Logo
image

‘শত্ৰু’ চীনৰ পৰা ব্যাপক আমদানি ভাৰতৰ

এপ্‌ছ নিষিদ্ধ, গালৱান সংঘৰ্ষৰ মাজতে বাৰ্ষিক বাণিজ্য ১২৫ বিলিয়নলৈ বৃদ্ধি

‘আমাৰ অসম, ২১ফেব্ৰুৱাৰীঃ ২০২০ চনৰ ১৫ জুনত গালৱান উপত্যকাত চীন আৰু ভাৰতৰ মাজত সংঘটিত সংঘৰ্ষত এজন মেজৰসহ ২০ জন ভাৰতীয় সেনাক চীনৰ সেনাই মৰিয়াই হত্যা কৰিছিল৷ এই ঘটনাৰ পাছতে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ নেতৃত্বত সমগ্ৰ দেশজুৰি জাতীয়তাবাদৰ ঢৌ উঠিছিল৷ আনকি চীনৰ ওপৰত ভাৰতৰ ক্ৰোধৰ বহ্নিৰ বহিপ্ৰকাশ ঘটাই মোদী চৰকাৰে ভাৰতত জনপ্ৰিয় অসংখ্য চীনা মবাইল এপ নিষিদ্ধ  কৰিছিল৷ বিজেপিৰ সমৰ্থক আৰু দেশৰ নাগৰিকক দেখুৱাই মোদী চৰকাৰে মবাইল এপ নিষিদ্ধ কৰি জনপ্ৰিয়তা অৰ্জন কৰিলে ঠিকেই, কিন্তু ২০২১þ বৰ্ষত ভাৰতে চীনৰ সৈতে থকা বাণিজ্যিক লেনদেন অভূতপূৰ্বভাৱে বৃদ্ধি কৰিলে৷ দুবছৰৰ পূৰ্বে চীন আৰু ভাৰতৰ মাজৰ বাণিজ্যিক লেনদেন আছিল ৯২.৮ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমানৰ৷ কিন্তু গালৱান সংঘৰ্ষৰ পাছত ২০২১ চনত দুয়োদেশৰ বাণিজ্যিক লেনদেন বৃদ্ধি পালে ১২৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ৷ গালৱানত সংঘটিত ভয়ানক সংঘৰ্ষৰ পাছতে চীনলৈ ভাৰতে প্ৰেৰণ কৰা শাক-পাচলি, ফলমূলৰ ট্ৰাক দীঘলীয়া শাৰীত সীমান্তত থিয় হৈ থকাৰ ফটো দেখি ভাৰতবাসীয়ে সন্তুষ্টি লাভ কৰিছিল৷ কেইবাশতাধিক চীনা এপ নিষিদ্ধ কৰা দেখি অনেকেই আনন্দত জপিয়াই উঠিছিল৷ এই ভাবি যে বিচক্ষণ নৰেন্দ্ৰ মোদী চৰকাৰে এইবাৰ চীনক ‘ভাতে মাৰিব’লৈ চমৎকাৰ পদক্ষেপ লৈছে৷ কিন্তু গালৱানৰ সেই ঘটনাৰ ডেৰবছৰ অতিক্ৰম কৰাৰ পাছত নৰেন্দ্ৰ মোদী চৰকাৰৰ ৰঙা চীনৰ প্ৰতি দপদপকৈ জ্বলি উঠা ক্ৰোধৰ বহ্নি ধানখেৰৰ জুইত পানী পৰাৰ দৰে নিৰ্বাপিত হ’ল৷ কিবা যাদুৰ বলত নিষিদ্ধ চীনা এপবোৰ এতিয়া ভাৰতত পুনৰ জী উঠিল৷ সাধাৰণ লোকৰ কথা বাদেই, এতিয়া দেশৰ বা ৰাজ্যৰ শীৰ্ষতম মন্ত্ৰীয়েও চীনা এপ নিয়মিতভাৱে ব্যৱহাৰ কৰি আছে৷ ৰাজ্যৰ শীৰ্ষস্থানীয় মন্ত্ৰীয়ে সংবাদ মাধ্যমলৈ নথি প্ৰেৰণ কৰে নিষিদ্ধ চীনা এপ ‘কেমস্কেনাৰ’ত ফটো তুলি৷ দ্বিপাক্ষিক বাণিজ্য বন্ধ বা নিষিদ্ধ কৰাৰ সাহস মোদী চৰকাৰৰ নাছিল, ঘাইকৈ চীনে আন্তৰ্জাতিক বাণিজ্যিক সংস্থা বা আইটি অ’ৰ ওচৰত ভাৰতৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ ভয়ত৷ কিন্তু চীনক ‘ভাতে মাৰিবলৈ’ আন্তৰিকভাৱে ইচ্ছুক হোৱা হ’লে মোদী চৰকাৰে ব্যৱসায়িক  লেনদেন সীমিত কৰিব পাৰিলেহেঁতেন৷ পিছে বাণিজ্যিক লেনদেন হ্ৰাস কৰা দূৰৰ কথা, ২০২১ চনত ভাৰতে চীনৰ সৈতে দ্বিপাক্ষিক বাণিজ্যিক লেন-দেন অভূতপূৰ্বভাৱে বৃদ্ধিহে কৰিলে৷

