Logo
image

নখৰ ৰূপ সলনিয়েও সংকেত দিয়ে বিভিন্ন ৰোগৰ

নখ অকল আত্মৰক্ষা বা সৌন্দৰ্যৰ বাবেই নহয়৷ নখৰ আন গুৰুত্বও আছে৷ নখে শৰীৰৰ বিভিন্ন ৰোগৰ সংকেত দিয়ে৷ উল্লেখ কৰা হ’ল নখৰ কোনবোৰ পৰিৱৰ্তনে কি ৰোগৰ ইংগিত বহন কৰে–

[১] নখত ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁতৰ সৃষ্টি হ’লে বুজিব যে দেহত বাটবিষ, চৰ্মৰোগ অথবা ছালত ঘাঁ হোৱাৰ আশংকা আহি পৰিছে৷ অৱশ্যে বিভিন্ন দৰৱৰ পাশ্বৰ্প্ৰতিক্ৰিয়া হ’লেও নখত এনে পৰিৱৰ্তনে দেখা দিয়ে৷

[২] তিনি-চাৰি মাহৰ মূৰে মূৰে যদি নখত ভাঁজ দেখা দিয়ে তেন্তে বুজিব যে আপুনি শাৰীৰিক অথবা মানসিক চাপত আছে৷ তদুপৰি থাইৰয়েড গ্ৰন্থিৰ সমস্যা, ডায়েবেটিছ, মামছ, ৰক্ত সৰবৰাহত সমস্যা, নিউম’নিয়াৰ পূৰ্বাভাস বা অতিপাত জ্বৰ হ’লেও নখত এই পৰিৱৰ্তন হ’ব পাৰে৷ অৱশ্যে, কিছুমানৰ ক্ষেত্ৰত কেম’থেৰাপী দিয়াৰ পাছতো নখত এই পৰিৱৰ্তন হয়৷

[৩] নখ অত্যধিক পাতল হ’লে কৈল’নিছিয়া ৰোগত আক্ৰান্ত হোৱা বুলি কোৱা হয়৷ এই ৰোগ এনিমিয়া আৰু আইৰণৰ অভাৱ হোৱাৰ পূৰ্বাভাস বুলি কোৱা হয়৷ নখত এনে লক্ষণে দেখা দিলে সচেতন হওক৷ কিয়নো আইৰণৰ অভাৱত গেষ্ট্ৰইণ্টেষ্টাইলনাল ব্লিডিং, লিভাৰৰ সমস্যা, আলছাৰ আৰু অশ্বৰোগ আদি হ’ব পাৰে৷

[৪] নখ অত্যন্ত বগা হোৱাৰ লগতে যদি গোলাপী বৰণৰ দাগ দেখা যায় তেন্তে বুজিব দেহত তেজৰ সৰবৰাহত সমস্যা আহি পৰিছে৷ তদুপৰি নখৰ এনে পৰিৱৰ্তন হৃদৰোগ আৰু বৃক্কজনিত সমস্যাৰ আগজাননী হ’ব পাৰে৷

[৫] নখৰ শেষৰ অংশটো যদি বেকা বা বৃত্তাকাৰ হ’বলৈ ধৰে তেন্তে ই যকৃত আৰু হাওঁফাওঁৰ সমস্যাৰ ইংগিত হ’ব পাৰে৷ নখৰ এনে ধৰণৰ পৰিৱৰ্তনে দেখা দিলে সচেতন হওক আৰু চিকিৎসকৰ কাষ চাপক৷