Logo
image

আমেৰিকা ইংলেণ্ডক পুটিনৰ ধমকি

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ যুদ্ধ  আৰম্ভ কৰিয়েই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমিৰ পুটিনে ৰাছিয়া বিৰোধী  ৰাষ্ট্ৰৰ বিৰুদ্ধে যি হুংকাৰ দিছে, সেই হুংকাৰ শুনাৰ পাছত সম্ভৱতঃ এই মুহূৰ্তত আমেৰিকা আৰু আমেৰিকা নেতৃত্বাধীন নাটোগোষ্ঠী তথা ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট˜ই ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈআগবাঢ়ি নাহিব৷ যুদ্ধ আৰম্ভ কৰিয়েই পুটিনে বিশ্বৰ সকলো ৰাষ্ট্ৰক হুংকাৰ দি ক’লে– ৰাছিয়াৰ এই পদক্ষেপত কোনেও যাতে হস্তক্ষেপ নকৰে৷ ৰাছিয়াৰ বিৰুদ্ধে হস্তক্ষেপ কৰা ৰাষ্ট্ৰই এনে পৰিণাম ভুগিব লাগিব, যি পৰিণাম তেওঁলোকে পূৰ্বে কেতিয়াও ভুগিবলগীয়া হোৱা নাছিল৷ উল্লেখ্য, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ১৮ ঘণ্টা উকলি যোৱাৰ পাছতো আমেৰিকা বা পশ্চিমীয়া কোনো ৰাষ্ট্ৰই ইউক্ৰেইনৰ পক্ষ লৈ যুদ্ধত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰা নাই৷ অৱশ্যে আমেৰিকা আৰু নাটোগোষ্ঠীৰ দেশে ইউক্ৰেইনলৈ সামৰিক আৰু আৰ্থিক সাহায্য বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে৷ পোনে পোনে যুদ্ধত নামিব বুলি কোনেও সিদ্ধান্ত লোৱা নাই৷ চীনক বাদ দি অধিকাংশ ৰাষ্ট˜ই ৰাছিয়াৰ এই পদক্ষেপক গৰিহণা দিছে৷ ৰাষ্ট্ৰ সংঘই বিভিন্ন কূটনৈতিক পদক্ষেপ আৰু জৰুৰী বৈঠক অনুষ্ঠিত কৰি ৰাছিয়াক যুদ্ধৰ পৰা বিৰত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে৷ অৱশ্যে পুটিনৰ তেনে কোনো পদক্ষেপলৈ কাণষাৰ নাই৷

 এই কথা দোহৰাৰ প্ৰয়োজন নাই যে ৰাছিয়াক সাম্প্ৰতিক সময়ত যুদ্ধৰ পৰা নিৰস্ত্ৰ কৰা সম্ভৱ নহয়৷ আমেৰিকা নেতৃত্বাধীন নাটো গোষ্ঠীয়ে ৰাছিয়াৰ বিৰুদ্ধে সামৰিক পদক্ষেপ গ্ৰহণ কৰিবলৈ এই মুহূৰ্তত সাহস গোটাব নোৱাৰাৰ মূল কাৰণ হৈছে ৰাছিয়াৰ প্ৰতি চীনৰ সমৰ্থন৷ সাম্প্ৰতিক এই সংকটৰ সময়ত ৰাছিয়াৰ কাষত বন্ধুৰ ভূমিকাত থিয় হৈ আছে চীন৷ আমেৰিকা নেতৃত্বাধীন নাটো গোষ্ঠীৰ ৰাষ্ট˜ৰ যিমানেই সামৰিক শক্তি নাথাকক, যিমানেই পৰমাণু অস্ত্ৰৰ ভাণ্ডাৰ নাথাকক, একেলগে থকা ৰাছিয়া আৰু চীনক জোকাবলৈ তেওঁলোকৰ সাহস নাই৷ দ্বিতীয় মহাসমৰত মিত্ৰশক্তিৰ সদস্য আছিল ৰাছিয়া আৰু অদমনীয় এডলফ হিটলাৰৰ জাৰ্মানীক প্ৰথমটো পৰাজয়ৰ স্বাদ দিছিল ৰাছিয়াই, ষ্টেলিনগ্ৰাডত৷ দ্বিতীয় বিশ্বযুদ্ধত দেৰিকৈ অংশগ্ৰহণ কৰি আমেৰিকা নিৰ্ণায়ক শক্তিত পৰিণত হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ আমূল পৰিৱৰ্তন ঘটিল৷ তেতিয়াৰ মিত্ৰশক্তিৰ দুই বৃহৎ শক্তি আমেৰিকা আৰু ৰাছিয়াই ছুপাৰ পাৱাৰত পৰিণত হৈ দুই ভিন্ন মেৰুত অৱস্থান কৰিলে৷ অক্ষশক্তিৰ মূল ৰাষ্ট˜ যুদ্ধবিধবস্ত জাৰ্মানী আৰু জাপানে আমেৰিকাৰ পিছপিনে থিয় দিলে৷ ব্ৰিটিছৰাজৰ পৰা মুক্ত ভাৰতে ঐতিহাসিক কাৰণতে ৰাছিয়াৰ পিছত থিয় দিবলগীয়া হ’ল৷ বিশ্বত আমেৰিকা আৰু ৰাছিয়াৰ ক্ষমতাক লৈ শীতল যুদ্ধৰ সৃষ্টি হ’ল যদিও বিশ্বযুদ্ধত বিশেষ সক্ৰিয় ভূমিকা নোলোৱা চীনে এই দীঘলীয়া সময়ছোৱাত নিজকে এছিয়া কি বিশ্বৰে ছুপাৰ পাৱাৰ হিচাপে গঢ়ি তুলিলে৷ সেই চীনে এতিয়া শীতল যুদ্ধৰ অৱসান হোৱাৰ পাছত সম-ৰাজনৈতিক ভাৱাপন্ন ৰাছিয়াৰ সৈতে থিয় হোৱাটো আমেৰিকা আৰু নাটোগোষ্ঠীৰ দেশৰ বাবে বৃহত্তম আতংকৰ কাৰণ হৈ পৰিছে৷ সেয়ে এই মুহূৰ্তত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা সত্ত্বেও আমেৰিকা নেতৃত্বাধীন নাটোগোষ্ঠীয়ে ৰাছিয়াক জোকাই ল’বলৈ সাহস নকৰে বুলি স্বয়ং পুটিনেও বিশ্বাস কৰে৷ উল্লেখ্য, চীনে শেহতীয়া সংকটৰ অপপ্ৰচাৰ চলোৱাৰ বাবে আমেৰিকাক ধাৰাবাহিকভাৱে দোষাৰোপ কৰি বাইডেনৰ ওপৰত অনৰ্গল হেঁচা অব্যাহত ৰাখিছিল৷ আজি ৰাছিয়াৰ আক্ৰমণৰ পাছত বিশ্বৰ অন্যতম বৃহৎ শক্তিৰ দেশ চীনে পোনপটীয়াকৈ ৰাছিয়াক সমৰ্থন জনাইছে৷