Logo
image

ইউক্ৰেইনৰ আৰ্তনাদ, বিশ্ব নিশ্চুপ

ভুলতো যুদ্ধত নানামে আমেৰিকা

পশ্চিমীয়া বিশ্বক কাপুৰুষ আখ্যা জেলেনস্কিৰ

আমাৰ অসম, ২৬ ফেব্ৰুৱাৰীঃ প্ৰচণ্ড ক্ষোভ, খং-ৰাগ, দুখ-শোক আৰু হতাশাত জ্বলিপুৰি মৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি৷ মাথোঁ ২৪ ঘণ্টাৰ ভিতৰতে অকলশৰীয়া হৈ পৰাৰ ক্ষোভ আৰু হতাশাই দহিছে তেওঁক৷ নিজৰ মৰমৰ দেশ ইউক্ৰেইনে আৰ্তনাদ কৰিছে, কিন্তু বিশ্ব নিশ্চুপ৷ যি আমেৰিকা আৰু আমেৰিকাৰ সংগী নাটোগোষ্ঠীৰ পশ্চিম ইউৰোপৰ দেশ তথা ইউৰোপিয়ান ইউনিয়নৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ প্ৰতিবেশী আৰু জন্মদাতা ৰাছিয়াৰ বিৰুদ্ধে শতুৰু শালিছিল, সেই এখনো দেশ এতিয়া ইউক্ৰেইনৰ কাষত নাই৷ যুদ্ধৰ যন্ত্ৰণাত দগ্ধ, বিধবস্ত ইউক্ৰেইনক এৰি সকলোৱেই আঁতৰি পৰিছে৷ বিশ্বৰ ছুপাৰপাৱাৰ, দুখনকৈ বিশ্বযুদ্ধত অপৰাজেয় হৈ থকা ৰাছিয়াৰ বিৰুদ্ধে অস্ত্ৰ টোৱাবলৈ ইউৰোপৰ এখনো দেশৰ সাহস নাই নায়েই, আনকি বিশ্বৰ মহাশক্তিধৰ বুলি গৰ্ব কৰি থকা আন এক ছুপাৰপাৱাৰ আমেৰিকায়ো বিপদৰ সময়ত ইউক্ৰেইন আক্ৰমণকাৰী ৰাছিয়াৰ বিৰুদ্ধে ভুলতো অস্ত্ৰ তুলি নলয় বুলি ঘোষণা কৰিছে৷ সেয়ে প্ৰচণ্ড খং হতাশাত যুদ্ধৰ প্ৰথম নিশাই গোপন বাংকাৰৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ইমানদিনে তেওঁক উচটাই থকা ৰাষ্ট্ৰসমূহক আৰু সেই সেই দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলক কাপুৰুষ বুলি গালি পাৰিছে৷ কালিৰ দিনটোৰ ভিতৰত জেলেনস্কিয়ে ২৭ খন দেশৰ ৰাষ্ট্ৰপ্ৰধানলৈ ফোন কৰি সঁহাৰি নোপোৱাৰ কথা গভীৰ ক্ষোভেৰে ব্যক্ত কৰিলে৷ জেলেনস্কিয়ে সেই ভিডিঅ’টোত দেশবাসীক উদ্দেশ্যি ক’লে– ‘আজি মই ইউৰোপৰ ২৭ জন ৰাষ্ট্ৰনেতালৈ ফোন কৰি সুধিলো, ইউক্ৰেইন নাটোৰ অন্তৰ্ভুক্ত হ’ব পাৰিবনে? মই তেওঁলোকক এই প্ৰশ্ন একেবাৰে পোনপটীয়াকৈ সুধিলো৷ কিন্তু প্ৰত্যেকেই ভীতিগ্ৰস্ত, কোনেও মোক উত্তৰ নিদিলে৷’ দেশবাসীক উৎসাহিত কৰি দিয়া সেই ভাষণটোত তেওঁ পুনৰ কয়– ‘পশ্চিমৰ কাপুৰুষহঁতে আমাক সহায় কৰিবলৈ নাহিল৷ ভয়তে তেওঁলোক নিশ্চুপ হৈ ৰ’ল৷ আমাক ৰাছিয়াৰ বিশাল বাহিনীৰ মুখামুখি হৈ মৰিবলৈ অকলে এৰি দিলে৷ আমি শেষ মুহূৰ্তলৈকে যুঁজিবই লাগিব৷ পৰিণতি হয়তো তেনেই তিক্ততাপূৰ্ণ হ’ব৷  আমাৰ অতি সুন্দৰ আৰু শান্তিপূৰ্ণ চহৰখন ৰাছিয়াৰ সেনাবাহিনীয়ে তচনচ কৰি পেলাইছে৷ এয়া প্ৰচণ্ড ভুল৷ এই ভুলৰ কোনোদিনেই ক্ষমা নহ’ব৷ আমাক সকলোৱে একেবাৰে অকলশৰীয়া কৰি এৰি আত্মৰক্ষা কৰিবলৈ ঠেলি দিছে৷ আজি আমাৰ হৈ যুঁজিবলৈ কোন আছে? মই এই মুহূৰ্তত কাকো দেখা নাই৷ কোনে ইউক্ৰেইনক নাটোৰ সদস্যভুক্ত হোৱাৰ নিশ্চয়তা প্ৰদান কৰিব৷ কোনেও নকৰে৷ সকলোৱেই ভয়তে চুপ হৈ আছে৷’ একেটা ভাষণতে তেওঁ জনায় যে, প্ৰথমদিনাৰ যুদ্ধত ইউক্ৰেইনৰ ১৩৭ জন সামৰিক আৰু অসামৰিক লোক শ্বহীদ হৈছে৷ তথাপি তেওঁ শেষ মুহূৰ্তলৈকে যুঁজি থকাৰ অংগীকাৰ কৰিছে৷

