Logo
image

ৰাছিয়াৰ বাবে পশ্চিমৰ দুৱাৰ বন্ধ

আণৱিক সমৰসজ্জাৰে পুনৰ ভাবুকি

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ নেতৃত্বত কেইবাখনো পশ্চিমীয়া দেশ, ঘাইকৈ নাটোগোষ্ঠীৰ ৰাষ্ট˜ই ৰাছিয়াৰ বিৰুদ্ধে আৰোপ কৰা আংশিক নিষেধাজ্ঞালৈ কেৰেপ নকৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে পৰমাণু অস্ত্ৰৰ আখৰা আৰম্ভ কৰাত বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা সংক্ৰান্তীয় বক্তব্য প্ৰদান কৰিব বুলি হোৱাইট হাউছে মঙলবাৰে পুৱাই আগজাননী দিয়া স্বত্বেও বাইডেনৰ ঘোষণালৈ অপেক্ষা নকৰি ভ্‌লাডিমিৰ পুটিনে ৰাজধানী মস্কোত বহি পৰমাণু অস্ত্ৰৰ আখৰা তদাৰক কৰে৷ কম্পিউটাৰৰ পৰ্দাত চকু ৰাখি যেতিয়া পুটিনে দেশৰ বিশাল পৰমাণু অস্ত্ৰভাণ্ডাৰৰ আখৰাৰ তদাৰক কৰি আছিল, তেতিয়া তেওঁ সাক্ষীগোপাল হিচাপে কাষতে বহুৱাই লৈছিল বেলাৰুছৰ নেতা আলেকজেণ্ডাৰ লুকাছেংকোক৷ তাৎপৰ্যপূৰ্ণ যে, মঙলবাৰে ৰাছিয়াৰ উচ্ছ সদনে ৰাষ্ট্ৰপতি পুটিনক প্ৰয়োজন অনুসৰি দেশৰ বাহিৰত সেনাবাহিনীৰ দ্বাৰা অভিযান চলোৱাৰ অনুমতি প্ৰদান কৰে৷ ইয়াৰ পাছতেই ৰাছিয়াৰ দুয়োখন বিশ্বযুদ্ধৰ অপৰাজেয় ৰুছ সামৰিক বাহিনীয়ে যুদ্ধ জাহাজ, যুদ্ধ বিমান, ছাবমেৰিনৰ পৰা পৰমাণু অস্ত্ৰ নিক্ষেপ কৰা আৰু নিৰ্দিষ্ট লক্ষ্যত নিৰ্ভুল আঘাত হনাৰ অনুশীলন চলায়৷ ৰাছিয়াৰ সামৰিক বাহিনীৰ সেই পৰমাণু অস্ত্ৰৰ অনুশীলন ক্ৰেমলিন প্ৰাসাদত বহি তদাৰক আৰু প্ৰত্যক্ষ কৰে ৰাষ্ট্ৰপতি পুটিনে৷ পুটিনৰ সৈতে একেলগে বহি বেলাৰুছৰ নেতা আলেকজেণ্ডাৰ লুকাছেংকোৱে ৰাছিয়াৰ পৰমাণু অস্ত্ৰৰ অনুশীলন প্ৰত্যক্ষ কৰাৰ ঘটনাত যুদ্ধবিশাৰদে তাৎপৰ্য বিচাৰি পাইছে৷ ৰাছিয়াই যে স্বৰূপাৰ্থতে পৰমাণু অস্ত্ৰৰ অনুশীলন চলাই আছে সেয়া বহিৰ্বিশ্বই যাতে বিশ্বাস কৰে সেয়া নিশ্চিত কৰাৰ বাবেই পুটিনে কাষত সাক্ষী হিচাপে বেলাৰুছৰ নেতাজনক বহুৱাই লোৱা বুলি যুদ্ধ বিশাৰদে বিশ্লেষণ কৰিছে৷

