এইদৰে সম্ভৱনে
এইদৰে অপৰাধ শেষ কৰাটো সম্ভৱনে? বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্যকাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ আৰম্ভণিৰ পৰা অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত যি এক আৰক্ষীৰাজ প্ৰতিষ্ঠা কৰা হৈছে, সেই আৰক্ষীৰাজে ৰাজ্যখনত অপৰাধ বন্ধ কৰিবলৈ সক্ষম হৈছেনে? উত্তৰ বিচাৰি আমি বহু দূৰলৈ যাব নালাগে, বাতৰিকাকতখন মেলি ল’লেই তাৰ উত্তৰ পোৱা যাব৷ চৰকাৰে দায়িত্ব গ্ৰহণৰ পাছতে ঘোষণা কৰিলে যে অসমক ড্ৰাগ্ছমুক্ত কৰিব৷ ইয়াৰ বাবে আৰক্ষীক কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হ’ল৷ আৰক্ষীয়েও তাৎক্ষণিক অভিযান আৰম্ভ কৰি ড্ৰাগ্ছ ধৰা আৰম্ভ কৰে৷ প্ৰতিদিনেই ড্ৰাগ্ছ জব্দ হোৱাৰ লগতে অপৰাধী গ্ৰেপ্তাৰ আৰু চিনেমাৰ কায়দাত এনকাউণ্টাৰ চলি থাকিল৷ অসমৰ মানুহৰ এনে লাগিল যেন এতিয়াহে অসমত আচল ৰাজত্ব আৰম্ভ হৈছে/ জব্দ কৰা ড্ৰাগ্ছসমূহ এক উৎসৱ পাতি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰ’লাৰ চলাই নষ্ট কৰি পেলালে৷ ড্ৰাগ্ছ-নিচামুক্ত অসম প্ৰতিজন অসমবাসীৰে সপোন৷ কিন্তু আজি ড্ৰাগ্ছ অভিযানে আঠ মাহতকৈও বেছি অতিক্ৰম কৰাৰ পাছতো ‘গাঁৱে-ভূঞেও উভৈনদী হেৰ’ইন কোকেইন’/ এতিয়া প্ৰশ্ন হয়, ৰাজ্যখনৰ ভিতৰলৈ এইবোৰ সৰবৰাহ কেনেকৈ হৈ আছে/ ৰাজ্যৰ ভিতৰত আৰক্ষীৰ ল¥£জ¥£, আৰক্ষী সঞ্চালকপ্ৰধানৰ মন্তব্য হ’ল– এয়া বোলে তেওঁলোকৰ একচন৷ কিন্তু ইমান একচনৰ পাছতো ২৩ ফেব্ৰুৱাৰীত বাগ্সা জিলাৰ গোবৰ্ধনা আৰক্ষীয়ে চলোৱা অভিযানত এটা-দুটা নহয় ৯০টা কণ্টেইনাৰত উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ হেৰ’ইন-ড্ৰাগ্ছ৷ গ্ৰেপ্তাৰ কৰিছে ড্ৰাগ্ছ সৰবৰাহকাৰী চ্ছ্ৰজনকৈ ব্যক্তিক৷ সেইদৰে মৰিগাঁৱত ড্ৰাগ্ছসহ তিনিজন যুৱক, খাৰুপেটীয়াত ব্ৰাউন ছুগাৰসহ দুজনক গ্ৰেপ্তাৰ, লাহৰীঘাটৰ বৰছলাত ড্ৰাগ্ছসহ তিনিজনক, মানকাচাৰ, বিজনী, সৰুক্ষেত্ৰী আদিত ব্যাপক ড্ৰাগ্ছ জব্দ আৰু ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷
এতিয়া প্ৰশ্ন হ’ল– এইবোৰ ড্ৰাগ্ছ ক’ৰপৰা আহিছে৷ অসমতে উৎপাদন হৈছে নেকি এনে জীৱন ধবংসকাৰী দ্ৰব্য/ যদি অসমত উৎপাদন হৈছে, আৰক্ষীয়ে কি কৰি আছে? আৰু যদি ৰাজ্যৰ বাহিৰৰ পৰা এইদৰে ড্ৰাগ্ছ সৰবৰাহ হৈ আছে, তেন্তে অসম সীমান্ত কাৰ দখলত আছে? সীমান্ত আৰক্ষী এই বৃহৎ ড্ৰাগ্ছ চক্ৰটোৰ লগত জড়িত আছে নেকি? ৰাজ্যখনত প্ৰতিদিনে ইমান বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ জব্দ হৈ থকা ঘটনাই এইবোৰ সন্দেহ নাগৰিকৰ মাজত লাহে লাহে ঘনীভূত কৰাইছে৷