২০২১ চনত চীন-ভাৰতৰ বাণিজ্যিক লেন-দেন ১২৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পালে৷ দ্বিপাক্ষিক এই লেন-দেনটো আক্ষৰিক অৰ্থত চীনেই লাভান্বিত হৈছে৷ কিয়নো এই ১২৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ভিতৰত চীনে ভাৰতলৈ ৰপ্তানি কৰিছে ১০০ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমানৰ সামগ্ৰী৷ ভাৰতে চীনলৈ ৰপ্তানি কৰিছে মাথোঁ ২৫ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী৷ চীনৰ ‘জেনেৰেল এডমিনিষ্টে˜চন অব কাষ্টমছে’ [জি এ চি] অলপতে উভয় দেশৰ বাণিজ্যিক লেন-দেনৰ যি চৰকাৰী নথি প্ৰকাশ কৰিছে, তাতে দেখা গৈছে ভাৰত আৰু চীনৰ বৰ্ধিত লেন-দেনৰ ৰূপ, য’ত চীনেই আছে শীৰ্ষত৷ ২০২০ চনত উভয় দেশৰ মাজত উত্তেজনা অব্যাহত আছিল আৰু ক’ভিড অতিমাৰীৰ ফলতো দ্বিপাক্ষিক বাণিজ্যিক লেন-দেন পূৰ্বৰ বছৰৰ তুলনাত ৮৭.৬ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছিল৷ ২০১৯ চনত দ্বিপাক্ষিক বাণিজ্যিক লেন-দেন আছিল ৯২.৮ বিলিয়ন মাৰ্কিন ডলাৰ৷ কিন্তু গালৱানৰ মাধমাৰ পাহৰি মোদী চৰকাৰে ২০২১ চনত চীনৰ পৰা ইমানেই ব্যাপক হাৰত সামগ্ৰী আমদানি কৰিলে যে, বছৰটোৰ শেষত ‘শত্ৰু’ দেশখনে ভাৰতক বিভিন্ন সামগ্ৰী বিক্ৰী কৰি ১০০ বিলিয়ন মাৰ্কিন ডলাৰ ধন ঘটিলে৷ অথচ ভাৰতে চীনক সামগ্ৰী বিক্ৰী কৰি বছৰটোতপালে মাথোঁ ২৫ বিলিয়ন মাৰ্কিন ডলাৰ৷ 

