Logo
image

মৰণপণ যুঁজ দিলেও কিয়েভৰ পতন আসন্ন

আমাৰ অসম, ২৬ ফেব্ৰুৱাৰীঃ ৰাছিয়াৰ অপৰাজেয় সেনা বাহিনী ইউক্ৰেইনৰ ৰাজধানী কিয়েভক পোনাই জোৰ কদমত আগবাঢ়িছে আৰু চহৰৰ প্ৰতিটো প্ৰৱেশ পথতে বিশাল অস্ত্ৰসম্ভাৰ লৈ পুটিনৰ সেনাক গোলাৰে স্বাগতম জনাবলৈ ৰুদ্ধশ্বাসে অপেক্ষা কৰি আছে ইউক্ৰেইনৰ অদমনীয় সেনা আৰু অসামৰিক দেশপ্ৰেমী৷ যি গতি আৰু যি মূৰ্তিৰে ভ্লাডিমিৰ পুটিনৰ সেনা বাহিনী ৰাজধানী কিয়েভৰ পিনে আগবাঢ়িছে, সেই দৃশ্যই বাৰে বাৰে এডল্‌ফ হিটলাৰৰ ‘অপাৰেচন বাৰ্বাৰাছা’লৈ মনত পেলাই দিছে৷ এতিয়াৰ পৰা ৮১ বছৰৰ পূৰ্বে ১৯৪১ চনৰ অক্টোবৰত এনেদৰেই বিজুলী সঞ্চাৰে  সোমাই হিটলাৰৰ বাহিনী তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভলৈ কদমত আগবাঢ়িছিল৷ বৰ্বৰ নাৎচি আক্ৰমণৰ সন্মুখত যোছেফ ষ্টেলিনৰ বাহিনী পৰাভূত হৈছিল আৰু দুদিনৰ তয়াময়া যুদ্ধৰ অন্তত খাৰকিভৰ পতন ঘটিছিল৷ সংযোগবশতঃ সেই খাৰকিভ হৈছে এতিয়া ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম আৰু মূল সামৰিক চহৰ৷ হিটলাৰৰ অপাৰেচন বাৰ্বাৰাছাৰ সেয়া আছিল সফল আৰম্ভণি৷ পক্ষ আৰু প্ৰতিপক্ষ ভিন্ন, বছৰৰ ব্যৱধানো প্ৰায় ৮১ বছৰ, কিন্তু ইউক্ৰেইনৰ ৰাজধানীলৈ ভ্লাডিমৰ পুটিনৰ বাহিনীৰ অগ্ৰসৰ হোৱাৰ ৰূপ, কৌশল একে, ঠিক যেন হিটলাৰৰ ছাঁয়া৷ ৰাছিয়াৰ কিয়েভ দখলৰ এই মূল অভিযানৰ নাম খুউব সম্ভৱতঃ ‘অপাৰেচন জেড’, কিয়নো ক্ৰমাৎ চহৰৰ প্ৰাণকেন্দ্ৰলৈ আগবঢ়া ৰুছ বাহিনীৰ টেংক, যুদ্ধাস্ত্ৰ সজ্জিত গাড়ী প্ৰত্যেকৰে সন্মুখভাগত খোদিত কৰা আছে ৰোমান লিপিৰ ‘জেড’ আখৰটো৷ ৰুছ বাহিনীয়ে অভিযানৰ নাম আৰু গূঢ়াৰ্থ একোৱেই প্ৰকাশ কৰা নাই, কিন্তু বিশ্বৰ যুদ্ধ বিশাৰদৰ কথা দূৰতে থাকক, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা যুদ্ধখনৰ বিষয়ে সামান্য খবৰ ৰখা প্ৰত্যেকেই বুজিছে, ৰুছ সেনাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য ৰাজধানী কিয়েভ দখল আৰু তাৰেই নাম ৰাখিছে পুটিনে ‘অপাৰেচন জেড’৷ প্ৰথমদিনাৰ যুদ্ধত আকাশী আক্ৰমণ আৰু