Logo
image

তেল, সোণ আকাশচুম্বী শ্বেয়াৰ বজাৰ বিধবস্ত

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ ৰাছিয়াই প্ৰতিবেশী ৰাষ্ট্ৰ ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে ৰাছিয়া, ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত অভাৱনীয় স্খলন ঘটিছে আৰু সমান্তৰালভাৱে খাৰুৱা তেল আৰু সোণৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ ভাৰতীয় শ্বেয়াৰ বজাৰেও যুদ্ধৰ জোকাৰণি সহিব নোৱাৰি আক্ষৰিক অৰ্থতে খহি পৰে আৰু দিনটোত ব’ম্বে ষ্টক এক্সচেঞ্জৰ ছেনছেক্স ২৪০২.১৫ পইণ্টৰ পতন ঘটে৷ দেশৰ শ্বেয়াৰ বজাৰৰ ইতিহাসত এয়া দশমটো বৃহৎ পতন, যাৰ ফলত ভাৰতীয় মূলধনী বজাৰৰ বিনিযোগকাৰীৰ ১০ লাখ কোটি টকা লোকচান হয়৷ আনহাতে, নেচশ্বনেল ষ্টক এক্সচেঞ্জ অৰ্থাৎ এন এছ ই নিফটি ৮১৫.৩০ পইণ্টৰ পটন ঘটে৷ ইপিনে, পুৱাই ২৯ শতাংশ পতনেৰে ৰাছিয়াৰ শ্বেয়াৰ বজাৰ আৰম্ভ হয় আৰু ৫০ শতাংশ পতন ঘটা অৱস্থাত সাময়িকভাৱে ৰাছিয়াৰ শ্বেয়াৰ বজাৰ বন্ধ কৰি দিয়া হয়৷ 

আনহাতে খাৰুৱা তেলৰ মূল্যই বৃহস্পতিবাৰে প্ৰতি বেৰেলত ১০৫ মাৰ্কিন ডলাৰ স্পৰ্শ কৰে৷ ২০১৪ চনৰ ছেপ্টেম্বৰত খাৰুৱা তেলৰ মূল্যই প্ৰতি বেৰেলত ১০০ মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছিল৷ এতিয়া যুদ্ধৰ ফলত বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্যই সেই সীমাও স্পৰ্শ কৰিলে৷ একেলগে দেশৰ বজাৰত সোণৰ মূল্যও বৃহস্পতিবাৰে আকাশলংঘী হৈ পৰে৷ বৃহস্পতিবাৰে সোণৰ বজাৰ আৰম্ভ হোৱাৰ লগে লগে এম চি এছ সূচকত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ভাৰতত ১,৪০০ টকা বৃদ্ধি পায়৷ ফলত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হয়গৈ ৫১,৭৫০ টকা৷ এয়া এদিনত সোণৰ মূল্যৰ সৰ্বাধিক উত্থান৷ বিশ্ব বজাৰত আজি এদিনতে এক আউন্স স্পট সোণৰ মূল্য ১,৯২৫ ডলাৰ বৃদ্ধি হয়৷ 

উল্লেখ্য, ৰাছিয়াৰ তেলৰ ওপৰতে নিৰ্ভৰ কৰি চলে পশ্চিমীয়া ইউৰোপৰ অধিকাংশ দেশ৷ ৰাছিয়াৰ পৰা ইউৰোপৰ আন দেশলৈ ৩৫ শতাংশ গেছ ৰপ্তানি কৰা হয়৷ যুদ্ধৰ ফলত আৰু ইউৰোপৰ পশ্চিমীয়া দেশে ৰাছিয়াৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে ৰাছিয়াই সেই দেশসমূহক খাৰুৱা তেলৰ যোগান বন্ধ কৰি দিব৷ ফলত সমগ্ৰ ইউৰোপত পেট্ৰ’লজাত সামগ্ৰীৰ বাবে হাহাকাৰৰ সৃষ্টি হ’ব৷ বৃহস্পতিবাৰে যুদ্ধৰ প্ৰথম দিনটোতে খাৰুৱা তেলৰ মূল্যই ১০৫ ডলাৰ স্পৰ্শ কৰি তাৰে ইংগিত দিছে৷ সন্দেহ নাই, ইয়াৰ প্ৰভাৱ বিশ্বজুৰি পৰিব আৰু সমগ্ৰ বিশ্বৰে অৰ্থনীতি বিধবস্ত হৈ পৰিব৷