আখৰাৰ শেষত ক্ৰেমলিনে সেই বিষয়ে অলপো গোপনীয়তা অৱলম্বন নকৰাকৈ কয় যে, দেশখনৰ সামৰিক বাহিনীয়ে চলোৱা আখৰাত হাইপাৰছনিক আৰু ক্ৰুজ ক্ষেপনাস্ত্ৰ সফলভাৱে উৎক্ষেপন কৰা হৈছে৷ আখৰাৰ অন্তত ৰাষ্ট্ৰপতি পুটিনে সামৰিক বাহিনীৰ বিষয়াসকলক অভিনন্দন জ্ঞাপন কৰে৷ ৰাছিয়াৰ ওপৰত আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া ৰাষ্ট্ৰই আংশিক হ’লেও কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ সময়ত ৰাষ্ট্ৰপতি পুটিনে মাংসপেশী ফুলাই পৰমাণু অস্ত্ৰৰ আখৰা কৰি আমেৰিকা নেতৃত্বাধীন বিৰোধী ৰাষ্ট্ৰমণ্ডলীক জনাই দিলে, কোনো পৰিস্থিতিতে তেওঁ পশ্চিমীয়া ৰাষ্ট্ৰৰ বশ্যতা স্বীকাৰ নকৰে৷ তদুপৰি ৰাছিয়াৰ দাবীসমূহ মানি নল’লে পুটিনে যিকোনো পদক্ষেপ ল’বলৈ সাজু থকা বুলিও বহিৰ্বিশ্বক বুজাই দিলে৷ ৰাছিয়াক সাম্প্ৰতিক সময়ত নিৰস্ত্ৰ কৰা সম্ভৱ নহয় আৰু আমেৰিকা নেতৃত্বাধীন নাটো গোষ্ঠীয়ে ৰাছিয়াৰ বিৰুদ্ধে সামৰিক পদক্ষেপ গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰাৰ মূল কাৰণ হৈছে চীন৷ সাম্প্ৰতিক এই সংকটৰ সময়ত ৰাছিয়াৰ কাষত বন্ধুৰ ভূমিকাত থিয় হৈ আছে চীন৷ আমেৰিকা নেতৃত্বাধীন নাটো গোষ্ঠীৰ ৰাষ্ট্ৰৰ যিমানেই সামৰিক শক্তি নাথাকক, যিমানেই পৰমাণু অস্ত্ৰৰ ভাণ্ডাৰ নাথাকক, একেলগে থকা ৰাছিয়া আৰু চীনক জোকাবলৈ তেওঁলোকৰ সাহস নাই৷ দ্বিতীয় মহাসমৰত মিত্ৰশক্তিৰ সদস্য আছিল ৰাছিয়া আৰু অদমনীয় এডলফ হিটলাৰৰ জাৰ্মানীক প্ৰথমটো পৰাজয়ৰ স্বাদ দিছিল ৰাছিয়াই, ষ্টেলিনগ্ৰাডত৷ দ্বিতীয় বিশ্বযুদ্ধত দেৰিকৈ অংশগ্ৰহণ কৰি আমেৰিকা নিৰ্ণায়ক শক্তিত পৰিণত হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ আমূল পৰিৱৰ্তন ঘটিল৷ তেতিয়াৰ মিত্ৰশক্তিৰ দুই বৃহৎ শক্তি আমেৰিকা আৰু ৰাছিয়াই ছুপাৰ পাৱাৰত পৰিণত হৈ দুই ভিন্ন মেৰুত অৱস্থান কৰিলে৷ অক্ষশক্তিৰ মূল ৰাষ্ট্ৰ যুদ্ধবিধবস্ত জাৰ্মানী আৰু জাপানে আমেৰিকাৰ পিছপিনে থিয় দিলে৷ ব্ৰিটিছৰাজৰ পৰা মুক্ত ভাৰতে ঐতিহাসিক কাৰণতে ৰাছিয়াৰ পিছত থিয় দিবলগীয়া হ’ল৷ বিশ্বত আমেৰিকা আৰু ৰাছিয়াৰ ক্ষমতাক লৈ শীতল যুদ্ধৰ সৃষ্টি হ’ল যদিও বিশ্বযুদ্ধত বিশেষ সক্ৰিয় ভূমিকা নোলোৱা চীনে এই দীঘলীয়া সময়ছোৱাত নিজকে এছিয়া কি বিশ্বৰে ছুপাৰ পাৱাৰ হিচাপে গঢ়ি তুলিলে৷ সেই চীনে এতিয়া শীতল যুদ্ধৰ অৱসান হোৱাৰ পাছত সম-ৰাজনৈতিক ভাৱাপন্ন ৰাছিয়াৰ সৈতে থিয় হোৱাটো আমেৰিকা আৰু নাটোগোষ্ঠীৰ দেশৰ বাবে বৃহত্তম আতংকৰ কাৰণ হৈ পৰিছে৷ সেয়ে এই মুহূৰ্তত ৰাছিয়াই যিকোনো সামৰিক পদক্ষেপ ল’লেও আমেৰিকা নেতৃত্বাধীন নাটো গোষ্ঠীয়ে ৰাছিয়াক জোকাই ল’বলৈ সাহস নকৰে বুলি স্বয়ং পুটিনেও বিশ্বাস কৰে৷ উল্লেখ্য, চীনে শেহতীয়া সংকটৰ অপপ্ৰচাৰ চলোৱাৰ বাবে আমেৰিকাক ধাৰাবাহিকভাৱে দোষাৰোপ কৰি বাইডেনৰ ওপৰত অনৰ্গল হেঁচা অব্যাহত ৰাখিছে৷ উল্লেখ্য, ৰাছিয়াৰ সংসদৰ উচ্ছকক্ষৰ মুঠ ১৫৩জন ছিনেটৰৰ প্ৰত্যেকেই মঙলবাৰে ৰাষ্ট্ৰপতি পুটিনক প্ৰয়োজন অনুসৰি বিদেশী ৰাষ্ট্ৰত সামৰিক অভিযান চলোৱাৰ অনুমোদন দিয়াৰ পাছত এতিয়া যিকোনো সময়তে ইউক্ৰেইনৰ ৰুছ সমৰ্থিত ড’নেৎস্ক আৰু লুগানস্কত ৰাছিয়াৰ সেনাই প্ৰৱেশ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছে৷ ইউক্ৰেইনৰ একেবাৰে পূবৰ ড’নেৎস্ক আৰু লুগানস্কক যোৱা সোমবাৰে নিশা স্বাধীন-সাৰ্বভৌম ৰাষ্ট্ৰৰ স্বীকৃতি প্ৰদান কৰি ৰাছিয়াই নিজৰ পথ পোন কৰি ৰাখিছে৷ উল্লেখ্য, ডনবাছ নামে খ্যাত এই অঞ্চলৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দখল কৰিবলৈ ৰাছিয়াক কেইঘণ্টামানৰহে প্ৰয়োজন হ’ব৷ অৱশ্যে যদিহে ৰাছিয়াই সামৰিক অভিযানক অগ্ৰাধিকাৰ দিয়ে৷

