Logo
image

গুৱাহাটীৰ দুই যুৱতীৰ আলফাত যোগদানে কি সূচাইছে?

গুৱাহাটী মহানগৰীৰ দুই যুৱতী ৰুমী ডেকা আৰু সৰস্বতী দাসে প্ৰাইভেট কোম্পানীৰ কাম ত্যাগ কৰি হঠাৎ নিৰুদ্দেশ হ’ল৷ ইতিমধ্যে দুই যুৱতী ডিব্ৰুগড় হৈ ম্যানমাৰৰ আলফা শিবিৰত উপস্থিত হোৱাৰ কথা স্বয়ং আৰক্ষী সঞ্চালকপ্ৰধানে নিশ্চিত কৰিছে৷ কেৱল সেয়ে নহয়– আন কেইবাজনো নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়ে নিষিদ্ধ সংগঠনটোত ইতিমধ্যে যোগদান কৰাৰ বিষয়ে সঞ্চালকপ্ৰধানে সংবাদ মাধ্যমক অৱগত কৰিছে৷ প্ৰায় চাৰিটা দশকৰো অধিক কাল ৰক্তক্ষয়ী সংগ্ৰাম, সংঘাতে অসমক একপ্ৰকাৰ বধ্যভূমিত পৰিণত কৰাৰ পাছত ৰজা-প্ৰজা সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছিল যে ৰাজ্যখনলৈ শান্তিৰ বাতাবৰণ ঘূৰি আহিছে৷ সেনা-আৰক্ষীৰ ধাৰাবাহিক সন্ত্ৰাসবিৰোধী অভিযান, আলফাৰ দ্বাৰা সমান্তৰালকৈ প্ৰতিৰোধ, হত্যা, অপহৰণ আদি ঘটনাবোৰে অসমৰ দৰে সমস্যাজৰ্জৰ ৰাজ্য এখনক কিমান দূৰলৈ পিছুৱাই নিলে সেই সম্পৰ্কে অধিক ব্যাখ্যাৰ প্ৰয়োজন নাই৷ উল্লেখ্য, বিগত এই সময়ছোৱাত আলফাৰ উপৰি নতুনকৈ জন্ম হোৱা আন বহুকেইটা উগ্ৰপন্থী সংগঠনেও ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে সৃষ্টি কৰিছিল এক বিভীষিকাময় পৰিৱেশ৷ এনএছচিএনৰ লগতে এনডিএফবিৰ দৰে উগ্ৰপন্থী সংগঠনেও বিগত বহুকেইটা দশকজুৰি অসমত এক তিক্তময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল৷ ইয়াৰে ভিতৰত এনডিএফবিয়ে অস্ত্ৰ সম্বৰণ কৰিছে যদিও এনএছচিএনে ইয়াৰ পৰা এই পৰ্যন্ত বিৰত আছে আৰু স্বাধীন নাগালিমৰ দাবীত অটুট থাকি কেন্দ্ৰ চৰকাৰৰ সৈতে মাজে সময়ে আলোচনা অব্যাহত ৰাখিছে৷ প্ৰণিধানযোগ্য ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পৰা পৰেশ বৰুৱাৰ শান্তি আলোচনাৰ প্ৰতি সঁহাৰি আৰু একপক্ষীয় যুদ্ধবিৰতিয়ে এক যোগাত্মক পৰিৱেশৰ সূচনা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ আহ৩ানমৰ্মে ‘কুইপ’ নামৰ ব্যক্তিগত খণ্ডৰ তৈল প্ৰতিষ্ঠানটোৰ দুই অভিযন্তাক অৰুণাচলৰ পৰা অপহৰণ কৰাৰ পাছত আলফাই মুকলি কৰি দিছিল৷ আলফা স্বাধীনৰ লগতে কে এল অ’কে ধৰি এতিয়ালৈকে আলোচনাৰ মেজলৈ নহা কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সৈতে আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰীকে দায়িত্ব ন্যস্ত কৰিছে৷ কেইবা দশকজোৰা এক কৰুণ অধ্যায়ৰ পৰিসমাপ্তি ঘটাই শান্তিৰ পৰিৱেশ ঘূৰাই আনি উন্নয়নৰ বাটে বাট বোলাৰ সময়তে পুনৰ নতুন প্ৰজন্মৰ শিক্ষিত যুৱক-যুৱতীয়ে আলফালৈ কিয় গৈছে সেয়া নিতান্তই চিন্তনীয় বিষয়৷ কোৱা বাহুল্য, অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ৩ানৰ সঁহাৰি জনাই পৰেশ বৰুৱাই একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছত ৰাজনৈতিক, প্ৰশাসনিক মহলৰ লগতে সাধাৰণ ৰাইজো আশ্বস্ত হৈছিল যে অস্ত্ৰৰ ঝন্‌ঝননিৰ অন্ত পৰিব৷ কিন্তু সেয়া কিমান দূৰ বাস্তৱায়িত হ’ব তাক পুনৰ সন্দিহান কৰি তুলিছে নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ আলফাত যোগদানে৷ স্বাভাৱিকতে এক প্ৰশ্নৰ উদয় হয়– দীৰ্ঘকালীন জোৰা সংগ্ৰামৰ ফলত আলফাই ধনে-জনে বহু হেৰুৱাই একপ্ৰকাৰ নিঃস্ব হৈ পৰিছিল৷ আলফাৰ বহু জ্যেষ্ঠ নেতাই মূলসূঁতিলৈ ঘূৰি অহা, সাধাৰণ ৰাইজৰ আলফাৰ প্ৰতি আস্থাহীনতা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় সহায় হ্ৰাস আদি বহু কাৰকৰ বাবে দুৰ্বল আলফাক পুনৰ শক্তিশালী কৰাৰ বাবে প্ৰয়োজন আছিল সময় আৰু উপযুক্ত পৰিৱেশৰ৷ তেনে এক কৌশল অৱলম্বন কৰি আলফা স্বাধীনে সংগঠনটোক পুনৰ শক্তিশালী কৰাৰ দিশটোকো নুই কৰিব নোৱাৰি৷ তাৎপৰ্যৰ বিষয় কম বয়সীয়া যুৱক-যুৱতীৰ এটা চামে পূৰ্বতে আলফাত যোগদান কৰাৰ অন্তৰালত আছিল গভীৰ দেশপ্ৰেম তথা নিজৰ ৰাজ্যখনৰ বাবে কিবা এটা কৰাৰ ইচ্ছা৷ এচামে এই পন্থা বাছি লৈছিল আত্মসংস্থান নোপোৱাৰ বাবে, অস্ত্ৰ চোৱাৰ হেঁপাহৰ বাবে৷ একাংশই কোনো লক্ষ্য স্থিৰ নকৰাকৈ বিশেষ নভবা-নিচিন্তাকৈ আলফাত যোগদান কৰিছিল৷ কিন্তু তেতিয়াৰ আৰ্থ-সামাজিক পৰিৱেশ-পৰিস্থিতিৰ তুলনাত এতিয়া বহুত তফাৎ৷ শিক্ষিত লোকৰ সংখ্যা বহু বৃদ্ধি পাইছে, কিন্তু ৰোজগাৰ নাই৷ স্নাতকোত্তৰ, আভিযান্ত্ৰিক ডিগ্ৰীধাৰী, স্নাতক যুৱক-যুৱতীয়ে চতুৰ্থবৰ্গৰ পদৰ বাবে আবেদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমত৷ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষা অসম ২০২০-২১ মতে স্কুল ড্ৰপআউট, কলেজ ড্ৰপআউটৰ সংখ্যা বৃদ্ধি পাইছে৷ যোৱা উচ্ছ মাধ্যমিক, উচ্ছতৰ মাাধ্যমিকৰ ৯০ শতাংশৰ অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ পাছত এইখিনি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানসমূহত আসন পাবনে তাক লৈ বহু আলোচনা হৈছিল৷ কিন্তু অধিকাংশ শিক্ষানুষ্ঠানতে আসন খালী থাকিল৷ অনিশ্চিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ‘পঢ়ি কি লাভ হ’ব’ এনে এক ভাবৰো এচামৰ মনত উদ্ৰেক হোৱাটো উদ্বেগজনক৷ আনহাতে, ক’ভিড অতিমাৰীৰ বাবে বহু ক্ষুদ্ৰ ব্যৱসায়ত জড়িত লোকে কৰ্মসংস্থান হেৰুৱাইছে৷ তাৰ মাজতে কৰ-কাটলৰ অবিশ্বাস্য বোজায়ো বহুতৰে জীৱন দুৰ্বিসহ কৰি তুলিছে৷ সামগ্ৰিকভাৱে আৰ্থ-সামাজিক পৰিস্থিতিৰ এনে অৱনমনৰ ফলত কিছু পৰিয়ালৰ সন্তানে আলফাৰ দৰে নিষিদ্ধ সংগঠনলৈ ধাৱমান হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ গুৱাহাটীৰ খাৰঘুলিৰ পৰা আলফাৰ শিবিৰলৈ যোৱা ৰুমী ডেকাৰ মাতৃয়ে তেওঁৰ সন্তানে সশস্ত্ৰ সংগ্ৰামৰ গ্ৰন্থ অধ্যয়ন কৰাৰ বিষয়ে ব্যক্ত কৰিছে৷ তেনে এচাম ল’ৰা-ছোৱালীয়ে ভুলেই হওক শুদ্ধই হওক সেই আদৰ্শৰ তাড়নাত আলফালৈ গৈছে৷ চৰকাৰে সমগ্ৰ দিশ চালিজাৰি চাই ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ বহু ভাগিনে এনে পথ বিচাৰি ল’লে বিড়ম্বনা একো নাথাকিব ।