৰিলে হাফিজুৰে৷ প্ৰায় এবছৰ খুচুৰা পইচা গোটোৱাৰ পাছত হিচাপ কৰি চাই হাফিজুৰে দেখিলে যে তেওঁৰ ক্ষুদ্ৰ ভঁৰালত জমা হৈছে ২২ হাজাৰ টকা৷ হাফিজুৰে সিদ্ধান্ত ল’লে এখন স্কুটী কিনাৰ৷ ভবা মতেই কাম৷ জমা কৰা খুচুৰা পইচাৰ ভাণ্ডাৰ বস্তাত ভৰাই ডীলাৰৰ ওচৰ পালেগৈ হাফিজুৰ৷ বৰপেটাৰোডৰ আল্পনা ছুজুকী নামৰ ডীলাৰৰ শ্ব’ৰূমত বৃহস্পতিবাৰে হাফিজুৰে কিনিলে এখন স্কুটী৷ স্কুটীখনৰ ডাউন পেমেণ্ট হিচাপে হাফিজুৰে আগবঢ়াই দিলে বস্তাত ভৰাই অনা ২২ হাজাৰ টকা মূল্যৰ খুচুৰা পইচাখিনি৷ শ্ব’ৰূমৰ কৰ্মচাৰীয়ে প্ৰায় চাৰি ঘণ্টা সময় ধৰি গণ্‌টি কৰি নিশ্চিত কৰিলে যে হাফিজুৰে কোৱাৰ দৰে তেওঁৰ বস্তাত আছে ২২ হাজাৰ টকা মূল্যৰ মুদ্ৰা৷ নাটকীয় পৰিৱেশত শ্ব’ৰূমৰ কৰ্মচাৰীয়ে ২২ হাজাৰ টকাৰ ডাউন পেমেণ্ট লৈ হাফিজুৰৰ হাতত গতাই দিলে স্কুটীৰ ছাবি৷ খুচুৰা পইচাৰে এইদৰে চমৎকাৰ কৰিলে হাফিজুৰে৷ এই ঘটনাই ক্ষুদ্ৰ সঞ্চয়কাৰীসকলক উৎসাহিত কৰাৰ লগতে সপোনৰ পিছত দৌৰা যুৱপ্ৰজন্মকো দিছে নতুন বাৰ্তা৷