কৃষ্ণসাগৰ তথা আজভ সাগৰৰ ৰণতৰীৰ পৰা কৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত এতিয়া পূব, উত্তৰ আৰু দক্ষিণ দিশৰ পৰা ইউক্ৰেইনত প্ৰৱেশ কৰা ৰুছ সেনাৰ প্ৰতিটো ব্ৰিগেডেই কিয়েভ চহৰৰ দিশে পথ পোনাইছে৷ সেয়ে প্ৰথম দিনটোৰ তুলনাত শুকুৰবাৰে দ্বিতীয় দিনা আকাশী আক্ৰমণৰ হাৰ কম, যাতে দেশখনত প্ৰৱেশ কৰা নিজৰ বাহিনীৰ বিমান, ক্ষেপণাস্ত্ৰ আক্ৰমণত কোনো তেনে ক্ষতি নহয়৷ অৱশ্যে সমগ্ৰ নিশা ৰাছিয়াই ক্ষেপণাস্ত্ৰ, বোমাৰে কিয়েভ চহৰখন প্ৰায় ধবংসস্তুপত পৰিণত কৰিছে, কিয়েভৰ বাসিন্দাৰ ৰাতি পুৱাইছে ক্ষেপণাস্ত্ৰ, বোমা, কামানৰ গোলাৰ মুহুৰ্মূহু শব্দত৷

মাথোঁ ২৪ ঘণ্টাত বোমা, ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনৰ সামৰিক ঘাটি, বিমান ঘাটি, বিমান কোঠ গুৰি কৰি দেশখনৰ ৰাজধানী চহৰত ৰুছ বাহিনী সোমাই পৰাৰ ঘটনাই ৰাছিয়াৰ পৰাক্ৰম আৰু শক্তি বিশ্বৰ সকলো দেশৰ সন্মুখত স্পষ্ট কৰি দিছে৷ কিন্তু সমানে যুঁজিছে ইউক্ৰেইনে৷ পৰাজয় নিৰ্ঘাত বুলি নিশ্চিত হোৱা সত্ত্বেও যি প্ৰবল পৰাক্ৰমেৰে ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে যুঁজ দিছে, ৰুছ বাহিনীক প্ৰতিৰোধ কৰিছে, সি আন নালাগে স্বয়ং পুটিন আৰু ৰুছ সেনা বিষয়াকো উচপ খুৱাই দিছে৷ ইউক্ৰেইনৰ বাবে এয়া মৰণপণ যুঁজ, জীৱন-মৰণৰ যুঁজ৷ তৰিলে দেশ, মৰিলে স্বৰ্গ৷ সেয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে তেওঁৰ সম্পূৰ্ণ ২,৫০,০০০ সেনা যুদ্ধক্ষেত্ৰলৈ আগবঢ়াই দিছে৷ বাকী সংৰক্ষিত ১,৪০,০০০ সেনাকো তেওঁ নমাবলৈ সাজু কৰিছে৷ প্ৰতিৰোধ গঢ়ি তুলিছে সাধাৰণ অসামৰিক লোকেও৷ তেওঁলোকৰ হাতত তুলি দিয়া হৈছে কালাছনিকভ ৰাইফল৷ এতিয়া কিয়েভত সূৰ্যাস্ত হৈছে আৰু ৰাছিয়াৰ বাহিনীয়ে নতুন সূৰ্যোদয়ৰ আকাশ ক্ৰমাৎ মূল কেন্দ্ৰলৈ অগ্ৰসৰ হৈছে৷ পুটিনে সেনা বাহিনীক নিৰ্দেশ জাৰি কৰিছে, তেওঁলোকে অবিলম্বে দেশখনৰ সকলো বিমান বন্দৰৰ দখল লওক, যাতে ৰাছিয়াই দ্ৰুতগতিত সেনা প্ৰেৰণ কৰিব পাৰে৷ তদুপৰি ৰাজধানীত প্ৰৱেশ কৰা সেনাবাহিনীক