শুকুৰবাৰে দ্বিতীয়া দিনৰ যুদ্ধত প্ৰবল প্ৰতাপেৰে ইউক্ৰেইনৰ সেনাবাহিনীয়ে যুদ্ধ কৰিলেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনৰ সেনাবাহিনীয়ে যিদৰে ৰাজধানী কিয়েভক বেৰি লৈ চক্ৰব্যুহত পৰিণত কৰিছে তাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ আৰু তেওঁৰ চৰকাৰৰ বাহিৰ ওলাই যাব পৰাৰ ক্ষীণতমো সম্ভাৱনা নাই৷ সেই কথা ইতিমধ্যে তেওঁ বুজি উঠিছে৷ সেয়ে অকলশৰীয়া হৈ পৰা জেলেনস্কিয়ে পুনৰ কৈছে– ‘মই তেওঁলোকৰ টাৰ্গেট নাম্বাৰ ওৱান৷ মোৰ পত্নী আৰু সন্তান পুটিনৰ দ্বিতীয় টাৰ্গেট৷ তেওঁলোকে মোক হত্যা কৰিবলৈ প্ৰথমেই চেষ্টা চলাব আৰু তাৰ বাবে ইতিমধ্যে ভয়ংকৰ এটা স্কোৱাড কিয়েভত মেলি দিবলৈ পৰিকল্পনা কৰিছে৷ চেচেন স্কোৱাড নামৰ এই ভয়ংকৰ চিকাৰী সদৃশ দলটোৱে মোক, মোৰ পৰিবাৰ ওলেনা আৰু মোৰ দুই সন্তানক প্ৰথমে প্ৰাণে মাৰিব৷ তাৰ পাছতে সলনি হৈ পৰিব মোৰ মৰমৰ দেশখনৰ ৰূপ আৰু ৰং৷ বহুতে অপপ্ৰচাৰ চলাইছে মই দেশ এৰি পলাই গ’লো বুলি৷ কিন্তু সেয়া মিছা৷ মই কিয়েভতে আছো আৰু শেষ পৰ্যন্ত মই দেশ এৰি পলায়ন নকৰো৷ মোৰ পত্নী ওলেনা, সোতৰ বছৰীয়া কন্যা আলেকছেন্দ্ৰা আৰু ন বছৰীয়া পুত্ৰ কিৰিল মোৰ সৈতেই আছে৷’ উল্লেখ্য, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে স্বাভাৱিকতে প্ৰথমে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক হত্যাৰ চেষ্টা কৰিব আৰু তেওঁৰ ঠাইত এখন পুতলা চৰকাৰ স্থাপন কৰিব৷ যিখন চৰকাৰে ৰাছিয়াক আৰু পুটিনক প্ৰভু হিচাপে মানি চলিব৷

