Logo
image

আজি লাচিত জয়ন্তীৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতিয়ে

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ প্ৰায় ৯ মাহ পূৰ্বে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম বাৰৰ বাবে ২৫ ফেব্ৰুৱাৰীত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ৷ ২৫ ফেব্ৰুৱাৰীত আগবেলা নতুন দিল্লীৰ পৰা ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আহি উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী৷ তাত অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া সকলৰ সম্বৰ্ধনা গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতি গৰাকী বিমান বন্দৰৰ পৰা স্থলপথৰে শ্ৰীশ্ৰী কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যাব৷ তাত যাবতীয় পূজা অৰ্চনা কৰাৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ আৰু জিৰণিৰ বাবে ৰাজ্য চৰকাৰৰ অনুৰোধ অনুসৰি কইনাধৰাস্থিত অসম চৰকাৰৰ ১ নং অতিথিশালালৈ যাব ৰাষ্ট্ৰপতি৷ তাৰ পাছত বিয়লি পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷ নিশাটো কইনাধৰাৰ অতিথিশালাত কটাব ৰাষ্ট্ৰপতিয়ে৷ ২৬ ফেব্ৰুৱাৰীত পুৱা ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ কইনাধৰা অতিথিশালাৰ সন্মুখত থকা খানাপাৰা খেলপথাৰত নিৰ্মাণ কৰা হেলিপেডৰ পৰা ভাৰতীয় বায়ু সেনাৰ এম আই-১৭ শ্ৰেণীৰ অত্যাধুনিক হেলিকাপ্তাৰে তেজপুৰলৈ যাব৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানত ভাগ লৈ ৰাষ্ট্ৰপতি বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ হেলিকাপ্তাৰে যাব আৰু নিশাটো তাত কটাব৷ আনহাতে খানাপাৰা খেলপথাৰত ৰাষ্ট্ৰপতিৰ আগমণ উপলক্ষে যোৱা দুদিনত দিনে নিশাই কাম কৰি অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলে নিৰ্মাণ কৰি কৰিছে চাৰিখনকৈ সুদৃশ্য হেলিপেড৷ আনকি বুধবাৰে নিশা অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে নিজে খানাপাৰা খেলপথাৰত বাঁহৰ পাতি হেলিপেড নিৰ্মাণ কাৰ্যৰ তদাৰক কৰে৷  উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ  খানাপাৰাৰ পৰা তেজপুৰ, কাজিৰঙা ভ্ৰমণত ব্যৱহৃত হব ভাৰতীয় বায়ু সেনাৰ অত্যাধুনিক হিচাপে পৰিচিত আৰু ছোভিয়েট ৰাছিয়াত নিৰ্মিত এম আই ১৭ হেলিকাপ্তাৰ বৃহস্পতিবাৰে বৰঝাৰৰ থকা ভাৰতীয় বায়ু সেনাৰ ঘাটিৰ পৰা তিনিখনকৈ এম আই ১৭ হেলিকাপ্তাৰে খানাপাৰাত নিৰ্মাণ কৰা হেলিপেডত কেইবাবাৰো উৰণ অৱতৰণৰ পৰীক্ষণ কাৰ্য সম্পন্ন কৰা পৰিলক্ষিত হয়৷  ইফালে ৰাষ্ট্ৰপতিৰ গুৱাহাটীৰ লগতে তেজপুৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ উপলক্ষে বাট-পথ মেৰামতি, সৌন্দৰ্যবৰ্ধন, চাফ চিকুণকে ধৰি কতো  যাতে ত্ৰুটি নাথাকে তাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷  আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজে আগভাগ লৈ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ যাতে সাৰ্থক হয় তাৰ বাবে দায়িত্ববাহী মন্ত্ৰী, বিষয়া, অভিযন্তাসকলৰ সৈতে বিগত প্ৰায় এটা সপ্তাহ ধৰি অহৰহ পৰ্যালোচনা অব্যাহত ৰাখিছে৷

