Logo
image

নিশাটোতে দুখনকৈ ৰাষ্ট্ৰ সৃষ্টিৰে বিশ্বক পুটিনৰ ভ্ৰূকুটি

ড’নেৎস্ক, লুগানস্কক স্বাধীন ঘোষণা

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ হুঁচিয়াৰী

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ আক্ষৰিক অৰ্থতে নিজৰ অক্ষয় অস্ত্ৰভাণ্ডাৰৰ এটাও গুলী ব্যয় নকৰাকৈ ৰাছিয়াই প্ৰতিবেশী ইউক্ৰেইনৰ দুটা বৃহৎ অঞ্চলক স্বাধীন দেশৰ মৰ্যাদা প্ৰদান কৰি অঞ্চলটোৰ অস্থিৰতা আৰু উত্তেজনা দুগুণে বঢ়াই তুলিলে৷ সোমবাৰে নিশা ইউক্ৰেইনৰ ৰুছ সমৰ্থিত বিচ্ছিন্নতাবাদী অধ্যুষিত ড’নেৎস্ক’ আৰু লুগানস্ক নামৰ বৃহৎ দুটা অংশক ৰাছিয়াৰ অদমনীয় ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এখন ডিক্ৰি জাৰি কৰি দুখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰে৷ প্ৰসংগতঃ উল্লেখযোগ্য, এই দুয়োটা অঞ্চলে ২০১৪ চনতে নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল৷ ইপিনে ডিক্ৰি জাৰি কৰাৰ পাছতে পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰীয় চেনেলত দীৰ্ঘসময় ধৰি নিজৰ সিদ্ধান্তৰ সপক্ষে ভাষণ দিয়ে আৰু ভাষণ প্ৰদান কৰি থকাৰ সময়তে অভাৱনীয় ক্ষিপ্ৰতাৰে দুয়োখন নৱঘোষিত ৰাষ্ট্ৰৰ তেনেই সীমাত ৰাছিয়াৰ বিশাল বাহিনীয়ে বিশাল অস্ত্ৰভাণ্ডাৰ লৈ প্ৰৱেশ কৰি সুবিধাজনকভাৱে অৱস্থান গ্ৰহণ কৰে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে লৌহ হাতেৰে এই পদক্ষেপ ইমানেই ক্ষিপ্ৰতাৰে নিশাৰ আন্ধাৰৰ মাজতে গ্ৰহণ আৰু সম্পন্ন কৰে যে, এই পদক্ষেপক প্ৰতিৰোধ কৰাৰ সময় আৰু সুবিধা কোনেও নাপালে৷ আনকি ইউক্ৰেইন আৰু ইউক্ৰেইনৰ অকুণ্ঠ সমৰ্থক আমেৰিকা আৰু নাটোগোষ্ঠীৰ ৰাষ্ট্ৰই ভ্লাডিমিৰ পুটিনৰ এনে পদক্ষেপ সম্পৰ্কে পূৰ্বানুমান কৰাত ব্যৰ্থ হয় আৰু তাৰ ফলতে আগ্ৰাসী মূৰ্তিৰ ৰাছিয়াক বাধাদান কৰাৰ সুযোগ হাততে হেৰুৱায়৷ আমেৰিকাসহ নাটোগোষ্ঠীৰ দেশসমূহে ৰাছিয়াই ইউক্ৰেইনক পোনপটীয়াকৈ আক্ৰমণ কৰিব বুলি অহৰ্নিশে প্ৰচাৰ চলাই আছিল আৰু পুটিনৰ পদক্ষেপ তাতকৈ পৃথক হ’ব পাৰে বুলি ধাৰণা কৰা নাছিল৷ কিন্তু আমেৰিকা তথা নাটোগোষ্ঠীৰ তেনে প্ৰচাৰ আৰু ধাৰণাত ধুলি মাৰি পুটিনে সম্পূৰ্ণ পৃথক পদক্ষেপেৰে ইউক্ৰেইনক নিজৰ হাতৰ মুঠিত ৰখাৰ প্ৰথম আৰু ৰণকৌশলগত দিশত অশেষ গুৰুত্বপূৰ্ণ পদক্ষেপটো নিশাৰ ভিতৰতে সম্পন্ন কৰি কুটনীতিৰ যুদ্ধত আমেৰিকা নেতৃত্বাধীন সকলো পশ্চিমীয়া ৰাষ্ট্ৰক টিলিকতে পৰাভূত কৰিলে৷ সন্দেহ নাই,  ৰাছিয়াৰ এই পদক্ষেপে কেৱল পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ অঞ্চলটোতে নহয়, সমগ্ৰ বিশ্বত বিষময় ফল সৃষ্টি কৰিব৷ পুটিনৰ এই পদক্ষেপে সমগ্ৰ বিশ্বত সুদুৰপ্ৰসাৰী ফলাফলৰ উদ্ভৱ ঘটাব আৰু এই ঘটনাৰ অচিলা লৈ আন এখন মহামাৰী বিশ্বযুদ্ধৰ সূচনা হোৱাটোও অসম্ভৱ ঘটনা হৈ নাথাকিব৷ 

