Logo
image

বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে শিক্ষকৰ চাকৰি পোৱাতো সাংবিধানিক অধিকাৰ! শিক্ষামন্ত্ৰী পেগু

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ বিতৰ্কই পাছ নেৰা শিক্ষা বিভাগত পুনৰ সংঘটিত হৈছে নিযুক্তি কেলেংকাৰি৷ ৰাজ্যৰ লাখ লাখ নিবনুৱাই চাকৰি বিচাৰি দিনে-নিশাই হাবাথুৰি খাই থকাৰ সময়তে জাতি-মাটি-ভেটিৰ শ্লোগান আওৰোৱা বিজেপি মিত্ৰজোঁট চৰকাৰে এইবাৰ অসমৰ বিদ্যালয়সমূহত বহিঃৰাজ্যৰ প্ৰাৰ্থী নিযুক্তি দিবলৈ আৰম্ভ কৰিছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত উত্তৰ প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যৰ পৰা অহা হিন্দীভাষী শিক্ষকে এইবাৰ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অ-আ, ক-খ শিকাব৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এনে আজৱ কাণ্ড শেহতীয়াভাৱে পোহৰলৈ আহিছে, যেতিয়া বহিঃৰাজ্যৰ একাংশ প্ৰাৰ্থী হাতে হাতে চৰকাৰী নিযুক্তি পত্ৰ লৈ ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত যোগদান কৰিবলৈ উপস্থিত হয়৷ অসমীয়া ভাষা-সংস্কৃতিৰ নূ্ন্যতমো জ্ঞান নথকা হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সন্দীপ চন্দাৰ আৰু কৃষ্ণণ কুমাৰে অসমীয়া মাধ্যমৰ কাকপথাৰৰ ৰনং হাতীগড় প্ৰাথমিক বিদ্যালয় আৰু কাচিজান প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰিছে৷ শোণিতপুৰ জিলাৰ বংকামাৰী প্ৰাথমিক বিদ্যালয়ত হাৰিয়ানাৰ ব্ৰীজ মোহন চৌৱে নিযুক্তি লাভ কৰিছে৷ ঠিক তেনেদৰে যোৰহাটৰ প্ৰাথমিক বিদ্যালয়ৰ উত্তৰ প্ৰদেশৰ বসন্ত পাণ্ডে আৰু প্ৰবীন শুক্লা তথা ডিব্ৰুগড়ত প্ৰাথমিক বিদ্যালয়ত চনু আনচাৰীয়ে নিযুক্তি লাভ কৰে৷ বহিঃৰাজ্যৰ মুঠ ৬জন প্ৰাৰ্থীক প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিযুক্তিপত্ৰ প্ৰদান কৰিছে ১৮ জানুৱাৰীত৷ এই ঘটনাই ইতিমধ্যে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অসমীয়া ভাষাৰ নূ্যনতম জ্ঞান নথকা বহিঃৰাজ্যৰ এই ৬জন প্ৰাৰ্থীয়ে কিদৰে অসমীয়া ভাষাৰ বিদ্যালয়ত পাঠদান কৰিব তাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হৈছে৷ ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ আনহাতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি বহিঃৰাজ্যৰ প্ৰাৰ্থী নিযুক্তিৰ সমৰ্থনত মত প্ৰকাশ কৰি কয়– ‘এইখিনি নিযুক্তি ২০১৮ চনৰ বিজ্ঞাপনৰ ভিত্তিত দিয়া হৈছে৷ এই প্ৰাৰ্থীসকলক ২০২০ চনৰ জানুৱাৰী মাহত নিযুক্তি দিয়াৰ পাছত কেইজন প্ৰাৰ্থীয়ে উচ্ছ ন্যায়ালয়ত গোচৰ তৰে৷ উচ্ছ ন্যায়ালয়ত এই বিষয়ত আদালত অৱমাননাৰ গোচৰ এটাও ৰুজু হৈছিল৷ উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত এই নিযুক্তিখিনি দিয়া হৈছে৷ এই কথা তেওঁলোকৰ নিযুক্তি পত্ৰতো উল্লেখ আছে৷ সেই সময়ৰ নিয়ম বেলেগ আছিল আৰু এতিয়া বেলেগ হৈছে৷ আজিৰ তাৰিখত মহাবিদ্যালয় আৰু বিদ্যালয়সমূহত যিবোৰ নিযুক্তি হৈ আছে বা ভৱিষ্যতে হ’ব তাত অসমৰ থলুৱা প্ৰাৰ্থীয়ে যাতে চাকৰি পায় তাৰ বাবে অসমীয়া ভাষাৰ জ্ঞান বা যিটো মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰিব সেই মাধ্যমৰ ভাষাৰ জ্ঞান থাকিব লাগিব৷ বহিঃৰাজ্যৰ প্ৰাৰ্থী নিযুক্তিৰ বিষয়টো এটা ব্যতিক্ৰমী ঘটনা৷ উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত এই নিযুক্তি হৈছে৷ এইটো এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি সম্পূৰ্ণ হৈছে৷ আমি এখন সংবিধানৰ অধীনত আছো৷ দেশ এখন৷ মৌলিক অধিকাৰৰ ওপৰত ভিত্তি কৰি আদালতে এই নিযুক্তিৰ নিৰ্দেশ দিছে৷ এই নিযুক্তি তেওঁলোকৰ সাংবিধানিক অধিকাৰ৷ ইয়াক আমি মানি লৈছো৷ প্ৰাৰ্থীকেইজনৰ স্থানীয় ভাষা জানে নে নাই সেইটো বুজ লোৱা হ’ব৷ গোচৰ আৰু দুটামান আছে৷ উচ্ছ ন্যায়ালয়ে কৈছে যে যি মাধ্যমত নিযুক্তি হ’ব সেই মাধ্যমৰ জ্ঞানৰ পৰীক্ষা পৃথকে আমি ল’ব পাৰিম৷ যি মাধ্যমত প্ৰাৰ্থীকেইজনৰ নিযুক্তি হৈছে সেই মাধ্যমৰ পৰীক্ষা লোৱা হ’ব প্ৰাৰ্থী কেইজনৰ৷ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰাৰ্থীকেইজনক নিযুক্তি পত্ৰ দিয়া হৈছে৷ আনহাতে, নিযুক্তি লাভ কৰা বহিঃৰাজ্যৰ প্ৰাৰ্থীকেইজনে ৰাজ্য চৰকাৰকে দোষাৰোপ কৰি কয়– ‘আমি চি টে’ট উত্তীৰ্ণ হৈ ২০১৮ চনত নিযুক্তি প্ৰক্ৰিয়াত অংশ লৈছিলো৷ আমাক চৰকাৰে হিন্দী মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দিব লাগিছিল৷ বিজ্ঞাপন অনুসৰি আমি হিন্দী মাধ্যমৰ বিদ্যালয়ত নিযুক্তিৰ বাবে আবেদন কৰিছিলো৷ কিন্তু আমাক কিয় অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দিলে নাজানো৷ ফলত আমি এতিয়া অসুবিধাৰ সন্মুখীন হৈছো৷’ লক্ষ্যণীয়ভাৱে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে গোবিন বৰা নামৰ এজন অৱসৰ প্ৰাপ্ত শিক্ষকৰ বিপৰীতে বহিঃৰাজ্যৰ দুজনকৈ প্ৰাৰ্থীক নিযুক্তি দিছে৷ সুদীৰ্ঘ সময় ধৰি উচ্ছ ন্যায়ালয়ত সমগ্ৰ বিষয়টো বিচৰাধীন হৈ থকাৰ পাছতো ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ ক্ষেত্ৰত কিয় নিজৰ স্থিতিত স্পষ্ট কৰিব নোৱাৰিলে বা ন্যায়ালয়ক সৈমান কৰাব নোৱাৰিলে তাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হৈছে৷