Logo
image

অমিতা উপকাৰী কিন্তু কিছু ক্ষেত্ৰত ক্ষতিকাৰক

অমিতাৰ উপকাৰিতা সম্পৰ্কে প্ৰায়ভাগ লোকেই অৱগত৷ কেঁচাই হওক বা পকাই হওক, অমিতা সুস্বাদু আৰু পুষ্টিকৰ ফল৷ ডায়েটাৰি ফাইবাৰ, ভিটামিন আৰু পৰ্যাপ্ত খনিজ উপাদানেৰে ভৰপূৰ ফলবিধেই হৈছে অমিতা৷ বছৰৰ সকলো সময়তে পাব পৰা এইবিধ ফল সুস্বাস্থ্যৰ বাবে অতি উপকাৰী৷ পুৱা-দুপৰীয়া বা বিয়লিয়েই হওক, অমিতা যিকোনো সময়তে খাব পৰা যায়৷ হৃদৰোগ, কৰ্কট, ডায়েবেটিছ, নিম্ন ৰক্তচাপৰ আশংকা হ্ৰাস কৰাৰ লগতে অমিতাই দেহৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখে৷ অমিতা স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও কিছুক্ষেত্ৰত ই ক্ষতিকাৰক৷ উল্লেখ কৰা হ’ল কোন কোন ক্ষেত্ৰত অমিতা ক্ষতিকাৰক–

[১] শিশুৰ বৃদ্ধি আৰু গৰ্ভৱতী নাৰীৰ সুস্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অতি জৰুৰী৷ কিন্তু অমিতা সুস্বাস্থ্যৰ বাবে উপকাৰী হ’লেও গৰ্ভৱতী অৱস্থাত ই মহিলাৰ বাবে বিপজ্জনক৷ তদুপৰি, অমিতাৰ বীজ, পাত আৰু শিপা গৰ্ভস্থ শিশুৰ বাবে অত্যন্ত ক্ষতিকাৰক৷

[২] অমিতাই হৃদৰোগ সংক্ৰান্তীয় সমস্যা হ্ৰাস কৰে যদিও যিসকল লোকৰ হৃদস্পন্দন অনিয়মীয়া, তেওঁলোকৰ বাবে অমিতা ক্ষতিকাৰক৷ এক গৱেষণা মতে অমিতাত থকা ছায়ান’জেনিক গ্লাইক’ছাইট আৰু এমিন’এচিডে পাচনতন্ত্ৰত হাইড্ৰ’জেন ছায়’নাইড প্ৰস্তুত কৰে৷ যিসকল লোকৰ অত্যধিক মাত্ৰাৰ হৃদস্পন্দনৰ সমস্যা আছে, তেওঁলোকৰ বাবে এইবিধ উপাদান অত্যন্ত ক্ষতিকাৰক৷ সেয়ে এনে সমস্যাত ভুগি থকা লোকে অমিতা খোৱাটো অনুচিত৷

[৩] এলাৰ্জিত আক্ৰান্ত লোকে অমিতা নাখাব৷ অমিতাত থকা কাইটিনেছ নামৰ এনজাইমবিধে এলাৰ্জি বঢ়ায়৷ ফলত হাঁচি, শ্বাসকষ্ট আৰু কাহ বৃদ্ধি পায়৷ 

[৪] কিডনীৰ সমস্যা থাকিলে অমিতা নাখাব৷ অমিতাই কিডনীত পাথৰ হোৱাৰ আশংকা বঢ়ায়৷