Logo
image

শেষ হৈ আহিছে খাদ্য-পানী!প্ৰতীক্ষা, অশোকহঁতৰ হাহাকাৰ

আকাশমাৰ্গ বন্ধ, বিকল্পৰ সন্ধানত দিল্লী

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ ইউক্ৰেইনত এতিয়া যুদ্ধৰ দামামা৷ মুহূৰ্তে মুহূৰ্তে বোমা বৰ্ষণত কঁপি উঠিছে দেশখনৰ ৰাজধানী কিয়েভ মহানগৰী৷ ক্ষেপণাস্ত্ৰৰ কলা ধোঁৱাই ছানি ধৰিছে আকাশ৷ এই পৰিস্থিতিত আতংকৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে দেশখনত আবদ্ধ হৈ থকা অসম তথা ভাৰতৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকল৷ একেদৰে ঘৰৰ সন্তান ঘৰলৈ উভতি অহাৰ অপেক্ষাত উদ্বিগ্ন হৈ পৰিছে পিতৃ-মাতৃ আৰু আত্মীয়সকল৷ দীৰ্ঘসময় টিভিৰ সন্মুখত বহি খবৰ লৈছে যুদ্ধকবলিত দেশখনৰ৷ উল্লেখ্য, ইউক্ৰেইনত আছে ভাৰতৰ পৰা যোৱা কেইবাহাজাৰ ছাত্ৰ-ছাত্ৰী৷ মূলতঃ চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণৰ বাবে যোৱা এই ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত অসমৰো প্ৰায় দুশ ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ পৰিছে৷ ইয়াৰ মাজতে যোৱা দুটা দিনত অসমৰ কেইজনমান ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিছে৷ তেওঁলোকৰ মাজত আছে গুৱাহাটীৰ ভেটাপাৰাৰ হাৰ্বি দত্ত, হেঙেৰাবাৰীৰ চিৰঞ্জীৱ ডেকা, মৰিগাঁৱৰ ডেইজী মেধি, হাতীগাঁও শেৱালী পথৰ স্নেহ অধ্যাপক, হাতীগাঁৱৰ শ্ববীৰ শ্বাহ আৰু নগাঁৱৰ গৌছিয়া শ্বৱনম৷ এওঁলোক আটাইকেইজনেই ইউক্ৰেইনৰ টাৰ্ণ’পিল নেশ্বনেল মেডিকেল ইউনিভাৰ্ছিটী আৰু খাৰকিভ নেশ্বনেল মেডিকেল ইউনিভাৰ্ছিটীৰ শিক্ষাৰ্থী৷ ভেটাপাৰাৰ ব্ৰহ্মপুত্ৰ হাউছিং কলনী আবাসী¸ কৰবী দত্ত আৰু প্ৰয়াত নৱকুমাৰ দত্তৰ একমাত্ৰ কন্যা হাৰ্বি দত্তই চাৰিজন সহপাঠীৰ সৈতে বুধবাৰে নিশা ইউক্ৰেইনৰ পৰা নতুন দিল্লীত আহি উপস্থিত হয়৷ আজি সন্ধিয়া হাৰ্বিয়ে গুৱাহাটীলৈ  উৰা মৰাৰ আগমুহূৰ্তত ইউক্ৰেইনত সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে ‘আমাৰ অসম’ক অৱগত কৰে৷ হাৰ্বিয়ে জনোৱা মতে কিছুদিনৰ পৰা ৰাছিয়াই দেশখনত আক্ৰমণ কৰিব পাৰে বুলি শুনি আছিল৷ সেই মতে ৰুছ সেনাই সীমান্তত অৱস্থান লোৱা বুলি বাতৰি ওলাই আছিল৷ কিন্তু কিয়েভ চহৰৰ জনজীৱন স্বাভাৱিকভাৱেই