পূৰ্বে কোনো ৰাজনীতিৰ অভিজ্ঞতা নথকা জেলেনস্কি আছিল দেশৰ টেলিভিছনৰ জনপ্ৰিয় শ্ব’ ‘ছাৰ্ভেণ্ট অব্‌ দ্য পিপ’ল’ৰ মুখ্য অভিনেতা৷ ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছতে তেওঁক দেশবাসীয়ে বিপুল ভোটত বিজয়ী কৰি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰে৷ তেতিয়াৰে পৰা তেওঁ আমেৰিকা আৰু নাটোগোষ্ঠীৰ দেশৰ ঘনিষ্ঠ হৈ পৰে৷ জেলেনস্কিৰ এই কাৰ্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মুঠেই পছন্দ কৰা নাছিল৷ কিয়নো তাৰ বহুদিন পূৰ্বৰে পৰা আমেৰিকা আৰু নাটোগোষ্ঠীয়ে পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ পৰা ভাগি অহা দেশ ইষ্টনিয়া, লাটভিয়া, লিথুৱানিয়াত আমেৰিকা আৰু নাটোৰ সেনা নিয়োগ কৰি সেনাৰ ঘাটি স্থাপন কৰিছিল৷ তদুপৰি ইউক্ৰেইনৰ গাতে লাগি থকা পোলেণ্ড, বুলগেৰিয়া, ৰোমানিয়া, হাঙ্গেৰীতো আমেৰিকা আৰু নাটোগোষ্ঠীয়ে সেনাৰ ঘাটি স্থাপন কৰি সেনাবাহিনী নিয়োগ কৰি থৈছে৷ এই অঞ্চলটো ৰাছিয়াৰ প্ৰভাৱাধীন হোৱাৰ বাবে পুটিনে আমেৰিকা-নাটোক দীৰ্ঘদিনৰ পৰা সেনাৰ ঘাটি আৰু সেনাবাহিনী আঁতৰাই নিবলৈ আহ্বান জনাই আছিল৷ পিছে যুদ্ধবাজ আমেৰিকা আৰু নাটো বাহিনীয়ে ৰাছিয়াৰ আহ্বান উপেক্ষা কৰাত অৱশেষত উপায়হীন হৈ ৰাছিয়াই নাটোগোষ্ঠীৰ সদস্য নোহোৱা ইউক্ৰেইন আক্ৰমণ কৰে৷ পিছে ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰা সত্ত্বেও আমেৰিকাই ভুলতো ইউক্ৰেইনৰ হৈ যুদ্ধ নকৰে বুলি স্পষ্টভাৱে জনাই দিছে৷ যুদ্ধৰ প্ৰথম দিনাই বৃহস্পতিবাৰে হোৱাইট হাউছৰ পৰা শেহতীয়া সংকটক লৈ বক্তব্য ৰখা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয়– ‘আমেৰিকাই এতিয়া আৰু ভৱিষ্যতে কোনো কাৰণতে ইউক্ৰেইনলৈ আমেৰিকাৰ সেনাবাহিনী প্ৰেৰণ নকৰে৷ আমেৰিকাই ইউক্ৰেইনৰ হৈ যুদ্ধ নকৰে৷ আমেৰিকাৰএই স্থিতি মই স্পষ্টভাৱে ঘোষণা কৰিলো৷ অৱশ্যে যদিহে ৰাছিয়াই নাটোগোষ্ঠীৰ কোনো সদস্য ৰাষ্ট্ৰক আক্ৰমণ কৰে তেন্তে আমেৰিকা আৰু নাটোৱে সেই ৰাষ্ট্ৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে পূৰ্ণ শক্তিৰে যুদ্ধত অংশগ্ৰহণ কৰিব৷ ইউক্ৰেইন নাটোৰ সদস্য নহয় বাবে নাটোৰ সংবিধান অনুসৰি ২৫ নং অনুচ্ছেদে আমাক তেওঁলোকৰ হৈ যুদ্ধ কৰাৰ অনুমতি নিদিয়ে৷ মই নাভাবো নাটোগোষ্ঠীৰ কোনো দেশে ইউক্ৰেইনৰ হৈ যুদ্ধ কৰিব৷ আমি কিন্তু ইউক্ৰেইনক আৰ্থিক আৰু সামৰিক দিশত নীতিগতভাৱে সহায় কৰিম৷ তদুপৰি এই বিনাশী যুদ্ধখন সৃষ্টি কৰাৰ বাবে ৰাছিয়াৰ ওপৰত আমি সকলোৱে গোটখাই কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছো আৰু কৰিম৷’

