Logo
image

হৰিনামৰ ধবনিৰে জীপাল ৰাঙলী পথাৰ

বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰৰ পৰা জ্যোতিষ কুমাৰ পাতিৰ আৰু সীমান্ত ভাগৱতীঃ হৰিনামৰ ধবনিৰে জীপাল হৈ পৰিছে নাহৰকটীয়াৰ ৰাঙলী পথাৰ৷ ভক্তিৰসেৰে সজীৱ আৰু সপ্ৰাণ হৈ পৰিছে বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনখন নাহৰকটীয়াৰ ৰাঙলী পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতি স্বাভাৱিক হৈ অহাৰ লগে লগে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত উত্তৰ-পূবৰ অন্যতম আধ্যাত্মিক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰথম দিনা কাৰ্যসূচী আৰম্ভ হয় পৰিৱেশ নিকাকৰণেৰে৷ ইয়াৰ পাছতে বিভিন্ন তোৰণসমূহৰো দ্বাৰ উন্মোচন কৰা কৰা হয়৷ ইফালে শংকৰ সংঘৰ অধিৱেশনক কেন্দ্ৰ কৰি ভকত-বৈষ্ণৱৰ নাম-প্ৰসংগৰে জীপাল হৈ পৰিছে বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা আহিছে ভকত-বৈষ্ণৱসকল৷ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হোৱা ৰাঙলী পথাৰত সংযোগ ঘটিছে মণিকাঞ্চনৰ৷ আনহাতে, অধিৱেশন উপলক্ষে আয়োজিত গ্ৰন্থমেলাত আহিছে ৰাজ্যৰ ৭৬খনৰো অধিক গ্ৰন্থ বিপণী৷ প্ৰশাসনিক বিধি-ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হোৱা এই অধিৱেশনত স্বাস্থ্য শিবিৰ, অগ্নিনিৰ্বাপক বাহিনী, বিনামূলীয়া বিশুদ্ধ খোৱা পানীৰো আছে ব্যৱস্থা৷ তদুপৰি, এইবাৰ অধিৱেশনত মূল আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিণত হৈছে প্ৰায় ৫ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা পতাকা উত্তোলনৰ বেদী৷ প্ৰায় এমাহ ধৰি নিৰ্মাণ কৰা হৈছিল এই বেদীটো৷ এই অধিৱেশনতে একেলগে প্ৰায় ২০ হাজাৰ ভকত-বৈষ্ণৱৰ বাবে আপ্যায়নৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হোৱা অধিৱেশনৰ প্ৰথম দিনা উন্মোচিত হ’ল কুৰিখনৰো অধিক গ্ৰন্থ৷ উল্লেখ্য যে, বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ অধিৱেশনত ৰাজ্যখনৰ প্ৰায় দহ লক্ষাধিক লোক সমবেত হৈছে৷ ইফালে অধিৱেশনৰ মূল প্ৰৱেশ-দ্বাৰত স্থানীয় লোকৰ দ্বাৰা থিয় নামেৰে অতিথিক আদৰণি জনোৱাৰ পৰ্ব আছিল দৃষ্টিকটু৷ প্ৰকৃতাৰ্থত ৰাঙলী পথাৰৰ শংকৰ সংঘৰ অধিৱেশনখনে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে৷ মন কৰিবলগীয়া যে, প্ৰায় ৬১ একৰ ভূমিক সামৰি নিৰ্মাণ কৰা বিশাল ক্ষেত্ৰখনৰ মূল মণ্ডপটো নিৰ্মাণ কৰা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত৷ সমন্বয়ৰ থলীৰূপে পৰিগণিত হোৱা ৯১সংখ্যক শংকৰ সংঘৰ অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে এই অধিৱেশনৰথলীৰ পৰা সমন্বয়ৰ বাৰ্তা লৈ যাব বুলি প্ৰকাশ কৰিছে। আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷

অধিৱেশনৰ প্ৰথম দিনাই কুৰিখনৰো অধিক গ্ৰন্থ উন্মোচন

‘শংকৰদেৱে আমাক জ্ঞান আহৰণৰ বাবে যিখিনি সৃষ্টি দি থৈ গ’ল বা শংকৰদেৱে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ বাবে যিখিনি কৰ্ম দি থৈ গ’ল সেইসমূহৰ ওপৰত আমি কেনেকৈ জ্ঞান নিৰ্মাণ কৰিব পাৰোঁ সেই দিশৰ ওপৰত নতুন প্ৰজন্মই আগবাঢ়ি আহিব লাগে৷’ এই মন্তব্য বীৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জ্যোতি প্ৰসাদ শইকীয়াৰ৷ আজিৰে পৰা ভক্তিৰসেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল স্মৃতিগ্ৰন্থখন উন্মোচন কৰি এনেদৰে কয়৷ স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভাখন পৰিচালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে৷ সভাত ডিব্ৰুগড় জিলাৰ ইতিহাসসম্বলিত গ্ৰন্থখন উন্মোচন কৰি অসম বিধানসভাৰ প্ৰধানসচিব হেমেন দাসে শংকৰদেৱৰ বিষয়ে তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়৷ সেইদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনৰ ৯১সংখ্যক আদৰণি সমিতিৰ পৰা প্ৰকাশিত বিদ্যায়তনিক গ্ৰন্থখন উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃণাল কুমাৰ বৰাই৷ সংঘৰ মুখপত্ৰ ‘নাম ধৰ্ম’ গ্ৰন্থ উন্মোচন কৰে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই, গৱেষণা পত্ৰিকা ‘মহাপুৰুষ জ্যোতি’ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে, শংকৰী সংস্কৃতিৰ সুবাস উন্মোচন কৰে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ শশী কান্ত শইকীয়াই৷ সভাত কুৰিখনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হয়৷  গ্ৰন্থ উন্মোচনী সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দুৰ্লভ পাঠক, নৰেন্দ্ৰ মহেলা, সোণাৰী সমষ্টিৰ বিধয়াক ধৰ্মেশ্বৰ কোঁৱৰ অভিযন্তা প্ৰশান্ত শইকীয়া আদিৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ এই অনুষ্ঠানৰ পাছতে থ্ৰীফ্‌ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ ছ’চাইটীৰ এখন সভা অনুষ্ঠিত হয়৷ সভাখন পৰিচালনা কৰে থ্ৰীফ্‌ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ ছ’চাইটীৰ সভাপতি হৰেন্দ্ৰ বৰাই৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলা সমবায়সমূহৰ উপ-পঞ্জীয়ক সঞ্জীৱ বৰুৱা৷ ইয়াৰ পাছতে প্ৰতিনিধিৰ সভাকক্ষত শিশু, আই মাতৃ কল্যাণ শাখাসমূহৰ সাধাৰণ পৰিষদৰ এখন সভা অনুষ্ঠিত হয়৷ সন্ধিয়া নাটঘৰ উন্মোচনৰ পাছতে এখন অংকীয়া নাট প্ৰদৰ্শন কৰা হয় আৰু নিশালৈ সেৱা বাহিনীৰ সাধাৰণ সভা সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন উপলক্ষে নাহৰকটীয়াৰ ৰাঙলী পথাৰত সমবেত হৈছে অজস্ৰ ভকত, জাত জাত হৰিনামৰ ধবনিৰে জীপাল হৈ পৰিছে বিশাল ৰাঙলী পথাৰ৷ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰেণ্য সাহিত্যিক ড॰ নগেন শইকীয়া, গুজৰাটৰ বিশিষ্ট গৱেষক, পণ্ডিত ড॰ গৌতম পেটেল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকিব৷