ইউক্ৰেইনৰ সীমান্তত বিগত প্ৰায় এমাহ ধৰি ৰাছিয়াই বৃহৎ সংখ্যাত সেনাৰ সমাৱেশ ঘটোৱাৰ ফলত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে সোমাবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সৈতে হোৱা দীৰ্ঘ বৈঠকৰ সময়তে ড’নেৎস্ক আৰু লুগানস্কক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তৰ বিষয়ে প্ৰায় অৱগত কৰে৷ জৰুৰী এই বৈঠকত পুটিনে কয়–‘মই আপোনালোকৰ সকলোৰে মতামত জানিলো৷ আজিয়েই এই বিষয়টোৰ মই হেস্তনেস্ত কৰিম৷’ ইয়াৰ পাছতে ক্ৰেমলিনে এটা বিবৃতি জাৰি কৰি কয়–পূব ইউক্ৰেইনৰ দুখন ৰুছপন্থী অঞ্চলক স্বাধীন হিচাপে ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতি পুটিনে৷ নিকট ভৱিষ্যতত তেওঁ এই বিষয়ে লিখিত নিৰ্দেশ দিব৷ সংবাদসংস্থা এএফপিয়ে জনোৱা অনুসৰি ৰাষ্ট্ৰপতি পুটিনে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেঁক্ৰ আৰু জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ ছলৎসক তেওঁৰ সিদ্ধান্তৰ বিষয়ে পোনপটীয়াকৈ অৱগত কৰে৷ কিন্তু টেলিফোনত হোৱা বাৰ্তালাপত দুইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে পুটিনৰ সিদ্ধান্তৰ বিৰোধিতা কৰে৷ তেওঁলোকে পুটিনৰ আহ্বান অনুসৰি ড’নেৎস্ক আৰু লুগানস্কক স্বাধীন, সাৰ্বভৌম দেশ হিচাপে স্বীকৃতি দিবলৈয়ো অস্বীকাৰ কৰে৷ পিছে সেই বিৰোধিতা ধুলি ফু মাৰি উৰুৱাৰ দৰে উৰাই দি নিশাই এখন ডিক্ৰি জাৰি কৰি পুটিনে ড’নেৎস্ক আৰু লুগানস্কক দুখন স্বাধীন দেশ হিচাপে জন্ম দি সাৰ্বভৌমত্বৰ স্বীকৃতি প্ৰদান কৰে৷ তাৰ পূৰ্বে নিশাই ৰাষ্ট্ৰপতি পুটিনে ড’নেৎস্ক আৰু লুগানস্কৰ বিচ্ছিন্নতাবাদী ৰুছপন্থী নেতাৰ সৈতে স্বাধীন, সাৰ্বভৌম ৰাষ্ট্ৰৰ চুক্তিত স্বাক্ষৰ কৰে৷  চুক্তিৰ সেই দৃশ্য ৰাষ্ট্ৰীয় টেলিভিছনত সম্প্ৰচাৰিত হয়৷ এই পদক্ষেপ গ্ৰহণ কৰাৰ পাছতে ৰাষ্ট্ৰপতি পুটিনে ৰাষ্ট্ৰীয় টেলিভিছনত দীৰ্ঘসময়ৰ বাবে ভাষণ প্ৰদান কৰে আৰু দেশৰ উচ্ছ সংসদ তথা পশ্চিমীয়া ৰাষ্ট্ৰক তেওঁৰ সিদ্ধান্ত সমৰ্থন কৰিবলৈ আহ্বান জনায়৷ সমান্তৰালভাৱে তেওঁ ইউক্ৰেইনক হুছিয়াৰি দি কয়–‘অবিলম্বে ড’নেৎস্ক আৰু লুগানস্কত সামৰিক অভিযান বন্ধ কৰা৷ অন্যাথা তাৰ ফলত হ’বলগীয়া ৰক্তপাতৰ সম্পূৰ্ণ দায়িত্ব ইউক্ৰেইনে বহন কৰিব লাগিব৷ তোমালোকক জনাই দিওঁ, আধুনিক ইউইক্ৰেইনৰ সম্পূৰ্ণ ৰূপকাৰ কেৱল ৰাছিয়া৷’ 