উল্লেখ্য, পৰমাণু শক্তিধৰ আৰু বিশ্বৰ অন্যতম ছুপাৰপাৱাৰ হোৱাৰ বাবেই ৰাছিয়াৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ আমেৰিকা আৰু পশ্চিমীয়া ৰাষ্ট্ৰই সাহস গোটাব পৰা নাই৷ কিয়নো যুদ্ধৰ প্ৰথম দিনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভয়ংকৰ হুংকাৰ দি কৈছিল যে, কোনো দেশে যদি তেওঁৰ এই পদক্ষেপত হস্তক্ষেপ কৰে তেন্তে সেই দেশে এনে পৰিণতি ভুগিব যি পৰিণতি তেওঁলোকে কেতিয়াও ভুগিবলগীয়া হোৱা নাছিল৷ পুটিনৰ এই চৰম সতৰ্কবাণী শান্তিৰ সময়ছোৱাত অৰ্থাৎ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত সবাতোকৈ ভয়ংকৰ হুংকাৰ হিচাপে পৰিগণিত হৈছে৷ কিয়নো নকৰো নকৰো বুলি হঠাতে ইউক্ৰেইন আক্ৰমণ কৰা পুটিনে পৰিস্থিতি বেগতিক হ’লে পৰমাণু অস্ত্ৰ বাহিৰ কৰিবলৈও কেৰেপ নকৰিব৷ তেতিয়া তৃতীয় বিশ্ব যুদ্ধ অৱশ্যম্ভাৱী হৈ পৰিব আৰু তাৰ পৰিণতি কি হ’ব সেয়া কোনেও কল্পনা কৰিব নোৱাৰে৷ এনে পৰিস্থিতিতে এতিয়া ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন, অষ্ট্ৰিয়া ইত্যাদি পশ্চিমীয়া দেশ আৰু সেই দেশৰ ৰাষ্ট্ৰপ্ৰধান নিশ্চুপ হৈ আছে৷ ‘ফাডাৰ অব দ্য ব’ম্ব’ প্ৰয়োজনবোধে ব্যৱহাৰ কৰিব বুলি হুংকাৰ দিয়া পুটিনৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ কাৰো সাহস নাই আৰু সেয়ে এই প্ৰাণঘাতী যুদ্ধ অব্যাহত থকা অৱস্থাতো সমগ্ৰ বিশ্ব নিশ্চুপ৷