Logo
image

আত্মসমৰ্পণৰ বাদে আন পথ নাই

কিয়েভৰ সেনা সদৰ, বিমানবন্দৰত আক্ৰমণ

ইউক্ৰেইন-ৰাছিয়াৰ শতাধিক সেনা নিহত

মৃতৰ ভিতৰত সাধাৰণ লোকো

‘আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ পশ্চিমীয়া দেশৰ আশংকা সত্যত পৰিণত কৰি আৰু বিশ্বজুৰি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই মহাশক্তিধৰ ৰাছিয়াই বৃহস্পতিবাৰে পুৱাই সৰ্বশক্তিৰে প্ৰতিবেশী দেশ ইউক্ৰেইন আক্ৰমণ কৰিছে৷ মাজনিশাৰ পৰা কৃষ্ণসাগৰ আৰু আজভ সাগৰত পূৰ্বেই আশ্ৰয় লৈ থকা যুদ্ধজাহাজৰ পৰা ইউক্ৰেইনৰ অধিকাংশ চহৰ, সামৰিক ঘাটি, বিমানঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ হানি পুৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমিৰ পুটিনে যুদ্ধ ঘোষণা কৰে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সৰ্বাধিক সেনাৰ সমাৱেশ ঘটাই সংঘটিত কৰা  এইখনেই বিশ্বৰ প্ৰথমখন ‘ফুল স্কেল ৱাৰ’ বা পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হিচাপে পৰিগণিত হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ৰাষ্ট্ৰক উদ্দেশ্যি টেলিভিছনত দিয়া এটা ভাষণত তেওঁৰ ইউক্ৰেইনৰ আক্ৰমণৰ সিদ্ধান্তক শুদ্ধ বুলি মন্তব্য কৰে৷ তেওঁ কয়– ডনবাছ অঞ্চলৰ বাসিন্দাই তেওঁলোকক সহায় কৰাৰ বাবে ৰাছিয়াক আহ৩ান জনাই আছিল৷ ৰুছপন্থী সেই লোকসকলৰ বিৰুদ্ধে ইমানদিনে ইউক্ৰেইনে দমনমূলক অত্যাচাৰ চলাই আছিল৷ তেওঁলোকক ৰক্ষা কৰা আৰু মানৱীয়তাৰ খাতিৰত তেওঁলোকক সহায় কৰাটো আমাৰ ধৰ্ম৷ সেয়ে আমি ইউক্ৰেইনক আক্ৰমণ কৰিবলগীয়া হ’ল৷ ইপিনে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ফলত যাতে আমেৰিকাৰ নেতৃত্বত কোনো পশ্চিমীয়া দেশে ৰাছিয়াক আক্ৰমণ নকৰে আৰু ইউক্ৰেইনক সহায় নকৰে সেই সন্দৰ্ভত ৰাষ্ট˜পতি পুটিনে ৰাছিয়া বিৰোধী ৰাষ্ট্ৰসমূহলৈ প্ৰচণ্ড হুংকাৰ দিয়ে৷ তেওঁ ৰাছিয়াৰ টেলিভিছনত ৰুছ বিৰোধী দেশক হুংকাৰ দি কয়– যি আমাৰ এই পদক্ষেপত হস্তক্ষেপ কৰিবলৈ আহিব, তেওঁলোকে এনে পৰিণামৰ সন্মুখীন হ’ব, যি পৰিণাম তেওঁলোকে কোনোকালে ভোগা নাছিল৷ এই হুংকাৰত পুটিনে কাৰো নাম উচ্ছাৰণ নকৰিলেও তেওঁ আমেৰিকা আৰু আমেৰিকা নেতৃত্বাধীন নাটোগোষ্ঠীৰ ৰাষ্ট্ৰ ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, ইটালী আদিক সতৰ্ক কৰি দিয়া বুলি সকলোৱে উপলব্ধি কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ১৮ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো ইউক্ৰেইনক ইমান দিনে উৎসাহিত আৰু সমৰ্থন যোগাই অহা কোনো পশ্চিমীয়া ৰাষ্ট্ৰই সামৰিক পদক্ষেপ গ্ৰহণ কৰা নাই৷ কেৱল আমেৰিকাই ইউক্ৰেনলৈ অস্ত্ৰ-শস্ত্ৰৰ সাহায্য বৃদ্ধি কৰিব বুলি অংগীকাৰ কৰিছে৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলেই আমেৰিকাৰ নেতৃত্বত নাটোগোষ্ঠীৰ ৰাষ্ট্ৰই সেই আক্ৰমণ সামৰিক উপায়েৰে প্ৰতিৰোধ কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও এই পৰ্যন্ত কোনো এখন দেশেই সামৰিকভাৱে পোনপটীয়াকৈ ইউক্ৰেইনক সহায় কৰা নাই আৰু ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধও ঘোষণা কৰা নাই৷ সন্দেহ নাই, ৰাছিয়াৰ বিৰুদ্ধে পশ্চিমীয়া ৰাষ্ট˜ই যুদ্ধ ঘোষণা কৰিলে ৰাছিয়াৰ পক্ষত থাকি যুদ্ধত অৱতীৰ্ণ হ’ব পাৰে এছিয়াৰ ছুপাৰ পাৱাৰ চীন৷ চীনে ইতিমধ্যে ৰাছিয়াৰ এই পদক্ষেপক যুক্তযুক্ত বুলি তেওঁলোকৰ সমৰ্থন ৰাছিয়াৰ পক্ষে ব্যক্ত কৰিছে৷ চীন আৰু ৰাছিয়াৰ ভয়ংকৰ হুংকাৰ উপেক্ষা কৰি যদি আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া দেশে ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ে, তেন্তে তৃতীয় এখন বিশ্বযুদ্ধ অনিবাৰ্য হৈ পৰিব৷ 

