কলেজ শিক্ষকৰ চাকৰিৰ বিজ্ঞাপন
বহুদিন নিযুক্তি বন্ধ থকাৰ পাছত অসম চৰকাৰে কলেজবোৰত খালী থকা শিক্ষকৰ পদৰ বাবে আৱেদন বিচাৰিবলৈ অনুমতি দিছে৷ সেয়েহে যোৱা কিছুদিন ধৰি ভালেমান কলেজে বাতৰিকাকতত শিক্ষক পদৰ বাবে বিজ্ঞাপন দিয়া দেখা গৈছে৷ এয়া উচ্ছশিক্ষা জগতৰ বাবে এক সুখবৰ যদিও এই বিষয়ত বিভিন্ন অভিযোগো উত্থাপন হোৱা দেখা গৈছে৷
কেন্দ্ৰীয় সংস্থা আৰু শীৰ্ষ আদালতৰ নিৰ্দেশমতে কলেজ শিক্ষকৰ পদত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ আগতে দেখা মতে, বহু বিষয়ত সংৰক্ষিত পদৰ বাবে প্ৰাৰ্থী নথকাত সিবিলাক পূৰণ নোহোৱাকৈ থাকি গৈছে৷ তেনে কাৰণতে এইবাৰ খালী পদৰ সংখ্যা বেছি হোৱা দেখা গৈছে৷ এইবাৰো একে নিয়মেৰে নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে৷ গতিকে এইবাৰো বহু পদ পূৰণ নোহোৱাকৈ থাকি যোৱাৰ সম্ভাৱনা আছে/ এইক্ষেত্ৰত নতুন নীতি প্ৰস্তুত নকৰিলে হয়তো বহু বছৰলৈ বিজ্ঞাপন দি থকাৰ একে কাৰবাৰ চলি থাকিব৷ এফ আৰ বি এম[FRBত্ত] আইনৰ বাবে আজিকালি এটা পদৰ বাবে এজন প্ৰাৰ্থীকহে নিযুক্তিৰ বাবে বাছনি কৰা হয়৷ মেধাসম্পন্ন কোনো প্ৰাৰ্থীয়ে কেইবাখনো কলেজত নিযুক্তি পাব পাৰে/ তেনে অৱস্থাত বাছনিত উঠা প্ৰাৰ্থীজনে এখন কলেজত যোগদান কৰিলে আনকেইখন কলেজত নিযুক্তি প্ৰক্ৰিয়াটোৱেই বাতিল হৈ যাবলগীয়া হয় আৰু পদবোৰ পূৰণ নোহোৱাকৈ থাকি যায়৷ আইনৰ বাধা নথকা হ’লে কেন্দ্ৰীয়ভাৱে নিযুক্তিৰ ব্যৱস্থা কৰি সকলো পদ পূৰণৰ ব্যৱস্থা কৰিব পৰা গ’লহেঁতেন/ উচ্ছশিক্ষাৰ স্বাৰ্থতে কলেজবোৰত শিক্ষকৰ কেন্দ্ৰীয় নিযুক্তিৰ ব্যৱস্থা কৰাটো প্ৰয়োজন হৈছে৷
কিছুমান কলেজৰ নিজস্ব ক্ৰটি বা শিক্ষা বিভাগৰ হেমাহিৰ বাবে সংৰক্ষিত পদৰ তালিকা প্ৰস্তুত হৈ উঠা নাই৷ তেনে কাৰণতে ভালেমান কলেজে এতিয়াও বিজ্ঞাপন প্ৰকাশ কৰিব পৰা নাই বুলি জনা গৈছে৷ অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে সিবিলাক কলেজ সমস্যাৰ মাজত থাকি যাব/
শিক্ষক পদৰ বাবে নিৰ্দিষ্ট যোগ্যতা বিচৰা হয়৷ তেনেক্ষেত্ৰত একেখিনি কথাকে উল্লেখ কৰি সকলো কলেজে ডাঙৰ-দীঘলকৈ বিজ্ঞাপন দিয়া দেখা গৈছে৷ বিজ্ঞাপন আৰু নিযুক্তি প্ৰক্ৰিয়াৰ ব্যয় বাঢ়ি যোৱাৰ বাবে ব্যয়ৰ বোজা জাপি দিয়া হৈছে উচ্ছশিক্ষিত নিবনুৱাসকলৰ ওপৰত৷ একোটা পদত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ পৰা দুই-তিনি হাজাৰকৈ মাচুল বিচৰা হৈছে৷ অথচ, প্ৰতিখন কলেজে অতি চুটিকৈ বিজ্ঞাপন দি বাকী কথাবোৰ নিজৰ নিজৰ ৱেবছাইটত দিব পাৰিলেহেঁতেন/ এইক্ষেত্ৰত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাটো বাঞ্ছনীয় আছিল৷
একে প্ৰসংগতে শুনা আন এক অভিযোগ হ’ল কলেজ শিক্ষক পদৰ বাবে সাক্ষাৎকাৰত নম্বৰ প্ৰায় নাইকিয়া কৰিছে, যিটো বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামৰ্শৰ বিপৰীত হৈছে৷
আন এক ৰাজহুৱা অভিযোগ হ’ল– বহুত কলেজে ছাত্ৰ-ছাত্ৰী নথকা বিভাগতো শিক্ষক পদৰ বাবে আৱেদন বিচাৰিছে, যিটো বিষয় চৰকাৰে জৰুৰীভাৱে তদন্ত কৰিব লাগিছিল৷ চৰকাৰী ধনৰ শৰাধৰ এনে ব্যৱস্থা যথেষ্ট ক্ষতিকাৰক৷ ক’ভিড কালত কৰ্মসংস্কৃতি ভাগি পৰা ৰাজ্যখনত কলেজবোৰে নিজৰ চৌহদত কৰ্মসংস্কৃতি ঘূৰাই আনি আনৰ বাবে উদাহৰণ হিচাপে থিয় হ’ব লাগিছিল৷ সেইটো কৰা হোৱা নাই৷ বৰঞ্চ ওলোটাহে হোৱা দেখি থকা হৈছে৷
একোজন কলেজ শিক্ষকক দিয়া দৰমহাখিনিৰে কমেও দহজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক নিয়োগ কৰিব পৰা যায়৷ তেনেক্ষেত্ৰত একো কাম নকৰাকৈ কলেজত সময় অতিবাহিত কৰা বা কলেজলৈ নোযোৱাকৈ থকা কিছুসংখ্যক শিক্ষকে জানি বা নাজানি উচ্ছশিক্ষাৰ অধঃপতন মাতিছে৷ ‘আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়’ বুলি অসমীয়া প্ৰবচনত কোৱা হয়৷ সেয়েহে অপচয় ৰোধ আৰু কৰ্মসংস্কৃতি নিৰ্মাণৰ স্বাৰ্থতে কলেজ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰ আৰু সংশ্লিষ্ট সকলো পক্ষ সচেতন হোৱা দৰকাৰ৷