চলি আছিল৷ বুধবাৰে কিয়েভ চহৰ এৰি অহাৰ সময়তো ইউক্ৰেইনৰ পৰিস্থিতি স্বাভাৱিকেই আছিল৷ কিন্তু নতুন দিল্লীত আহি উপস্থিত হোৱাৰ পাছত আজি পুৱাহে হাৰ্বিয়ে খবৰ পাই কিয়েভৰ যিডোখৰ স্থানত তেওঁলোক আছিল তাৰ নিচেই কাষতে ৰাছিয়াৰ যুদ্ধ বিমানে আজি বোমাবৰ্ষন কৰে৷ বোমা বৰ্ষন হয় আনকি কিয়েভৰ  বৰিস্পিল আৰু ছামীৰ ওচৰৰ দুটা বিমান বন্দৰতো৷ একেদৰে বুধবাৰে নগাঁৱৰ ঘৰলৈ উভতি অহা খাৰকিভ নেশ্বনেল মেডিকেল ইউনিভাৰ্ছিটীৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰী গৌছিয়া শ্ববনমে জনোৱা মতে উভতি অহালৈকে ৰাছিয়া আৰু ইউক্ৰেইনৰ সীমাত থকা খাৰকিভ চহৰখনত যুদ্ধ আৰম্ভ হোৱা নাছিল যদিও আতংকময় পৰিৱেশে বিৰাজ কৰি আছিল৷ আজি পুৱা অশোক কুমাৰ সিং নামৰ সহপাঠী এজনৰ পৰা লাভ কৰে যুদ্ধ আৰম্ভ হোৱাৰ খবৰ৷ উল্লেখ্য, গুৱাহাটীৰ নুনমাটিৰ যুৱক অশোকে আজি ঘৰলৈ ওভতাৰ কথা আছিল৷ কিন্তু যুদ্ধ পৰিস্থিতিত ইউক্ৰেইনে আকাশ সীমা বন্ধ কৰি দিয়াত দেশখনৰ সৈতে বিমান যোগাযোগ বন্ধ হৈ পৰে৷ ফলত আবদ্ধ হৈ থাকিবলগীয়া হয় অশোক৷ অশোকৰ দৰে আন বহু অসমৰ ছাত্ৰ-ছাত্ৰী এতিয়া আবদ্ধ হৈ আছে যুদ্ধকবলিত দেশখনত৷ অশোক নামৰ ছাত্ৰজনৰ উদ্ধৃতি দি গৌছিয়া শ্বৱনমে জনোৱা মতে যুদ্ধ আৰম্ভ হোৱাৰ পাছতে এতিয়া ইউক্ৰেইনৰ ৰাজধানী কিয়েভ, খাৰকিভ, ওডে৬া আদি চহৰসমূহত সঘনাই শুনিবলৈ পোৱা গৈছে বোমা আৰু ক্ষেপণাস্ত্ৰৰ কাণ তাল মাৰি ধৰা শব্দ৷ দেখিবলৈ পোৱা গৈছে বিস্ফোৰণৰ ক’লা ধোঁৱাই আকাশ ছানি ধৰাৰ দৃশ্য৷ ঘনে ঘনে কঁপি উঠিছে চহৰকেইখনৰ ভূপৃষ্ঠ৷ এনে পৰিস্থিতিত দেশখনৰ চৰকাৰে সকলো নাগৰিককে ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ৩ান জনাইছে৷ ফলত একপ্ৰকাৰ জনশূন্য হৈ পৰিছে চহৰকেইখনৰ ৰাজপথ৷ ইয়াৰ বিপৰীতে আজি পুৱাৰে পৰা এই চহৰসমূহত খোৱাপানীৰ যোগান নোহোৱা হৈ পৰাৰ লগতে দাম অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ মল আৰু ছুপাৰ মাৰ্কেটসমূহত গ্ৰাহকৰ হেতা-ওপৰা লাগে৷ ফলত দোকানসমূহত খাদ্য-সামগ্ৰীৰ নাটনি হোৱা আৰম্ভ হৈছে৷ এটিএমসমূহো বন্ধ কৰি দিছেþ বেংকবোৰে৷ আনহাতে, মেট্ৰ’সেৱাসমূহত চৰকাৰে যাত্ৰীসেৱা সম্পূৰ্ণ বিনামূলীয়া কৰি দিছে, যাতে সকলোৱে নিজৰ নিজৰ সুবিধাজনক