ৰাছিয়াৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিলেও এতিয়াও ইউক্ৰেইন যুদ্ধ কিম্বা সংঘাতৰ পথেৰে আগবঢ়া নাই৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ  জেলেনস্কিয়ে পুটিনৰ এই সিদ্ধান্তক অবিবেচকী, আগ্ৰাসী আখ্যা দি প্ৰৱল বিৰোধিতা কৰিছে৷ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে মঙলবাৰে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে–‘আমি কাকো ভয় নকৰো৷ কোনো পদক্ষেপক ভয় নকৰো৷ ড’নেৎস্ক আৰু লুগানস্ক আমাৰ দেশৰ অংগ, এই দুই অঞ্চলক আমি স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নোৱাৰা, নিদিও৷ আমি শান্তি বিচাৰো, কিন্তু নিজৰ ভূখণ্ড আনৰ হাতত তুলি দি আমাক শান্তি নালাগে৷ কাৰো ওচৰত আমি বশ্যতা স্বীকাৰ নকৰো৷’ ৰাছিয়াই এই পদক্ষেপে ১২ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো আমেৰিকাসহ নাটোগোষ্ঠীৰ শক্তিৰে বলীয়ান ইউক্ৰেইন এতিয়াও সংযত হৈ আছে৷ অৱশ্যে ৰাছিয়াই যিদৰে বিশাল সেনা আৰু অস্ত্ৰ-শস্ত্ৰৰে ইউক্ৰেইনক তিনিদিশৰ পৰা বেৰি ৰাখিছে, দেশখনে ৰাছিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে সামৰিক পদক্ষেপ লোৱাৰ সাহস গোটাব নোৱাৰে৷ গুৰুতৰ এই পৰিস্থিতিত দেশখনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সৈতে আলোচনা কৰিছে৷ জেলেনস্কিৰ অভিযোগ, পুটিনে মিনস্ক চুক্তি উলংঘা কৰি অঞ্চলটোত অস্থিৰতা সৃষ্টি কৰিছে৷ তেওঁ কূটনৈতিক আলোচনা  আৰু পদক্ষেপৰ মাধ্যমেৰে বিষয়টো সমাধান কৰাৰ বাবে এতিয়াও আগ্ৰহ প্ৰকাশ কৰি আছে৷ নিজেও কুটনৈতিক সমাধান মানি চলিব বুলি জেলেনস্কিয়ে অংগীকাৰ কৰে৷ অৱশ্যে তেওঁ ইতিমধ্যে জাৰ্মানী, ফ্ৰান্সকে ধৰি মিত্ৰ দেশসমূহৰ শীৰ্ষ নেতৃত্বৰ সৈতে জৰুৰী বৈঠক আহ্বান জনইছে আৰু ৰাছিয়াৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ প্ৰাৰ্থনা জনাইছে৷ তেওঁ কয়, –‘এই সংকটৰ সময়ত আমাৰ মিত্ৰ দেশসমূহৰ সহযোগিতা প্ৰাৰ্থনা কৰিছো৷ এতিয়া এয়াই চাবলগীয়া কথা, কোন আমাৰ আচল বন্ধু, ৰাছিয়াৰ পদক্ষেপৰ বিৰুদ্ধে কোন কোন থিয় হয়৷’ ইপিনে তাৎক্ষণিকভাৱে আমেৰিকাই ৰাছিয়াৰ ওপৰত একাধিক বিষয়ত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ব্ৰিটেইনেও নিষেধাজ্ঞা আৰোপৰ পদক্ষেপ লৈছে৷ ব্ৰিটেইনে ৫টা ৰাছিয়ান বেংকক নিষিদ্ধ ঘোষণা কৰিছে৷ জাৰ্মানীয়ে ৰাছিয়াত নিৰ্মিত নৰ্ড ষ্ট্ৰীম-২ গেছ পাইপ লাইনৰ নিৰ্মাণ বন্ধ কৰি দিছে৷