ৰাছিয়াই ভাৰতীয় সময় অনুসৰি পুৱা ৮.৩০ বজাত ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে৷ আগতীয়া ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত প্ৰায় ২ লাখ সেনাবাহিনীয়ে যুদ্ধৰ টেংক, যুদ্ধৰ গাড়ী, গধুৰ অস্ত্ৰ আৰু অসংখ্য সমৰাস্ত্ৰৰে ইউক্ৰেইনক একেলগে তিনিফালৰ পৰা আক্ৰমণ আৰম্ভ কৰে৷ ইউক্ৰেইনৰ পূবে যোৱা সোমবাৰে ৰাছিয়াই স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰা ড’নেৎস্ক আৰু লুগানস্কৰ দিশেৰেই প্ৰথমে ইউক্ৰেইনত ৰাছিয়াৰ সেনাই প্ৰৱেশ কৰে৷ ডনবাছ বুলি কোৱা এই অঞ্চলটো ৰুছপন্থী হ’লেও ৰাছিয়াৰ আক্ৰমণৰ আশংকাত সেই অঞ্চলত ইউক্ৰেইনৰ সেনাই খোপনি পুতি আছিল৷ সেয়ে উভয়পক্ষৰ মাজত ডনবাছত তয়া-ময়া যুদ্ধ হয়৷ একেলগে ৰাছিয়াই উত্তৰ-পূবৰ খাৰকিভ চহৰত পেৰাট্ৰ³পাৰ বাহিনী যুদ্ধ বিমানৰ পৰা নমাই সমগ্ৰ চহৰখন ঘেৰি ধৰে৷ ৰাজধানী কিয়েভৰ সমীপৱৰ্তী খাৰকিভতে আছে ইউক্ৰেইনৰ বৃহত্তম সামৰিক ঘাটি৷ ৰাছিয়াৰ সেনাই অচিৰেই এই ঘাটি দখল কৰি ল’ব বুলি ধাৰণা কৰা হৈছে৷ ইয়াৰ লগতে ৰাছিয়াৰ সেনাই উত্তৰ-পূবৰ ছামী, উত্তৰ দিশৰ ছেৰনিভ, দক্ষিণৰ ক্ৰিমিয়া, ওডেছাইদি ইউক্ৰেইনত প্ৰৱেশ কৰিছে৷ তদুপৰি এমাহ পূৰ্বেই যুদ্ধৰ আখৰা চলাব বুলি ফন্দি কৰি ইউক্ৰেইনৰ উত্তৰে অৱস্থিত বেলাৰুছত অৱস্থান গ্ৰহণ কৰি থকা ৰাছিয়াৰ সেনাই অস্ত্ৰ-শস্ত্ৰসহ ইউক্ৰেইনৰ ভিতৰলৈ অগ্ৰসৰ হৈছে৷ ৰাছিয়াই পূৰ্ণ শক্তিৰে তিনি দিশৰ পৰা যিদৰে ইউক্ৰেইনক চক্ৰব্যুহ বেৰি ধৰি আক্ৰমণ আৰম্ভ কৰিছে, সেই আক্ৰমণত ইউক্ৰেইনৰ প্ৰতিৰোধ ৩৬ ঘণ্টাও টিকি থাকিব বুলি কোনো সমৰবিদে বিশ্বাস কৰা নাই৷ সেয়ে পৰৱৰ্তী ৩৬ ঘণ্টাৰ ভিতৰত সামৰিক শক্তিত ক্ষুদ্ৰ ইউক্ৰেইনে ছুপাৰ পাৱাৰ ৰাছিয়াৰ ওচৰত বিনাচৰ্তে আত্মসমৰ্পণ কৰিব বুলি ধাৰণা কৰা হৈছে৷ ইতিমধ্যে বিশাল ৰাছিয়াৰ সেনা ইউক্ৰেইনৰ ৰাজধানী কিয়েভ চহৰৰ কাষ চাপিছে বুলি ইউক্ৰেইনৰ ব’ৰ্ডাৰ গাৰ্ডছে সংবাদ প্ৰতিষ্ঠান এ এফ পিক অৱগত কৰিছে৷ যদিহে সেই তথ্য সত্য হয় তেন্তে শুকুৰবাৰৰ আগবেলাতে ৰাছিয়াই ৰাজধানী কিয়েভ চহৰ অধিকাৰ কৰি ল’ব৷  ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিনে ইউক্ৰেইনক অস্ত্ৰ সম্বৰণ কৰাৰ আহ্বান জনাইছে৷  অৱশ্যে ইউক্ৰেইনে ৰাছিয়াৰ সেই আহ্বান উপেক্ষা কৰি প্ৰৱল প্ৰতাপেৰে শত্ৰুৰ বিৰুদ্ধে যুদ্ধ চলাইছে৷ প্ৰথম দিনৰ যুদ্ধত ইতিমধ্যে সামৰিক আৰু অসামৰিক ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে৷ ইউক্ৰেইনৰ পক্ষই দাবী কৰা অনুসৰি তেওঁলোকৰ প্ৰত্যাক্ৰমণত ৫০জন ৰাছিয়াৰ সেনা নিহত হৈছে আৰু শতাধিকক গ্ৰেপ্তাৰ কৰিছে৷ যুদ্ধত ইউক্ৰেইনৰ ৪০জন সেনাৰ মৃত্যু হৈছে বুলি দেশখনে স্বীকাৰ কৰিছে৷ 

