Logo
image

সদ্‌গুৰুৰ আশীৰ্বাদ লৈ মণিপুৰত সৰ্বানন্দ

আমাৰ অসম, ২১ ফেব্ৰুৱাৰীঃ সদ্‌গুৰুৰ আৰ্শীবাদ শিৰত লৈ আজি মণিপুৰত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলথ তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উল্লেখ্য যে শনিবাৰে নতুন দিল্লীৰ  চৰকাৰী বাসগৃহত উপস্থিত হয় সদ্‌গুৰু৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফুলাম গামোছা, শৰাই, চেলেং আদিৰে সদ্‌গুৰুক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰে৷ সদ্‌গুৰুৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত থকা গছ বন, তৰুতৃণ, লতা আদি পৰিদৰ্শন কৰে৷ উল্লেখ্য যে শনিবাৰে সদ্‌গুৰুৰ আৰ্শীবাদ শিৰত লৈ দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মণিপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয়৷ মন্ত্ৰীজনে ৱাবাগাই আৰু থাংগা সমষ্টি নিৰ্বাচনী প্ৰচাৰ চলায়৷ নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া ভাষণত সোণোৱালে পাঁচ বছৰৰ পৰ্বে মণিপুৰৰ জনতাক দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে সভাত উপস্থিত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিশেষ শলাগ লয়৷ সিঙৰ নেতৃত্বতে মণিপুৰৰ ৰাইজে আজি সুখ-শান্তিৰে বসবাস কৰাৰ বাতাবাৰণ ঘূৰাই পাইছে বুলি সোণোৱালে উল্লেখ কৰে৷  দুয়োখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ৰাইজৰ বিপুল উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰে সোণোৱালে৷ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতত্বত ভাৰতবৰ্ষই এছিয়াতে নহয়, সমগ্ৰ বিশ্বতে নিজৰ গৌৰৱ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ প্ৰধানমন্ত্ৰীৰ সদিচ্ছা, আন্তৰিকতা, আৰু এন বীৰেন সিঙৰ সফল নেতৃত্বত মণিপুৰলৈ উভতি আহিছে স্থায়ী শান্তিৰ পৰিৱেশ, যিয়ে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ পথ প্ৰশস্ত কৰিছে৷ কন্যাকুমাৰীৰ পৰা জন্মু-কাশ্মীৰ, লাডাখলৈ আৰু অৰুণাচাল প্ৰদেশৰ পৰা গুজাৰটলৈ বিস্তৃত এই বিশাল দেশখনত বসবাস কৰা বিভিন্ন বৰ্গৰ লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন যুগান্তকাৰী পদক্ষেপ লোৱাৰ কথাও সোণোৱালে ভাষণত উল্লেখ কৰে৷ নিজস্ব স্বকীয়তাৰে পৰিচিত মণিপুৰৰ যুৱ তথা নাৰী সমাজক  সোণোৱালে প্ৰশংসাৰে ওপচাই পেলায়৷ খেলজগতত মণিপুৰৰ খেলুৱৈৰ দপদপনিৰ কথাও তেওঁ বিশেষভাৱে উল্লেখ কৰে৷ তদুপৰি মনোৰম ল’কটক হ্ৰদক ঈশ্বৰে মণিপুৰক দিয়া অনন্য উপহাৰ হিচাপে অভিহিত কৰি সোণোৱালে হ্ৰদটোৰ বিশ্বমুখী পৰ্যটন বৃদ্ধি কৰাৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে৷ কংগ্ৰেছৰ কাৰ্যকালত মণিপুৰ বন্ধ, কাৰ্ফিউ, হত্যা-হিংসা, অশান্তি, নিবনুৱা সমস্যা আদি বিভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ থকাৰ কথা কৈ মন্ত্ৰী সোণোৱালে আক্ষেপ প্ৰকাশ কৰে আৰু তেওঁ কয় যে এইবোৰৰ বাবেই কংগ্ৰেছক মণিপুৰৰ ৰাইজে দূৰলৈ আঁতৰাই পঠাইছে আৰু বিজেপিক আন্তৰিকতাৰে আদৰি লৈছে৷ দেশৰ অষ্টলক্ষ্মী উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শক্তিশালী প্ৰদেশ হিচাপে মিণুৰৰ সম্ভাৱনা অপৰিসীম বুলি সোণোৱালে ব্যক্ত কৰে৷ বিজেপি যেতিয়ালৈকে মণিপুৰত থাকিব, সদায়ে ৰাজ্যখনৰ কুশল আৰু আৰু ৰাইজৰ সেৱাৰ্থে সমৰ্পিত হৈ কাম কৰি যাব বুলি তেখেতে দৃঢ় বিশ্বাস প্ৰকট কৰে৷ আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগতে সামগ্ৰিকভাৱে উপস্থিত থাকে ত্ৰিপুৰা প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক, মণিপুৰ বিজেপিৰ সভানেত্ৰী অধিকাৰী মায়ুম সাৰদা দেৱী, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, দলীয় জ্যেষ্ঠ নেতা, কাৰ্যকৰ্তাসকল প্ৰমুখ্যে হিলদল ভাঙি অহা মণিপুৰৰ ভোটাৰ ৰাইজ৷