সাংস্কৃতিক পৰ্যটন
২০২০ চনৰ পৰা কৰ’না মহামাৰীয়ে প্ৰায় দুটা বছৰ জনজীৱন স্তব্ধ কৰি ৰখাত বিভিন্ন খণ্ড বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ কৰ’নাৰ প্ৰতিষেধক দেশৰ ১৮ ঊধবৰ্ৰ প্ৰায়সংখ্যক লোককে দিবলৈ সক্ষম হোৱাৰ পাছত ১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীকো এই ভেকচিন দিয়াৰ ব্যৱস্থা কৰে৷ ফলত কৰ’নাৰ প্ৰতি মানুহৰ ভয় পূৰ্বতকৈ বহু হ্ৰাস পালে, কিয়নো ইতিমধ্যে বহু লোকৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱা বুলি ধৰা হৈছে৷ ইয়াৰ উপৰি মানুহে কৰ’না পৰা বাচিবলৈ সাৱধানতা অৱলম্বন কৰাও পৰিলক্ষিত হৈছে৷ পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত আমাৰ ৰাজ্যতো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৫ ফেব্ৰুৱাৰীৰ পৰা পূৰ্বৰ সকলো ক’ভিডৰ পৰিপ্ৰেক্ষিতত আৰোপ কৰা বাধা-নিষেধ আঁতৰাই ৰাজ্যৰ পৰিস্থিতি প্ৰায় স্বাভাৱিক কৰিবলৈ চেষ্টা কৰিছে৷ যিহেতু কৰ’নাৰ বাবে ৰাজ্যখনৰ লগতে সমগ্ৰ বিশ্বৰে বহু ক্ষতি হৈছে, সেয়ে পৰিস্থিতি স্বাভাৱিক হোৱাটো সকলোৰে বাবে মংগল৷ লকডাউন, আন্তঃজিলা যাতায়াত বন্ধ, আন্তঃৰাজ্যিক যাতায়াত বন্ধৰ ফলত ৰাজ্য তথা দেশৰ অৰ্থনীতিৰ বহু লোকচান হৈছে৷ বহু লোকে উপাৰ্জনৰ পথ হেৰুৱাইছে৷ এই সময়ত যিবোৰ খণ্ড আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে, সেইবোৰৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা এটা খণ্ড হৈছে পৰ্যটন৷ বিগত দুটা বছৰত এই খণ্ডটোৰ সৈতে জড়িতসকলৰ অৱস্থা অতি শোচনীয় হৈছে৷ সম্প্ৰতি পৰিৱেশ স্বাভাৱিক হোৱাত এই খণ্ডত জড়িতসকলৰ মুখলৈ কিছু আশাৰ সঞ্চাৰ হৈছে৷ পৰ্যটনৰ বিকাশ হ’লে এই খণ্ডৰ লগত জড়িত হৈ বহুজনে সংস্থাপনৰ বাট মুকলি কৰিব পাৰে৷ তদুপৰি ক’ভিড কালত সংস্থাপন হেৰুওৱা বহুজনে পৰ্যটন খণ্ডত জড়িত হৈ উপাৰ্জনৰ পথ উলিয়াব পাৰে৷ অসমত পৰ্যটনৰ প্ৰচুৰ সমল আছে৷ সাধাৰণতে অসমত পৰ্যটন বুলি ক’লেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ অভয়াৰণ্য আৰু উদ্যানসমূহৰ কথাই মনলৈ আহে৷ কিয়নো প্ৰতিবছৰে এই অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহত দেশী-বিদেশী পৰ্যটকে ভিৰ কৰে৷ ইয়াৰ উপৰি কামাখ্যা মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, জয়দৌল-শিৱদৌল আদিৰ লগতে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পুৰাতাত্ত্বিক সমল, দৌল-দেৱালয়, বিল-জলাশয় আদিৰ নৈসৰ্গিক সৌন্দৰ্যয়ো পৰ্যটকক আকৰ্ষণ কৰে৷ কিন্তু পৰ্যটনৰ এই ক্ষেত্ৰসমূহৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰসমূহৰো বিকাশ সাধন কৰিব পাৰিলে ৰাজ্যখনত সাংস্কৃতিক পৰ্যটনেও এক নতুন মাত্ৰা পাব আৰু বহুজনে ইয়াত সংস্থাপনৰ সুবিধা লাভ কৰিব৷
নানা জাতি-জনজাতিৰ লীলাভূমি অসম৷ এই জাতি-জনজাতিৰ স্বকীয় সংস্কৃতিয়ে অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিছে৷ সম্প্ৰতি বিশ্বত থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকনৃত্য, লোকবাদ্য, সাজপাৰ, খাদ্য, পৰম্পৰাগত খেল-ধেমালি, আচাৰ-অনুষ্ঠানকে ধৰি আনুষংগিক ৰীতি-নীতিও পৰ্যটকক আকৰ্ষণৰ অন্যতম উৎস হ’ব পাৰে৷ ইয়াৰ বাবে লাগিব এইসমূহৰ পূৰ্ণ প্ৰতিফলন ঘটাব পৰাকৈ মেলা, উৎসৱ-পাৰ্বণ, অনুষ্ঠান আদি কেতিয়া, ক’ত আৰু কিদৰে উদ্যাপন কৰা হ’ব তাৰ বিতং তথ্য প্ৰস্তুত কৰি প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰৰ দিহা কৰি পৰ্যটকক আকৰ্ষণ কৰা৷ পৰ্যটন বিভাগৰ ৱেবছাইটতো এনে কাৰ্যসূচীৰ বিষয়ে উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিলে নিশ্চয় দেশী-বিদেশী পৰ্যটনৰ সমাগম হ’ব৷ ইতিমধ্যে এনে ব্যৱস্থা কিছু লোকে গঢ়ি সংস্থাপনৰ বাট মোকলাইছে৷ আজিকালি কংক্ৰিট মহানগৰীৰ পৰা গৈ গ্ৰাম্য পৰিৱেশত বন্ধৰ দিন কটাবলৈ বহুতে বিচাৰে৷ সেয়ে যদিহে গ্ৰাম্য পৰিৱেশত থলুৱা সাংস্কৃতিক উপাদানৰ উপযুক্ত পৰিৱেশনৰ ব্যৱস্থা কৰা হয় আৰু শান্তিপূৰ্ণ পৰিৱেশত সুৰক্ষামূলক ব্যৱস্থাৰে ‘হোম ষ্টে’ৰ ব্যৱস্থা কৰে, তেন্তে বহু লোকে সংস্থাপনৰ সুবিধা পাব৷ অৱশ্যে, ইয়াৰ বাবে পৰ্যটন বিকাশ কৰিব খোজা অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে উপযুক্ত পৰিৱেশত থকা-খোৱাৰো ব্যৱস্থা কৰিব পাৰিব লাগিব৷
বসন্তকালত ৰাজ্যখনত নানা জনগোষ্ঠীৰ উৎসৱ উদ্যাপিত হয়৷ এই উৎসৱসমূহকো সঠিক ব্যৱস্থাপনাৰে পৰ্যটকক আকৰ্ষণৰ ব্যৱস্থা কৰিব পাৰে৷






