Logo
image

মোৰ পিতৃ ৰুছ, মাতৃ ইউক্ৰেইনৰ

অৱশেষত আমি নভবাকৈয়ে যুদ্ধখন আৰম্ভ হৈ গ’ল৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এখন হ’ব বুলি যোৱা প্ৰায় এমাহমান বিভিন্ন খবৰ ওলাই আছিল৷ সেই অনুসৰি সীমান্তৰ পৰিস্থিতিও সলনি হৈছিল৷ কিন্তু ৰাছিয়াৰ ভিতৰৰ পৰিৱেশ অলপো সলনি হোৱা নাছিল৷ পূৰ্বৰ দৰেই একে হৈ আছিল ইয়াৰ পৰিৱেশ৷ সেয়ে আচম্বিতে এখন যুদ্ধ আৰম্ভ হৈ যাব বুলি ৰাছিয়াৰ  নাগৰিকে ভবা নাছিল, বিশ্বাসো কৰা নাছিল৷ কিন্তু আজি পুৱা আমাৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে৷ এইখন ‘ফুল স্কেল ৱাৰ’– পূৰ্ণ পৰ্যায়ৰ যুদ্ধ৷ সৰু-সুৰা সংঘাত নহয়৷ তেনে সংঘাত ইউক্ৰেইনৰ সৈতে ২০১৪ চনৰ পৰা অব্যাহত আছিল৷ সেয়ে ৰাছিয়াৰ মানুহে এনেদৰে ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে ‘ফুল স্কেল ৱাৰ’ এখন ঘোষণা কৰিব বুলি ভাবিব পৰা নাছিল৷ আজি আমি প্ৰথমে সংবাদ প্ৰতিষ্ঠান ডব্লিউ এছ জেৰ পৰাহে যুদ্ধ আৰম্ভ হোৱাৰ সংবাদ পালো৷ কিয়নো ৰাছিয়াৰ ভিতৰৰ পৰিৱেশ এতিয়াও শান্তিপূৰ্ণ হৈ আছে৷ ইউক্ৰেইনত যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰিলেও আমাৰ ইয়াত এতিয়া তেনে কোনো আতংকিত হ’বলগীয়া পৰিৱেশ সৃষ্টি হোৱা নাই৷ ৰাছিয়াত এতিয়াও জৰুৰী অৱস্থা বা যুদ্ধকালীন ক্ষেত্ৰত সাধাৰণতে ঘোষণা কৰা ‘ইমাৰ্জেন্সি’ ঘোষণা কৰা হোৱা নাই৷ অথচ ইউক্ৰেইনৰ প্ৰতিবেশী দেশ লিথুৱানিয়াত ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে৷ ইউক্ৰেইনততো কথাই নাই৷ তাত কি হৈছে ভগৱানেহে জানে৷ আমি যি খবৰ পাইছো সেয়া সকলো সংবাদ প্ৰতিষ্ঠানৰ পৰা পোৱা খবৰ৷ মাছ কমিউনিকেছনৰ  ছাত্ৰ হৈও মই সংবাদ প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে৷ প্ৰকৃততে ‘গ্ৰাউণ্ড জিৰো’ বা যুদ্ধস্থলী মস্কোৰ পৰা বহু দূৰৈত৷ এতিয়ালৈকে যি খবৰ মই গোটাব পাৰিছো, সেই খবৰ অনুসৰি ৰাছিয়াই ৰাতিৰ পৰাই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ইউক্ৰেইনৰ অধিকাংশ অসামাৰিক বিমানবন্দৰ, সামৰিক ঘাটি আৰু বায়ুসেনা বাহিনীৰ ঘাটি তথা বিমানবন্দৰ ধবংস কৰি দিছে৷ প্ৰথম আক্ৰমণ সংঘটিত হৈছিল ৰাজধানী কিয়েভত আৰু কিয়েভৰ মূল অসামৰিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বৰ’স্পিলত৷ কোনো বিমান যাতে ইউক্ৰেইনলৈ আহিব নোৱাৰে আৰু ইউক্ৰেইনৰ পৰা উৰিব নোৱাৰে সেই ব্যৱস্থা নিকপকপীয়া কৰি প্ৰথমে ৰাছিয়াই প্ৰতিবেশী দেশখনৰ বিমানবন্দৰসমূহ নিষ্ক্ৰিয় কৰি দিছে৷ তদুপৰি ইউক্ৰেইনৰ মিছাইল প্ৰতিৰোধী ব্যৱস্থাও নিষ্ক্ৰিয় কৰি পেলাইছে ৰাছিয়াই৷ ৰাছিয়াই ঘাইকৈ ইউক্ৰেইনৰ সামৰিক আন্তঃগাঁথনি, বায়ুসেনাৰ প্ৰতিৰোধ ব্যৱস্থা, বায়ুসেনাৰ আক্ৰমণ কৰিব পৰা ক্ষমতা সকলো ধবংস কৰাৰ লক্ষ্য লৈছে আৰু ইতিমধ্যে তাৰ অধিকাংশ কাৰ্যকৰী কৰিছে৷ ইউক্ৰেইনৰ সংবাদ মাধ্যমে জনোৱা অনুসৰি তেওঁলোকৰ কেইবাহাজাৰ ‘ছাৰ্ভিছ মেম্বাৰ’ বা সেনাবাহিনীৰ লোক দেশখনৰ একেবাৰে পূবৰ ড’নেৎস্ক’ আৰু লুগানস্কত মৃত্যুৰ বলি হৈছে৷ ইউক্ৰেইনৰ ৰাষ্ট˜পতি ভল’ডিমিৰ জেলেনস্কিয়ে সেই কথা স্বীকাৰ কৰি কৈছে যে ৰাছিয়াই তেওঁলোকৰ সামৰিক আন্তঃগাঁথনি ধবংস কৰাৰ পদক্ষেপ লৈছে আৰু ব’ৰ্ডাৰ গাৰ্ডছৰ ওপৰত আক্ৰমণ হানিছে৷ এয়া অৱশ্যে পুৱাৰে খবৰ৷ দুপৰীয়াৰ পাছৰ পৰা ইউক্ৰেইনৰ পৰিস্থিতি আৰু সলনি হৈছে৷

আমাৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে যুদ্ধ বিৰোধী প্ৰতিবাদ নিষিদ্ধ ঘোষণা কৰিছে৷ প্ৰকৃততে ময়ো এই মুহূৰ্তত যুদ্ধৰ খবৰ লিখাৰ পক্ষপাতী নাছিলো৷ যিহেতু আজিহে যুদ্ধখন আৰম্ভ হৈছে আৰু দেশত ৰাষ্ট্ৰপতিয়ে কিছু কিছু বিষয়ত নিষেধাজ্ঞা আৰোপ কৰিছে, সেয়ে এনে পৰিস্থিতিত মই ভিন্ন এখন দেশৰ সংবাদ মাধ্যমৰ বাবে লিখিবলৈ ইচ্ছা কৰা নাছিলো৷ কিন্তু মোৰ ভাৰতীয় সাংবাদিক বন্ধু মনোজ কুমাৰ গোস্বামীয়ে পুৱা যুদ্ধ আৰম্ভ হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে মোক যুদ্ধৰ খবৰ লৈ এটা লেখা যুগুতাবলৈ অনুৰোধ কৰিলে৷ তেওঁৰ অনুৰোধ ৰক্ষা কৰিয়েই মই ভাৰতৰ সংবাদপত্ৰৰ বাবে ৰাছিয়াৰ যুদ্ধৰ বিষয়ে প্ৰথমটো খবৰ লিখিবলগীয়া হৈছে৷ 

মই ব্যক্তিগতভাৱে এনে যুদ্ধ নিবিচাৰো৷ অধিকাংশ ৰাছিয়ানেও যুদ্ধ নিবিচাৰে৷ মোৰ পিতৃ ৰাছিয়ান আৰু মাতৃ ইউক্ৰেইনৰ৷ মোৰ দৰে এনে দুই দেশৰ পিতৃ-মাতৃ থকা ব্যক্তি ৰাছিয়াতেই নহয় সমগ্ৰ অঞ্চলটোতে আছে৷ কিয়নো এসময়ত এই গোটেইবোৰ দেশ ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত আছিল৷ সেয়ে আমাৰ লগৰ কাৰোবাৰ পিতৃ ৰাছিয়াৰ, মাতৃ জৰ্জিয়াৰ৷ কাৰোবাৰ পিতৃ ইউক্ৰেইনৰ, মাতৃ ৰাছিয়াৰ অথবা বেলাৰুছৰ৷ মোৰ বাবে এয়া মাতৃভূমিত পিতৃভূমিৰ আক্ৰমণৰ দৰেই হৈছে৷ স্বৰূপাৰ্থতে এই কথা সঁচা৷ মই এই যুদ্ধত কাক সমৰ্থন কৰিম? পিতৃভূমি ৰাছিয়াক নে মাতৃভূমি ইউক্ৰেইনক? আচলতে এয়া আমাৰ বাবে এক সংকট আৰু দ্বিধাগ্ৰস্ত হৈ পৰাৰ সময়৷ এসময়ৰ ছোভিয়েট ৰাছিয়া বুলি ক’লে যিসমূহ দেশৰ সমষ্টি আছিল সেই সকলো দেশৰ লোকৰ বাবেই এতিয়া মোৰ সৈতে পৰিস্থিতি একে৷ যুদ্ধ কোনেও নিবিচাৰে৷ আমাৰ ক্ষেত্ৰত পৰিস্থিতি অধিক জটিল৷ কিয়নো আমি প্ৰতিৱেশী সকলো দেশৰ মূল বা শিপা একেটাই৷ তাৰে ইউক্ৰেইন আৰু লিথুৱানিয়াই আমেৰিকা আৰু নাটোগোষ্ঠীৰ দেশসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখি আছে৷ বাকী বেছিভাগ ছোভিয়েট ৰাছিয়াৰ পৰা ভাগি দেশে ৰাছিয়াৰ সৈতেই সম্পৰ্ক অব্যাহত ৰাখিছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ছোভিয়েটৰ পৰা ভাগি যোৱা সকলো দেশেই ৰাছিয়া প্ৰভাৱাধীন হৈ থকাটো বিচাৰে৷ কিন্তু সেইবুলি তেওঁ এনেদৰে হঠাতে আক্ৰমণ আৰম্ভ কৰি যুদ্ধ ঘোষণা কৰিব বুলি আমি ভাবিব পৰা নাছিলো৷ সেয়ে এতিয়াও যুদ্ধ হৈছে বুলি বিশ্বাস কৰাই টান হৈছে৷ কিন্তু সাংবাদিক হিচাপে বাস্তৱ পৰিস্থিতি দেখি তাক অস্বীকাৰ কৰাটোও কঠিন হৈ পৰিছে মোৰ বাবে৷ মই ভাবো তিনি-চাৰিদিনৰ ভিতৰত ৰাজধানী কিয়েভ ৰাছিয়াৰ সেনাৰ নিয়ন্ত্ৰণলৈ আহিব আৰু দেশখনৰ নতুন ৰাষ্ট্ৰপতি হ’ব ভিক্টৰ য়ানুক’ভিছ৷ পূৰ্বে তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আছিল যদিও ২০১৪ চনত দেশৰ নাগৰিকে তেওঁক নিৰ্বাচনত বিতাড়িত কৰিছিল৷