একাংশই সন্দেহ কৰিবলৈ লৈছে যে ৰাজ্য চৰকাৰৰ উদ্দেশ্য ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগ্ছমুক্ত কৰা নহয়৷ ৰাজ্যখনলৈ এইদৰে ড্ৰাগ্ছ সৰবৰাহ হৈ থাকিবলৈ দি চৰকাৰৰ একচন [/] ৰাইজক উপলব্ধি কৰি থাকিবলৈ দিয়া আৰু ড্ৰাগ্ছৰ সাম্ৰাজ্যখনৰ পৰা কমিছন আদায় কৰি থকা/ আনহাতে, এই ড্ৰাগ্ছবিৰোধী অভিযানৰ জৰিয়তে লাহে লাহে ড্ৰাগ্ছ সীমিত কৰি চৰকাৰৰ ৰাজহ লাভৰ বাবে ৱাইন বিক্ৰী বৃদ্ধি কৰা/ সেয়ে চৰকাৰে ড্ৰাগ্ছ সৰবৰাহৰ উৎসত আজিলৈকে কোনো একচন লোৱা নাই৷ সীমান্তত গৰুৰ বিৰুদ্ধে যিদৰে অভিযান চলোৱা হৈছে, সেইদৰে কিন্তু ড্ৰাগ্ছৰ বিৰুদ্ধে চলোৱা হোৱা নাই৷ কেৱল ৰাজ্যৰ ভিতৰত সঁচা-মিছা এনকাউণ্টাৰ কৰি এক সন্ত্ৰাসজৰ্জৰ পৰিৱেশ ৰচনা কৰিব বিচৰা হৈছে৷
এনকাউণ্টাৰে যে অপৰাধ কমাব নোৱাৰে সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে৷ ইতিমধ্যে বিগত দুই-তিনি দিনতে ৰাজ্যখনৰ ৰাজধানীতে বহু হত্যা হৈছে৷ মানুহ এতিয়া ঘৰৰ ভিতৰতো সুৰিক্ষত নহয়৷
ৰাজ্যৰ বৌদ্ধিক মহলটোৱে বাৰে বাৰে কৈ আছে যে এখন গণতান্ত্ৰিক দেশত আৰক্ষীৰ শাসন নহয়, আইনৰ শাসনেহে সুস্থিৰ কৰি ৰাখিব পাৰে৷ কিন্তু আজি আইন-আদালতৰ প্ৰতি মানুহৰ আস্থাহীনতাৰ পৰিৱেশ ৰচনা কৰাৰ এক পৰিৱেশো চৰকাৰেই সৃষ্টি কৰিছে৷ আদালতত বহু ন্যায়াধীশৰ পদ খালী হৈ আছে৷ ফলত এটা এটা গোচৰ সমাধানৰ প্ৰক্ৰিয়া যি দীঘলীয়া হয়, তাৰ দ্বাৰা মানুহৰ ন্যায় দানৰ প্ৰতি আস্থা কমি আহে৷
উদাহৰণস্বৰূ¸পে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল চৰকাৰত বিত্তমন্ত্ৰী থকা অৱস্থাতে ২০১৯১ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি প্ৰদেশ কংগ্ৰেছে অভিযোগ দিছিল৷ সেইখন চৰকাৰো গ’ল৷ বিত্তমন্ত্ৰী গৈ মুখ্যমন্ত্ৰী হ’ল৷ এতিয়া আদালতে তাৰ কৈফিয়ৎ দিবলৈ হিমন্ত বিশ্ব শৰ্মাক আদালতলৈ মাতিছে৷ এয়া এটা উদাহৰণহে৷ আদালতক অধিক কাৰ্যক্ষম কৰি দেশত আইনৰ শাসন মজবুত কৰাটো এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ প্ৰাথমিক দায়িত্ব হোৱা উচিত৷ ইয়াৰ বিপৰীতে চিনেমাৰ কায়দাৰে দেশ চলাবলৈ গ’লে দেশত নৈৰাজ্যবাদৰ সৃষ্টি হোৱাৰ লগতে লাহে লাহে ফেচিবাদৰ ফালে গতি কৰাৰ সম্ভাৱনাই বেছি৷ সেয়ে বৰ্তমান অসমত যি পৰিৱেশৰ সৃষ্টি হৈছে, সেয়া কোনো কাৰণতে সমৰ্থনযোগ্য নহয়; আৰু তেনে ব্যৱস্থাৰে অপৰাধো শেষ নহয়৷






