Logo
image

চকুৰ পতা কঁপাৰ কাৰণ হ’ব পাৰে এইবোৰ স্বাস্থ্য সমস্যা

চকুৰ পতা বেছিকৈ কঁপিলে বহুতে অশুভ দিন অহা বুলি ভাবে৷ চিকিৎসা বিজ্ঞানৰ মতে এই ধাৰণা ভুল৷ মূলতঃ পেশী সংকোচনৰ ফলত চকুৰ পতাত কঁপনি উঠে৷ ডাক্তৰী ভাষাত ইয়াক ‘মিয়’কিমিয়া’ ৰোগ বুলি কোৱা হয়৷ দিনত এবাৰ বা দুবাৰ চকুৰ পতা কঁপাটো অস্বাভাৱিক হ’ব নোৱাৰে৷ কিন্তু অত্যধিক বা যদি সঘনাই চকুৰ পতা কঁপিবলৈ লয়, তেন্তে চিকিৎসকৰ কাষ চপা উচিত৷ চকুৰ পতা সঘনাই কঁপাটো মাৰাত্মক স্বাস্থ্য সমস্যাৰ লক্ষণ৷ উল্লেখ কৰা হ’ল এনে স্বাস্থ্য সমস্যাসমূহ– 

[১] অত্যধিক মানসিক চাপত থাকিলে সঘনাই চকুৰ পতা কঁপিব পাৰে৷ 

[২] টোপনি কম হ’লে বা কোনো কাৰণত ভাগৰ লাগিলে চকুৰ পতা কঁপিবলৈ আৰম্ভ কৰে৷

[৩] যিসকলৰ চকুৰ এলাৰ্জি আছে তেওঁলোকৰ চকু অনবৰতে খঁজুৱাই থাকে৷ ফলত চকুৰ পৰা ওলাই অহা পানীৰ সৈতে হিষ্টামিন নামৰ এবিধ উপাদান নিৰ্গত হয়৷ ইয়াৰ বাবে চকুৰ পতা কঁপিবলৈ আৰম্ভ কৰে৷

[৪] কেফেইন বা এলক’হলৰ অত্যধিক সেৱনৰ ফলতো চকুৰ পতা কঁপিব পাৰে৷ সেয়ে এইবোৰৰ পৰা আঁতৰি থকাই ভাল৷

[৫] কম্পিউটাৰৰ স্ক্ৰীণ একেৰাহে চাই থাকিলে অথবা চকুত কণ্টেক্ট লেন্স ঠিকমতে নবহিলে অথবা বয়সজনিত কাৰণত চকুৰ স্নায়ু দুৰ্বল হৈ পৰিলে চকুৰ পতা কঁপিবলৈ আৰম্ভ কৰে৷

[৬] পুষ্টিৰ ভাৰসাম্যহীনতাও চকুৰ পতা কঁপাৰ এটা কাৰণ হ’ব পাৰে৷ বিশেষকৈ মেগনেছিয়ামৰ অভাৱ ঘটিলে চকুৰ পতা কঁপে৷

[৭] দৃষ্টিগত সমস্যা থাকিলে চকুত প্ৰভাৱ পেলায়৷ একেৰাহে বহু সময় টিভি, কম্পিউটাৰ, স্মাৰ্টফোন আদি চাই থাকিলে দৃষ্টিশক্তিত নেতিবাচক প্ৰভাৱ পৰা আৰম্ভ হয়৷ ফলত চকুৰ পতা কঁপি উঠিব পাৰে৷