ৰাষ্ট্ৰপতিৰ বাবে সাজু কাজিৰঙাৰ ৩টা পৰ্যটন নিৱাস

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দ পৰিয়ালসহ কাজিৰঙাত উপস্থিত হোৱাক লৈ বন বিভাগৰ লগতে প্ৰশাসনৰ বিষয়া-কৰ্মী সাংঘাতিকভাৱে ব্যস্ত হৈ পৰা দেখা গৈছে৷ কাজিৰঙাৰ কেন্দ্ৰস্থল কহঁৰাত ৰাষ্ট্ৰপ্ৰধানজনৰ ৰাত্ৰি যাপনৰ কাৰণে প্ৰশাসনে ইতিমধ্যে তিনিটা পৰ্যটন নিবাস সাজু কৰি ৰাখিছে৷ সূত্ৰ এটাই জানিবলৈ দিয়া মতে, কাজিৰঙাৰ বগৰীজুৰি আৰু শিলডুবি গাঁৱত অৱস্থিত আয়ৰা আৰু বৰগছ নামৰ ব্যক্তিগত পৰ্যটন নিৱাস দুটাৰ লগতে কহঁৰাত অৱস্থিত আৰক্ষী বিভাগৰ অতিথি গৃহ ৰাষ্ট্ৰপতিৰ কাৰণে প্ৰশাসনে সাজু কৰিছে৷ ইতিমধ্যে উক্ত তিনিটা পৰ্যটন নিৱাস মেৰামতি কৰি ৰং সানি নতুনকৈ সজাই-পৰাই তোলা হৈছে৷ উল্লেখ্য যে, ৰাষ্ট্ৰপতি কাজিৰঙালৈ চ্ছফেব্ৰুৱাৰীত পদাৰ্পণ কৰিব যদিও চাৰিদিন পূৰ্বৰ পৰাই অৰ্থাৎ ২২ ফেব্ৰুৱাৰীৰ পৰাই উক্ত তিনিটা পৰ্যটন নিৱাসত পৰ্যটকৰ লগতে সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে পূৰ্বে উক্ত তিনিটা পৰ্যটন নিৱাসত আগতীয়াকৈ সংৰক্ষণ কৰা সকলো পৰ্যটকৰ সংৰক্ষণ কোঠা বাতিল কৰাৰ লগতে ২৭ ফেব্ৰুৱাৰীলৈকে কোনো নতুন সংৰক্ষণ লোৱাটো বন্ধ ৰাখিছে৷ পৰিয়ালসহ দেশৰ ৰাষ্ট্ৰপতি উক্ত তিনিটাৰ ভিতৰত কোনটো পৰ্যটন নিৱাসত ৰাত্ৰি যাপন কৰিব এতিয়ালৈকে থিৰাং হোৱা নাই যদিও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ ইতিমধ্যে তিনিটা পৰ্যটন নিৱাসত যথেষ্টসংখ্যক আৰক্ষী জোৱান মোতায়েন কৰিছে৷ ইফালে নিৰাপত্তাৰ খাতিৰত উক্ত পৰ্যটন নিৱাসত কৰ্তব্যৰত বিষয়া- কৰ্মচাৰীৰ তথ্য সংগ্ৰহ কৰি আৰক্ষীৰ দ্বাৰা পৰীক্ষা কৰি আছে বুলিও জানিব পৰা গৈছে৷  উল্লেখ্য যে, ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দ চ্ছ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ এখন হেলিকপ্টাৰেৰে কাজিৰঙাত উপস্থিত হোৱাৰ কথা৷ ইতিমধ্যে প্ৰশাসনে ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ অৱতৰণ কৰোৱাৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত অস্থায়ী হেলিপেড নিৰ্মাণ কৰাৰ লগতে কাজিৰঙাৰ গেলেকী খেলপথাৰতো আন এখন হেলিপেড নিৰ্মাণ কৰা দেখা গৈছে৷ এক গুৰুত্বপূৰ্ণ কথা যে বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দেশৰ প্ৰথমজন নাগৰিক অৰ্থাৎ ৰাষ্ট্ৰপতি কাজিৰঙালৈ আহিবলগা কথাটো এক গৌৰৱ তথা অতি গুৰুত্বপূৰ্ণ কথা হিচাপে পৰিগণিত হোৱাৰ সময়ত বন বিভাগ অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দায়িত্বত থকা ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আজিলৈকে কাজিৰঙাত এবাৰো উপস্থিত হৈ পৰ্যৱেক্ষণ নকৰাটো ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে৷ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ সকলো প্ৰস্তুতি প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ,  গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষ আদিৰ সৈতে ক্ষণে ক্ষণে বৈঠক পাতি পৰিস্থিতিৰ বুজ লৈ আছে৷ ইফালে ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত ৰাষ্ট্ৰপতিয়ে বন বিভাগৰ পোহনীয়া হাতীৰ পিঠিত উঠি এলিফেণ্ট ছাফাৰী কৰিব৷ যাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে এলিফেণ্ট ছাফাৰী কৰিবলগা বন বিভাগৰ পোহনীয়া হাতীকেইটাক অভিজ্ঞ পশু চিকিৎসকৰ দ্বাৰা প্ৰতি দিন স্বাস্থ্য পৰীক্ষা কৰোৱাই থকা হৈছে৷ লগতে হাতীৰ মাউতসকলক বিশেষভাৱে ক’ভিড পৰীক্ষা কৰোৱাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰাই মিহিমুখত বন বিষয়াই আখৰা কৰাই আছে যাতে ৰাষ্ট্ৰপতিয়ে এলিফেণ্ট ছাফাৰী কৰোঁতে কোনো বেমেজালিৰ সৃষ্টি নহয়৷ ৰাষ্ট্ৰপ্ৰধানজনৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা আৰু বাগৰিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দ্বাৰা নিৰাপত্তা নিশ্চিত কৰোৱা হৈছে৷ জানিব পৰা মতে, ৰাষ্ট্ৰপতিয়ে ২৬ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহি কিছুসময় জিৰণি লৈ পিছবেলা কহঁৰাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম বনাঞ্চল অৰ্থাৎ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিব৷ ৰাষ্ট্ৰপতিজন যিহেতু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কহঁৰাৰ পৰা পশ্চিম দিশত থকা বাগৰিলৈ গাড়ীৰে যাব, সেই কাৰণে ৰাষ্ট্ৰীয় পথৰ কাষত থকা ধাবা, লাইন হোটেলবোৰত আজিৰ পৰা সকলোধৰণৰ বিশেষকৈ গধুৰ যান-বাহন ৰখোৱাটো নিষিদ্ধ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে, ইতিমধ্যে ভাৰতৰ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে কাজিৰঙাৰ এনিমেল কৰিড’ৰত ১৪৪ ধাৰা জাৰি কৰি সকলো গধুৰ যান-বাহন ৰখোৱা আৰু পৰিষ্কাৰ কৰাটো নিষিদ্ধ কৰি থৈছে৷ ইফালে ৰাষ্ট্ৰীপতি কহঁৰাৰ পৰা বাগৰিলৈ যাওঁতে হালধিবাৰী আৰু বাগৰি এনিমেল কৰিড’ৰ অতিক্ৰম কৰি যাব লাগিব আৰু এই এনিমেল কৰিড’ৰত কেইবাখনো ধাবা আৰু লাইন হোটেল চলি আছে৷