আচলতে ৰাছিয়াৰ পৰিৱেশ মুঠেই ভাল নহয়৷ ঘাইকৈ অৰ্থনৈতিক ক্ষেত্ৰত ৰাছিয়া বিধবস্ত৷ ইউক্ৰেইনে পশ্চিমৰ যি দেশৰ সৈতে সম্পৰ্ক ৰাখি আছে, সেই নাটোগোষ্ঠী আৰু ইউৰোপিয়ান ইউনিয়নৰ অন্তৰ্গত দেশসমূহৰ আৰ্থ-সামাজিক অৱস্থা  আমাতকৈ, মানে ৰাছিয়াতকৈ বহু উন্নত৷ সেয়ে ইউক্ৰেইন বা পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত বহু দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু নাগৰিকে তেনে আৰ্থ-সামাজিক পৰিৱেশ বিচাৰি নাটোগোষ্ঠী আৰু ইউৰোপিয়ান ইউনিয়নৰ অন্তৰ্গত হ’বলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সেই বিষয়টোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ক্ষুব্ধ৷ তেওঁ বিচাৰে ৰাছিয়াৰ পৰা ভাগি যোৱা দেশসমূহ ৰাছিয়াৰ প্ৰভাৱাধীন হৈ থাকক৷ ৰণকৌশলগত দিশত ৰাষ্ট্ৰপতি পুটিনৰ এই ইচ্ছা ভুল বুলি ক’ব নোৱাৰি৷ আমেৰিকাকে ধৰি শক্তিশালী সকলো দেশে তেওঁলোকৰ চুবুৰীয়া সকলো দেশক নিজৰ প্ৰভাৱাধীন কৰি ৰাখিবলৈ চেষ্টা চলাই থকাটো ঐতিহাসিকভাৱে সত্য৷ ইয়াৰ উপৰি ৰাছিয়াৰ ৰুগ্ন অৱস্থাও পুটিনৰ শেহতীয়া পদক্ষেপৰ আন এক কাৰণ৷ দেশৰ ভিতৰত তেওঁৰ জনপ্ৰিয়তা বিগত কেইবাবছৰত দ্ৰুতভাৱে স্খলন ঘটিছে৷ এনে পৰিস্থিতিত যোৱা ২২ বছৰ ধৰি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি হিচাপে ৰাছিয়াক শাসন কৰি থকা পুটিনৰ এনে পদক্ষেপ গ্ৰহণ কৰাৰ গত্যন্তৰ নাছিল৷ যুদ্ধখনৰ ফলত ৰাছিয়াৰ ভয়ংকৰ অৰ্থনৈতিক ক্ষতি হ’ব৷ তাৰ আৰম্ভণি হৈ গৈছে৷ কিন্তু পুটিনে আশা কৰিছে ৰাষ্ট্ৰনায়ক হিচাপে তেওঁৰ পূৰ্বৰ জনপ্ৰিয়তা উভতি আহিব আৰু ইউক্ৰেইনক পদানত কৰি এতিয়া হোৱা সকলো অৰ্থনৈতিক ক্ষতি সেই দেশৰ সম্পজদ আহৰণ কৰি পূৰণ কৰিব৷