Logo
image

অসমৰ ফুটবল আন্দোলনলৈ বাইচুঙৰ পূৰ্ণ সমৰ্থন

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ খেলপথাৰৰ অভাৱৰ বাবে গুৱাহাটীৰ  ফুটবলাৰ ৰাজপথত নামিবলগীয়া হোৱা বিষয়টোৱে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে৷ এনে সময়তে গুৱাহাটীৰ ফুটবলাৰৰ সমৰ্থনত মাত মাতিলে দেশৰ প্ৰসিদ্ধ ফুটবলাৰ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটিয়ায়ো৷ ক্ৰিকেটৰ শক্তিশালী প্ৰভাৱৰ ওচৰত অসহায় হৈ পৰিছে গুৱাহাটীৰ ফুটবলাৰ৷ প্ৰতিযোগিতাৰ বাবে অভাৱ হৈছে খেলপথাৰৰ৷ কেইমাহ মান আগলৈকে গুৱাহাটীৰ ক্লাববোৰে প্ৰতিযোগিতা আৰু অনুশীলনৰ বাবে নিৰ্ভৰ কৰিছিল নেহৰু ষ্টেডিয়ামৰ ওপৰত৷ এতিয়া সেই নেহৰু ষ্টেডিয়ামো ক্ৰিকেটৰ দখলত৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পক বাদ দি গুৱাহাটীৰ প্ৰায় আটাইকেইখন খেলপথাৰ ব্যৱহূত হৈছে ক্ৰিকেটৰ বাবে৷ এনে পৰিস্থিতিৰ প্ৰতিবাদ জনাই কেইদিনমান আগেয়ে ৰাজপথত নামিছিল গুৱাহাটীৰ ফুটবলাৰ৷ উত্তৰ পূবৰ প্ৰধান ৰাজধানী চহৰখনৰ ফুটবলাৰৰ এনে দুখজনক অৱস্থা দৃষ্টিলৈ আহিছে বাইচুঙৰো৷ এনে পৰিস্থিতিত তেওঁ মাতিবলৈ বাধ্য হ’ল গুৱাহাটীৰ ফুটবলাৰৰ সমৰ্থনত৷ কিশোৰ আৰু জ্যেষ্ঠ ফুটবলাৰসকল ৰাজপথত নামিবলগীয়া পৰিস্থিতিয়ে দুখ দিছে বাইচুঙৰ মনত৷ এক টুইট যোগে বাইচুঙে  কয়–‘ফুটবল খেলপথাৰক সুৰক্ষা দিয়াৰ বাবে কোমল বয়সৰ আৰু জ্যেষ্ঠ ফুটবলাৰ সকল ৰাজপথত নামিবলগীয়া হোৱাত মোৰ দুখ লাগিছে৷ আশা কৰো অসম চৰকাৰে তেওঁলোকৰ দাবী গুৰুত্বসহকাৰে গ্ৰহণ কৰিব৷’ অসম ফুটবল কল্যাণ সন্থাৰ উদ্যোগত  দেওবাৰে হোৱা প্ৰতিবাদত ৰাজ্যখনৰ প্ৰায় ৫০০ ফুটবলাৰে অংশ লৈছিল৷ উল্লেখ্য নিজ ৰাজ্য ছিকিমৰ নামচিত থকা একমাত্ৰ ফুটবল ষ্টেডিয়ামখনৰ সমীপত চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্তৰ বিৰুদ্ধেও প্ৰতিবাদ জনাইছিল বাইচুঙে৷