আগতীয়াকৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে, জেলেনস্কি চৰকাৰৰ মন্ত্ৰী আৰু সাংসদসকলক বিচাৰি অবিলম্বে গ্ৰেপ্তাৰ কৰক৷ কিয়নো ৰাষ্ট্ৰপতি জেলেনস্কিক হত্যা কৰাৰ পৰিকল্পনা কৰিছে পুটিনে৷ তেওঁক হত্যাৰ পাছতে ইউক্ৰেইনৰ বাহিনীয়ে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ব বুলি ৰাছিয়াই আশা কৰিছে৷ তেতিয়া দখলদাৰী ৰাছিয়াই তাৎক্ষণিকভাৱে এখন নতুন চৰকাৰ গঠন কৰি দিব আৰু সেই চৰকাৰে তেওঁলোকৰ সৈতে যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিব৷ কিয়নো যুদ্ধ দীঘলীয়া হ’লে বিশ্বজুৰি প্ৰতিক্ৰিয়া বৃদ্ধি পাব আৰু তাৰ বিৰূপ ফল হিচাপে আন কোনো দেশ এই যুদ্ধত জড়িত হৈ পৰিব পাৰে৷

ৰাছিয়াৰ সেনা বাহিনীয়ে যিমান সহজে কিয়েভ দখল কৰিব বুলি আশা কৰিছিল, সম্ভৱতঃ সিমান সোনকালে সেই কাৰ্য সম্ভৱ নহ’ব৷ ৰাছিয়াৰ বাহিনীয়ে ৩৬ ঘণ্টাৰ ভিতৰতে কিয়েভ দখল কৰি ইউক্ৰেইনক পদানত কৰিব বুলি পৰিকল্পনা কৰিছিল৷ পিছে চহৰত প্ৰৱেশ কৰিবলৈ লৈ ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইনৰ সেনাৰ পৰা প্ৰৱল বাধাৰ সন্মুখীন হৈছে৷ এতিয়া ৰাজধানী চহৰখনত ঠায়ে ঠায়ে শত্ৰুৰ সৈতে যুদ্ধত মত্ত হৈছে ইউক্ৰেইনৰ বাহিনী৷ তেওঁলোকে আগতীয়াকৈ ওখ আৰু সুবিধাজনক স্থানত স্থিতি লৈ ৰাছিয়াৰ সেনাক প্ৰতিহত কৰিবলৈ চেষ্টা চলাইছে৷ কেৱল সেনা বাহিনীয়েই নহয়, হাতত অস্ত্ৰ লৈ আৰু খালী হাতে ৰাছিয়াৰ সেনাক ভেটিবলৈ ওলাই আহিছে সাধাৰণ লোক৷ এটা ভিডিঅ’ত এজন ইউক্ৰেইনৰ নাগৰিকে কিয়েভ চহৰৰ সোঁমাজত ৰাছিয়াৰ সেনাৰ টেংকৰ সন্মুখত ৰৈ বাধা দিয়াৰ চেষ্টা কৰাৰ ঘটনা প্ৰকাশ হোৱাত বহু বছৰৰ পূৰ্বে চীনৰ টিয়ানআনমেন স্কোৱাৰত এজন ব্যক্তিয়ে চীনৰ টেংক বাহিনীক ভেটিবলৈ লোৱাৰ দৃশ্য মনত পেলাই দিছে৷ চহৰৰ ঠায়ে ঠায়ে এতিয়া খণ্ডযুদ্ধ আৰম্ভ হৈছে আৰু সেই যুদ্ধ কেতিয়ালৈ অন্ত পৰে তাৰ কোনো নিশ্চয়তা নাই৷ কিন্তু প্ৰৱল প্ৰতাপী ৰাছিয়াৰ বাহিনীৰ আগত ক্ষুদ্ৰ শক্তিৰ ইউক্ৰেইনে যিকোনো মুহূৰ্ততে যে বশ্যতা স্বীকাৰ কৰিব সেয়া অৱধাৰিত৷