ঠাইত আশ্ৰয় গ্ৰহণ কৰিব পাৰে৷ তদুপৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কোনো নাগৰিক বা প্ৰাক্তন সৈনিকে যদি বিচােৰ তেন্তে তেওঁলোকক স্বেচ্ছামূলকভাৱে যুদ্ধত ভাগ লোৱাৰ বাবে আহ৩ান জনাইছে৷ এনে জৰুৰী পৰিস্থিতিৰ মাজতে এতিয়া আতংকত সময় পাৰ কৰিবলগীয়া হৈছে ইউক্ৰেইনত আবদ্ধ হৈ থকা অসম তথা ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকলে৷ অৱশ্যে ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় লোকসকলক ওভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আকাশমাৰ্গ বন্ধ হ’লেও বিকল্প পথেৰে কেনেদৰে ভাৰতীয় লোকসকলক নিজ দেশলৈ ওভতাই আনিব পৰা যায়  তাৰ বাবে চিন্তা-চৰ্চা চলাই আছে৷  ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিত আৱদ্ধ হৈ থকা ভাৰতীয়সকলৰ বাবে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ সৈতে এক বৈঠকতো মিলিত হয়৷ নিশা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিনৰ সৈতে টেলিফোনত এই সংক্ৰান্তত কথা পতাৰ সম্ভাৱনা আছে৷ আনহাতে ইউক্ৰেইনত আবদ্ধ হৈ থকা লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন দিল্লী আৰু ইউক্ৰেইনত ২৪ ঘণ্টাই পাব পৰাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিছে৷ সেই অনুসৰি নতুন দিল্লীত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয়সকলৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰ কেইটা হৈছে– +৯১১১২৩০১২১১৩, +৯১১১২৩৯১৪১০৪, +৯১১১২৩০১৭৯০৫ আৰু ১৮০০১১৮৭৯৭৷ তদুপৰি ইউক্ৰেইনত থকা ভাৰতীয়সকলৰ বাবে মুকলি কৰি দিয়া অতিৰিক্ত হেল্পলাইন নম্বৰ কেইটা হৈছে– +৩৮০৯৯৭৩০০৪২৮, +৩৮০৯৯৭৩০০৪৮৩, +৩৮ ০৯৩৩৯৮০৩২৭, +৩৮০৬৩৫৯১৭৮৮১ আৰু +৩৮০৯৩৫০৪৬১৭০৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো যুদ্ধকবলিত ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক ওভতাই অনাৰ বাবে ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাসৰ সৈতে সঘনাই যোগাযোগ ৰাখিছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যইও এক টুইটযোগে দেশখনত আবদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে৷

