Logo
image

সঘনাই প্ৰস্ৰাৱৰ সমস্যা থাকিলে এইবোৰ এৰাই চলক

বহু সময়ত দেখা যায় যে কিছুমান লোকে সঘনাই প্ৰস্ৰাৱ লগা সমস্যাত ভুগে৷ দীৰ্ঘ সময় বাছ বা ৰে’লেৰে যাতায়াত কৰাৰ সময়ত সঘনাই প্ৰস্ৰাৱ লাগিলে সমস্যাত পৰা যায়৷ এই ক্ষেত্ৰত পুৰুষসকলে নিজকে চম্ভালিব পাৰিলেও মহিলাসকল অস্বস্তিৰ সন্মুখীন হয়৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে সঘনাই প্ৰস্ৰাৱ লগাৰ এটা অন্যতম কাৰণ হৈছে দুৰ্বল মূত্ৰস্থলী [ব্লাডাৰ]৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্ৰস্ৰাৱ পৰীক্ষা কৰি চিকিৎসকৰ কাষ চাপক৷ কিছুমান খাদ্য আছে, যিবোৰ খালে সঘনাই প্ৰস্ৰাৱ লাগিব পাৰে৷ এনে খাদ্যৰ পৰা পৰাপক্ষত আঁতৰি থাকক৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই সঘনাই প্ৰস্ৰাৱ লগাৰ সমস্যা বঢ়ায়–

[১] কফিঃ মূত্ৰস্থলী অৰ্থাৎ ব্লাডাৰ ইনফেকশ্বনৰ সমস্যা থাকিলে পুৱাই কফি নাখাব৷ কফিত থকা কেফেইনে মূত্ৰস্থলীত প্ৰভাৱ পেলায়৷

[২] এলক’হলঃ নিতৌ সুৰাপান কৰিলে সঘনাই প্ৰস্ৰাৱ লাগে৷ সুৰাই যে অকল যকৃতৰ ক্ষতি কৰে সেয়া নহয়, ই মূত্ৰস্থলীত প্ৰভাৱ পেলায়৷ ফলত সঘনাই প্ৰস্ৰাৱ লাগে৷

[৩] ছ’ডাঃ মূত্ৰস্থলী ফুলি উঠা, মূত্ৰনলীৰ সংক্ৰমণ বা অ’এবি [অ’ভাৰ এক্টিভ ব্লাডাৰ] সমস্যা থাকিলে ছ’ডা নাখাব৷

[৪] এচিডিক ফলঃ ফল স্বাস্থ্যৰ বাবে খুবেই উপকাৰী৷ কিন্তু যদি মূত্ৰস্থলী বা ব্লাডাৰৰ সমস্যা থাকে তেন্তে নেমু, সুমথিৰা, বিলাহী, আপেল, আনাৰস আদি এচিডিক ফল খোৱাৰ পৰা বিৰত থাকক৷ এনে ফলে মূত্ৰনলীৰ সংক্ৰমণ বৃদ্ধি কৰে৷

[৫] মছলাযুক্ত খাদ্যঃ পিজ্জা, চিকেনকাৰী আদিৰ সৈতে অত্যধিক মছলা আৰু জলা নাখাব৷ মূত্ৰনলীৰ সংক্ৰমণ থাকিলে এনেবোৰ খাদ্যই ক্ষতি কৰে৷ ফলত সঘনাই প্ৰস্ৰাৱ লাগে৷