ৰাছিয়াৰ বিৰুদ্ধে সামৰিক পদক্ষেপ গ্ৰহণ কৰিবলৈ অক্ষম আমেৰিকা নেতৃত্বাধীন পশ্চিমীয়া ৰাষ্ট্ৰই দেশখনৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছে৷ ইয়াৰ ফলত ইউৰোপত তেলৰ মূল্য আকাশলংঘী হৈ উঠাৰ আশংকা উদ্ভৱ হৈছে৷ আমেৰিকাই ৰাছিয়াৰ চৰকাৰ আৰু ৰুছ উদ্যোগপতি উভয়ৰে ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছে৷ দেশখনৰ বৃহত্তম বেংক ভি ই বি আৰু মিলিটেৰী বেংকৰ ওপৰত মাৰ্কিন নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ইউৰোপিয়ান ইউনিয়ন আৰু ব্ৰিটেইন, জাৰ্মানীয়ে মঙলবাৰে ৰাছিয়াৰ বিৰুদ্ধে একাধিক অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰে৷ জাৰ্মানীয়ে ৰাছিয়াত নিৰ্মিত নৰ্ড-২ গেছ পাইপ লাইন বন্ধ কৰি দিছে৷ অৱশ্যে ইয়াৰ ফল ভুগিব লাগিব ইউৰোপৰ সেই দেশসমূহেও৷ কিয়নো ইউৰোপৰ অধিকাংশ দেশে তেলৰ বাবে নিৰ্ভৰ কৰে ৰাছিয়াৰ ওপৰত৷ নিষেধাজ্ঞাৰ কৱলত পৰা ৰাছিয়াই সেই দেশসমূহলৈ তেলৰ যোগান বন্ধ কৰি দিলে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য ৰকেটৰ গতিত বৃদ্ধি পাব৷ প্ৰসংগতঃ মঙলবাৰে ভাৰতে ইউক্ৰেইনৰ পৰা ২১৪ ছাত্ৰ-ছাত্ৰীক দেশলৈ ওভোটাই আনিছে৷ পিছে এয়া ‘ইভাকুৱেচন’ বা উদ্ধাৰকাৰ্য নহয়, ভাৰতে যাত্ৰী হিচাপে দেশৰ নাগৰিকক কেৱল বিমানসেৱাহে যোগান ধৰিছে৷