যুদ্ধৰ ভয়াৱহতাৰ মাজত ইউক্ৰেইনত আৱদ্ধ তেজপুৰৰ প্ৰতীক্ষা

‘আমাৰ অসমঃ ইউক্ৰেইনৰ উজহ্ৰদ নেশ্বনেল ইউনিভাৰ্ছিটীত চিকিৎসা বিজ্ঞানৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী তথা তেজপুৰৰ প্ৰতীক্ষা গগৈও আবদ্ধ হৈ পৰিছে যুদ্ধৰ উত্তাপে দাহ কৰা ইউক্ৰেইনত৷ এনে বিপদজনক পৰিস্থিতিৰ মাজতে দেশলৈ ঘূৰি আহিবলৈ সাজু হোৱা ছাত্ৰীগৰাকী অনি(য়তাৰ মাজত আৱদ্ধ হৈ আছে কিয়েভ নামৰ চহৰখনত৷ উল্লেখ্য, বিমানযোগে নিজ দেশলৈ অহা ৪ মাৰ্চত উভতি অহাৰ বাবে সাজু হৈছিল আৰু বিমানৰ টিকটো ক্ৰয় কৰিছিল প্ৰতীক্ষাই৷ কিন্তু আজি পুৱা ইউক্ৰেইনৰ কিয়েভ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত হোৱা বিস্ফোৰণৰ পাছতে চৰম অনি(য়তাত সময় অতিবাহিত কৰিবলগীয়া হৈছে ছাত্ৰীগৰাকীয়ে৷ তেজপুৰৰ হৰি গগৈ আৰু শ্যামলী গগৈৰ কন্যা প্ৰতীক্ষাই পিতৃ-মাতৃলৈ ফোনযোগে অৱগত কৰিছে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে৷ আহ৩ান জনাইছে ভাৰত চৰকাৰক যাতে তেওঁলোকক দেশলৈ ওভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে৷ ইতিমধ্যে ইউক্ৰেইনৰ পৰা বিমান যাত্ৰা বাতিলৰ নিৰ্দেশ দিছে ইউক্ৰেইন চৰকাৰে৷ এনে অৱস্থাত অহা চাৰি মাৰ্চত তেজপুৰলৈ আহিবৰ বাবে বিমানৰ টিকট ক্ৰয় কৰিও অনি(য়তাত দিন কটাবলগীয়া হৈছে প্ৰতীক্ষাই৷ প্ৰতীক্ষাই জনোৱা মতে, আজি পুৱা পাঁচবজাৰ পৰাই দেশখনৰ বিভিন্ন অঞ্চলত বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পাছতে বিদেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়৷ ইপিনে, ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা শীঘ্ৰেই ইউক্ৰেইনৰ কিয়েভ এৰাৰ জাননী জাৰি কৰিছে৷ আজি অসমৰ এগৰাকী ছাত্ৰ কিয়েভ বিমানবন্দৰৰ পৰা অহাৰ সময়তে বিস্ফোৰণ সংঘটিত হয় বুলি জানিবলৈ দিয়ে প্ৰতীক্ষাই৷ আনহাতে বৰ্তমান ইউক্ৰেইনত নিৰাপদে আছে যদিও ঘৰলৈ আহিবলৈ সাজু প্ৰতীক্ষাই এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ সহায় আৰু হস্তক্ষেপ কামনা কৰিছে৷

বিমানবন্দৰত আক্ৰমণ, বন্ধ কৰি দিয়া হৈছে বিমানসেৱা

‘আমাৰ অসম’ৰ নগৰবেৰাৰ প্ৰতিবেদক ঃ  ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ চলোৱাৰ পাছতে স্তব্ধ হৈ পৰিছে দেশখনৰ সামগ্ৰিক পৰিস্থিতি৷ এই কথা ‘আমাৰ অসম’ক জনাইছে ইউক্ৰেইনত থকা কামৰূপ জিলাৰ নগৰবেৰাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰিফ মাহফুজ ছিদ্দিকীয়ে৷ ইউক্ৰেইনৰ ছুমি ৰাজ্যিক বিশ্ববিদ্যালয়ৰ মেডিকেলৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আৰিফে কয় যে, ৰাছিয়ান সেনাই ইউক্ৰেইনৰ বৰিছপিল আৰু ছুমিৰ ওচৰৰ বিমানবন্দৰ দুটাত বোমাৰে আক্ৰমণ চলোৱাত দেশখনৰ সকলো বিমানৰ উৰণ তাৎক্ষনিকভাৱে বন্ধ কৰি দিছে ইউক্ৰেইন প্ৰশাসনে৷ আৰিফে জনোৱা মতে, দেশখনত বিমান সেৱা বন্ধ কৰি দিয়াত যুদ্ধভূমি ইউক্ৰেইনতে আৱদ্ধ হৈ পৰিছে অসমৰ শতাধিক মেডিকেল ছাত্ৰ ছাত্ৰী৷ যথেষ্ট উদ্বিগ্নতাত সময় পাৰ কৰিছে শিক্ষাৰ্থীসকলে৷ ইউক্ৰেইন প্ৰশাসনে দেশৰ নাগৰিক সকলক বাহিৰলৈ ওলাই নাযাবলৈ নিৰ্দেশ দিছে৷ ইউক্ৰেইনত অধ্যয়নৰত আন এগৰাকী মেডিকেল ছাত্ৰ জাকাৰিয়া হুছেইনে জনোৱা মতে অসমৰ বহু শিক্ষাৰ্থীয়ে বিমানযোগে আজি আৰু কাইলৈ ইউক্ৰেইন এৰাৰ কথা আছিল যদিও সেৱা সম্ভৱ হোৱা নাই৷ এনে পৰিস্থিতিত ইউক্ৰেইনত আৱদ্ধ হৈ পৰা অসমীয়া শিক্ষাৰ্থীসকল সম্প্ৰতি দিশহাৰা হৈ পৰিছে৷

