Logo
image

মোলৈ চমন আহিয়েই থাকে! হিমন্ত

আমাৰ অসম, ২৫ফেব্ৰুৱাৰীঃ শেহতীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰত  নিৰ্বাচনী আচৰণবিধি ভংগৰ গোচৰত কাইলৈ অৰ্থাৎ শুকুৰবাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী৷ নিৰ্বাচনী আচৰণবিধি ভংগৰ গোচৰত আদালতৰ পৰা চমন লাভ কৰাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২০১৯ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অন্ত পৰাৰ পাছতেই নিৰ্বাচনী বিধি উলংঘন কৰি ব্যক্তিগত টেলিভিশ্বন চেনেল ‘নিউজ লাইভ’ত সাক্ষাৎকাৰ দিছিল তেতিয়াৰ কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২০১৯ চনৰ ১০ এপ্ৰিলৰ সন্ধিয়া ৭.৫৫ বজাত নিউজ লাইভত হিমন্ত বিশ্ব শৰ্মাৰ উক্ত দীঘলীয়া সাক্ষাৎকাৰ সম্প্ৰচাৰ হৈছিল৷ নিৰ্বাচনী আচৰণবিধি ভংগৰ উক্ত কাৰ্যৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে লিখিতভাৱে দেশৰ নিৰ্বাচন আয়োগৰ লগতে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াকে অভিযোগ দাখিল কৰিছিল৷ এই অভিযোগৰ ভিত্তিতে ৰুজু হোৱা গোচৰত নিৰ্বাচন আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰী শৰ্মালৈ ২৫ ফেব্ৰৱাৰীত আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে৷ অৱশ্যে এই চমন লাভ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘মাজে সময়ে কিবাকিবি চমন আহি থাকে৷ মই চমন অহাক লৈ টেনছন লোৱা নাই৷ চমন বিষয়টো মোৰ অধিবক্তাইহে জানিব৷ মোলৈ এতিয়া মুম্বাইৰ পৰাও আহিব, অন্ধ্ৰ প্ৰদেশৰ পৰাও চমন আহিব৷ গোটেই ভাৰতৰ পৰা চমন আহিব৷ আদালতৰ এই চমনক লৈ বিশেষ কোনো চিন্তা কৰা নাই৷’ উল্লেখ্য, ২৫ ফেব্ৰুৱাৰীত অৰ্থাৎ কাইলৈ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে নিউজ লাইভৰ স্বত্ত্বাধিকাৰ প্ৰতিষ্ঠান মেছাৰ্ছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকো হাজিৰ হ’ব লাগিব৷ অৱশ্যে, মুখ্যমন্ত্ৰীয়ে আদালতত হাজিৰ হ’ব নে, নে অতিৰিক্ত সময় বিচাৰিব সেয়া কাইলৈহে স্পষ্ট হ’ব৷