Logo
image

আত্মসমৰ্পণ নহয়, শেষ যুঁজৰ সংকল্প ইউক্ৰেইনৰ

 ৰাছিয়াৰ ব্ৰহ্মাস্ত্ৰ ‘ফাডাৰ অৱ অল বোম্বছ’ n আন দেশলৈও বিস্তাৰ হ’ব নেকি যুদ্ধ

আমাৰ অসম,২৭ ফেব্ৰুৱাৰীঃ জোৰ কদমত আগবাঢ়ি অহা আগৰণুৱা ৰুছ সেনাক সুবিধাজনক স্থিতিত অৱস্থান গ্ৰহণ কৰি থকা ইউক্ৰেইনৰ সেনাই অমিত বিক্ৰমেৰে যুদ্ধ কৰি ৰাজধানী কিয়েভত প্ৰৱেশ কৰাত বাধাদান কৰাৰ খঙত অস্থিৰ হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমিৰ পুটিনে ‘ফাডাৰ অৱ অল বোম্বছ’ পেলাই ৰাজধানী চহৰখন সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰিবলৈ সাজু হৈছে৷ ৰাজধানী কিয়েভ দখল কৰি ইউক্ৰেইনক পদানত কৰাৰ ক্ষেত্ৰত ৰাছিয়াৰ সেনাবাহিনী সময়তকৈ পিছুৱাই আছে আৰু তাৰ ফলত খঙত অগ্নিশৰ্মা হৈ পৰিছে ৰাষ্ট˜পতি পুটিন৷ পূব, উত্তৰ আৰু দক্ষিণ দিশৰ পৰা ইউক্ৰেইনত প্ৰৱেশ কৰা ৰুছ সেনাই জোৰ কদমত ৰাজধানী কিয়েভলৈ বাট পোনালেও ইউক্ৰেইনৰ সেনাই প্ৰবল বিক্ৰমেৰে যুঁজ দি শত্ৰুক দেশৰ ভিন ভিন স্থানত হয় ভেটি ৰাখিছে নহয়  