ঘৰ পালেহি ইউক্ৰেইনত অধ্যয়নৰত নুমলীগড়ৰ দুই ছাত্ৰী

‘আমাৰ অসমঃ সম্প্ৰতি ৰাছিয়াৰ আগ্ৰাসনৰ সম্মুখীন হোৱা ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ - ছাত্ৰীসকলক ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ মাজতে ইউক্ৰেইনত অধ্যয়নৰত দুগৰাকী ছাত্ৰীয়ে নুমলীগড়ৰ স্ব-গৃহত উপস্থিত হৈছেহি৷  ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে ইউক্ৰেইনত চিকিৎসা বিজ্ঞান বিভাগত অধ্যয়ন কৰি থকা নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ দুই ছাত্ৰী নুৰ নাওসিং ৰহমান আৰু মেঘনা দাসে নিজ বাসগৃহত উপস্থিত হৈছে৷  নুমলীগড়ত উপস্থিত হোৱা নুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, ‘এতিয়া ঘৰ আহি পাইছোঁ৷ বহুত ভাল লাগিছে৷’ ‘ইউক্ৰেইন’ৰ বোকোভিনিয়ন ষ্টেট মেডিকেল ইউনিভাছিটী’ত এম বি বি এছ অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীয়ে লগতে কয় যে, পূৰ্বতে অফলাইন পাঠদান হৈছিল যদিও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সৃষ্টি হোৱা শেহতীয়া যুদ্ধসদৃশ পৰিস্থিতিৰ ফলশ্ৰুতিত শ্ৰেণীসমূহ অনলাইন কৰা হৈছে৷ ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো মুহূৰ্ততে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ঘনীভূত হৈ পৰাত ভাৰতীয় দূতাবাসৰ পৰা অতি শীঘ্ৰেই সাময়িকভাৱে ইউক্ৰেইন ত্যাগ কৰিবলৈ জাননী জাৰি কৰা হৈছিল, বাবে স্বদেশলৈ উভতি অহা বুলি ছাত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ আনহাতে, নুমলীগড়ৰ চিকিৎসা বিজ্ঞানৰ আন এগৰাকী ছাত্ৰী পূজা বৰদলৈ এতিয়াও ইউক্ৰেইনতে থকা বুলি সদিৰ কৰিছে ছাত্ৰীগৰাকীয়ে৷ ইপিনে, ইউক্ৰেইনৰ পৰা আহি নুমলীগড়ৰ ঘৰত উপস্থিত হোৱা আন এগৰাকী ছাত্ৰী মেঘনা দাসে কয় যে আকস্মিকভাৱে সৃষ্টি হোৱা এই পৰিস্থিতিৰ ফলশ্ৰুতিত শিক্ষাৰ্থীসকলৰ মাজত অনি(য়তা আহি পৰিছে৷ কিয়নো সকলো অনলাইন ব্যৱস্থা হোৱাৰ ফলত পৰীক্ষা দিবলৈকে কিছু অসুবিধা হ’ব বুলিও প্ৰকাশ কৰে৷ তদুপৰি, বৰ্তমানলৈকে ইউক্ৰেইনত থকা ছাত্ৰ- ছাত্ৰীসকলে উভতি অহাৰ ক্ষেত্ৰত বিমানৰ অত্যধিক ভাড়াক লৈ বিমোৰত পৰিব লগা হৈছে বুলিও তেওঁ কয়৷