প্ৰকৃততে চীনত ভাৰতীয় সামগ্ৰীৰ তেনে কোনো চাহিদাই নাই৷ চীনলৈ ভাৰতে ৰপ্তানি কৰে লোৰ আকৰ, কপাহ, বিভিন্ন ধৰণৰ কেঁচা মাল৷ তদুপৰি ভাৰতে সামান্য পৰিমাণে শাক-পাচলি, ফল-মুল ইত্যাদি চীনলৈ ৰপ্তানি কৰে৷ চীনে ভাৰতৰ পৰা ব্যাপক হাৰত ৰপ্তানিকৃত সামগ্ৰীৰ জৰিয়তে ধন ঘটি থাকিলেও ভাৰতৰ পৰা সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত চীন অতিশয় সাৱধান৷ ভাৰতে যাতে চীনক সামগ্ৰী বিক্ৰী কৰি লাভান্বিত হ’ব নোৱাৰে, প্ৰচুৰ পৰিমাণত যাতে বিদেশী মুদ্ৰা আয় কৰিব নোৱাৰে, সেই দিশত চীন সদা-সতৰ্ক৷ সেয়ে মোদী চৰকাৰে ইচ্ছা কৰিলেও চীনলৈ সামগ্ৰী ৰপ্তানি কৰি প্ৰচুৰ বিদেশী মুদ্ৰা আহৰণ কৰিব নোৱাৰে৷ সেই পথ চীনে সীমিত কৰি ৰাখিছে৷ আনহাতে চীনে ভাৰতলৈ বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি কৰি ভাৰতীয় বজাৰখন দখল কৰি লৈছে৷ ২০২১ চনত ভাৰতক চীনে ৩১৮ নিযুত মাৰ্কিন ডলাৰৰ কাগজ, পেপাৰবৰ্ড, পাল্প পেপাৰ, পাল্প বৰ্ড, ম’বাইল ফোন, ম’বাইল ফোনৰ পাৰ্টছ, ৩১৫ নিযুত মাৰ্কিন ডলাৰৰ হস্তনিৰ্মিত ষ্টেপল ফাইবাৰ, ২৯৯ নিযুত মাৰ্কিন ডলাৰৰ চিলোৱা আৰু নিচিলোৱা থান কাপোৰ, ২৯৫ নিযুত মাৰ্কিন ডলাৰৰ পুতলা, খেলনা, ক্ৰীড়াৰ সামগ্ৰী বিক্ৰী কৰে৷ ইয়াৰ উপৰি চীনে আন বিভিন্ন সামগ্ৰী ভাৰতলৈ ৰপ্তানি কৰে৷ 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰবাত ভাষণ দিবলৈ সুযোগ পালেই মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কয়৷ অসমৰ কৰবাৰ চুকৰ গাঁৱত কোনো ধনীৰামে বাঁহৰ চাইকেল নিৰ্মাণ কৰিলে প্ৰধান মন্ত্ৰীয়ে তেওঁৰ সৈতে টেলি কনফাৰেন্সত কথা পাতি আত্মনিৰ্ভৰশীল হ’বলৈ উৎসাহিত কৰে৷ সমগ্ৰ দেশবাসীক কেনেকৈ পকৰিৰ দোকান দি আত্মনিৰ্ভৰশীল হ’ব পাৰি সেয়া বুজাই দিয়ে৷ কথাই কথাই মোদীয়ে মেক ইন ইণ্ডিয়াৰ কথা কয়, আনকি সেই প্ৰসংগ থাকে স্বাধীনতা দিৱসৰ ভাষণ আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ভাষণতো৷ পিছে ছুইজাৰলেণ্ডৰ ‘কেণ্ট’নেল বেংক অৱ জুৰিখ’ৰ লগৰ পৰা চুৰি কৰি আনি মেক ইন ইণ্ডিয়াৰ লগ’ তৈয়াৰ কৰা মোদী চৰকাৰৰ মেক ইন ইণ্ডিয়াৰ প্ৰকৃত ৰূপ কি সেয়া ভাৰত-চীন দ্বিপাক্ষিক বাণিজ্যৰ চেহেৰা আৰু আমদানি ৰপ্তানিতে সকলোৰে বাবে তেনে স্পষ্ট আৰু মুকলি হৈ পৰিছে৷ আনহে নালাগে, হায়দৰাবাদৰ ৰামানুচাৰ্যৰ মূৰ্তি আৰু ষ্টেছু অব ইকুৱেলিটীৰ বাবে প্ৰয়োজনীয় লোহাও মোদী চৰকাৰে চীনৰ পৰা আমদানি কৰি আনিব লগীয়া হৈছে৷ যোৱা প্ত ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে হায়দৰাবাদত উক্ত মূৰ্তি উন্মোচন কৰাৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সেই মূৰ্তি আৰু ষ্টেচু অৱ ইউনিটীৰ নিৰ্মাণৰ লোহা চীনৰ পৰা আমদানি কৰা বুলি টুইট কৰাৰ লগে লগে হুলস্থূলৰ সৃষ্টি হৈছিল৷ কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাহুল গান্ধীৰ বক্তব্যৰ স্পষ্টীকৰণ দিবলৈ গৈ কৈছিল যে, ষ্টেচু অৱ ইউনিটী আৰু হায়দৰাবাদৰ সেই মূৰ্তি বেচৰকাৰী সংগঠনে নিৰ্মাণ কৰিছে৷ সেয়ে চৰকাৰ এই ক্ষেত্ৰত দায়বদ্ধ নহয়৷ মোদী চৰকাৰে এনেদৰে স্পষ্টীকৰণ আগবঢ়ালেও মোদীৰ মেক ইন ইণ্ডিয়া যে ফ্লপ আৰু ভাৰত পুৰামাত্ৰাই চীনৰ ওপৰত নিৰ্ভৰশীল সেয়া এই দ্বিপাক্ষিক বাণিজ্যিক লেন-দেনে স্পষ্ট কৰি দিছে৷