ড’নেৎস্ক আৰু লুগানস্ক ইউক্ৰেইনৰ পূব দিশত আৰু ৰাছিয়াৰ সীমান্তত অৱস্থিত অঞ্চল৷ এই দুয়োটা অঞ্চলেই ৰুছ বসতিপ্ৰধান৷ ফলত দীঘদিনৰ পূৰ্বেৰে পৰা দুয়োটা অঞ্চলত বিচ্ছিন্নতাবাদে গা কৰি উঠিছিল আৰু ধন, অস্ত্ৰ শস্ত্ৰকে ধৰি বিদ্ৰোহীসকলক সকলো দিশে সমৰ্থন আগবঢ়াই বিচ্ছিন্নতাবাদ জীপাল কৰি ৰাখিছিল ৰাছিয়াই৷ এই দুয়োটা অঞ্চলৰ ৮ লক্ষাধিক বাসিন্দাক ইতিপূৰ্বে ৰাছিয়াই পাছপ’ৰ্ট প্ৰদান কৰিছিল৷ ২০১৪ চনতে ড’নেৎস্ক আৰু লুগানস্কই স্বাধীনতা ঘোষণা কৰিছিল আৰু মন্ত্ৰণালয়ো স্থাপন কৰিছিল৷ স্বঘোষিত ড’নেৎস্ক পিপ’লছ ৰিপাব্লিকৰ জৰুৰী মন্ত্ৰণালয়ে শেহতীয়া সংকটৰ মাজতে বিপদৰ আশংকাত তাৰ পৰা ৭ লক্ষ বাসিন্দাক ৰাছিয়াৰ ভূমিখণ্ডলৈ স্থানান্তৰ কৰিছে৷ ৰাছিয়াৰ এই স্বীকৃতিয়ে সেয়ে দুয়োটা অঞ্চলক লৈ দুয়োখন দেশৰ টনা আজোৰাৰ অৱসান ঘটাব বুলিও একাংশ কুটনৈতিকে আশা কৰিছে৷ ২০১৪ চনত ৰাছিয়াই ক্ৰিমিয়া দখল কৰাৰ পাছত এই দুই অঞ্চলত ইউক্ৰেইন চৰকাৰৰ সেনাৰ হাতত ১৪ হাজাৰ ৰুছপন্থী বাসিন্দাৰ মৃত্য হৈছে৷ যিহেতু দুয়োটা অঞ্চলেই ৰুছ বসতিপ্ৰধান সেয়ে পুটিনৰ পদক্ষেপক বহু ৰাষ্ট্ৰই ইতিবাচক বুলিও ভাবিছে৷