ৰাছিয়াই ইউক্ৰেইনক দ্বিতীয় বিশ্বযুদ্ধত এডলফ্‌ হিটলাৰৰ নাৎসি সেনাই আক্ৰমণ কৰাৰ দৰে আক্ৰমণ কৰা বুলি দেশখনৰ  প্ৰতিৰক্ষা মন্ত্ৰীয়ে মন্তব্য কৰিছে৷ উল্লেখ্য, ১৯৪১ চনৰ অক্টোবৰত খাৰকিভ চহৰৰ দখল লৈয়েই হিটলাৰে অপাৰেছন বাৰ্বাৰছা বা ৰাছিয়াৰ আক্ৰমণৰ সূচনা কৰিছিল৷ এইবাৰ পুটিনে ইউক্ৰেইন আক্ৰমণৰ সূচনা ঘটাই ঠিক নাৎসি জাৰ্মানীৰ দৰে আৰু খাৰকিভ দখল কৰি৷ ৰাছিয়াই  স্থলসেনা, বায়ুসেনা বাহিনী আৰু নৌসেনা সকলোকে  যিদৰে ইউক্ৰেইন আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিছে, সেই ৰণকৌশল শুদ্ধ প্ৰমাণিত হ’লে আৰু আন কোনো দেশ যুদ্ধত জড়িত নপৰিলে পুটিনৰ বাহিনীয়ে সামৰিক শক্তিহীন ইউক্ৰেইনক তেনেই মোহাৰি পেলাব৷ ইতিমধ্যে ৰাছিয়াই ইউক্ৰেইনৰ ৭০টা সামৰিক ঘাটি আৰু ১১খন এয়াৰফিল্ড ধবংস কৰা বুলি পুটিনে মুকলি দাবী কৰিছে৷ তিনিও দিশৰ পৰা ৰাছিয়াৰ সেনা বিশেষ প্ৰতিৰোধ নোপোৱাকৈ যিদৰে ইউক্ৰেইনৰ ভিতৰলৈ আগবাঢ়িছে, তালৈ চাই এই মুহূৰ্তত ইউক্ৰেইনৰ আত্মসমৰ্পণৰ গত্যন্তৰ নাই বুলি ধাৰণা কৰা হৈছে৷