তেওঁলোকৰ গতি ধীৰ কৰি দিছে৷ কিয়েভ চহৰৰ ৩০ কিলোমিটাৰ দূৰত আহি শনিবাৰে যি ৰুছ সেনা আহি উপস্থিত হৈছে, সেয়া আগৰণুৱা সৈনিক আৰু সংখ্যাত তাকৰ৷ ইতিমধ্যে শুকুৰবাৰৰ দিন আৰু নিশাৰ ভিতৰত তেনেদৰে ৰাজধানীত প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱা ৩,৫০০ ৰুছ সেনাক নিহত কৰা বুলি দাবী কৰিছে৷ কিয়েভ আক্ৰমণৰ বাবে সঠিক সময়ত যথেষ্টসংখ্যক সেনা আহি উপস্থিত হ’ব নোৱাৰাত ৰাছিয়াই দুখন আই এল-৭৬ পৰিবহণ-যুদ্ধৰ বিমানেৰে ৩০০ পেৰাট্ৰ³পাৰ যোদ্ধা ৰাজধানীৰ সমীপত আকাশৰ নমাবলৈ চেষ্টা কৰোতেই ইউক্ৰেইনৰ সেনাই দুয়োখন বিমানকে গুলীয়াই ভূপাতিত কৰে৷ ইউক্ৰেইনে দাবী কৰা অনুসৰি তেওঁলোকে ধবংস কৰা দুয়োখন বিমানত ৩০০ৰো অধিক ৰাছিয়ান পেৰাট্ৰ³পাৰ আছিল৷ সেই সেনাক ৰাছিয়াই কিয়েভ আক্ৰমণকাৰী সেনাৰ শক্তি বৃদ্ধি কৰিবলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু পুটিনৰ সেই ৰণকৌশল ইউক্ৰেইনৰ সেনাই ব্যৰ্থ কৰি দিয়ে৷ তিনিটা দিশৰ পৰা ইউক্ৰেইনত সোমোৱা ৰুছ সেনাৰ প্ৰতিটো বাহিনীৰ লক্ষ্য আছিল কেৱল ৰাজধানী কিয়েভ৷ দক্ষিণৰ ক্ৰিমিয়াৰ পৰা সাগৰ পাৰ হৈ ইউক্ৰেইনৰ মূল ভূমিখণ্ডত প্ৰৱেশ কৰা ৰাছিয়াৰ সেনাক ইউক্ৰেইনৰ সেনাই খাৰছন, মেলিট’পল আৰু ঝাপৰিঝাজহিয়াত প্ৰবল যুদ্ধৰে অগ্ৰগতিত বাধা দিছে৷ দক্ষিণ-পূবৰ পৰা অহা ৰুছ সেনাক ম’ৰিপ’ল, ড’নেৎস্ক, লুগামস্কত, উত্তৰ-পূবৰ পৰা অহা সেনাক খাৰকিভ, জিমিভত,  উত্তৰ দিশৰ পৰা অহা সেনাক ছামী, কন’টপ, চাৰ্মিহিভ, নভ’গ্ৰাড, ভলিনস্কিত প্ৰবল বাধা দিছে ইউক্ৰেইনৰ সেনাই৷ ইয়াৰ ফলত পূৰ্বনিৰ্ধাৰিত আৰু পূৰ্ব পৰিকল্পিত সময়ত ৰুছ সেনাৰ শক্তিশালী বাহিনী বৃহৎ সংখ্যাত কিয়েভত আহি উপস্থিত হ’ব পৰা নাই৷ ইয়াৰ ফলত পিছুৱাই গৈছে ৰাছিয়াৰ কিয়েভ দখলৰ পূৰ্ব পৰিকল্পিত সময়৷ ৰাষ্ট্ৰপতি পুটিনে যুদ্ধ আৰম্ভ হোৱাৰ ৩৬ ঘণ্টা বা কিবা বিজুতি ঘটিলেও ৪৮ ঘণ্টাৰ ভিতৰত কিয়েভ দখলৰ পৰিকল্পনা কৰিছিল৷ কিন্তু বৃহস্পতিবাৰে আৰম্ভ হোৱা যুদ্ধই শনিবাৰৰ পুৱাই ৪৮ ঘণ্টা অতিক্ৰম কৰিলে৷ তথাপি অসংঘমীয় হৈ ৰৈছে ৰাজধানী কিয়েভ৷ 

ৰাছিয়াৰ পদাতিক সেনা বা স্থল সেনাৰ এই বিলম্বত ধৈৰ্যচ্যুতি ঘটিছে ৰাষ্ট˜পতি পুটিনৰ৷ অধিক বিলম্ব হ’লে ইউক্ৰেইনৰ প্ৰতি সৃষ্টি হোৱা আবেগৰ মাত্ৰা বিশ্বজুৰি বৃদ্ধি পালে ৰাছিয়াৰ সন্মুখত ন ন প্ৰতিৰোধ, বাধাৰ উদ্ভৱ হ’ব পাৰে৷ তেনে পৰিণতিৰ আশংকাত আৰু দুৰ্জেয় ৰুছ বাহিনীক ইউক্ৰেইনৰ সেনাই প্ৰবল পৰাক্ৰমেৰে প্ৰতিৰোধ কৰাৰ খঙত অস্থিৰ হৈ পৰা ৰাষ্ট˜পতি ভvাডিমিৰ পুটিনে সেয়ে ‘ফাডাৰ অৱ অল বম্বছ’ অৰ্থাৎ বিশ্বৰ বৃহত্তম আৰু বৰ্বৰ বোমাটো নিক্ষেপ কৰি কিয়েভ চহৰখন সমুলঞ্চে ধবংস কৰিবলৈ সিদ্ধান্ত লৈছে৷ কোৱা বাহুল্য মাথোঁ, পুটিনে হঠকাৰী সিদ্ধান্ত লৈ কিয়েভত এই ভয়ংকৰ বোমাটো পেলালে চহৰখনৰ চিন-মোকাম নোহোৱা হৈ পৰিব আৰু হাজাৰ-বিজাৰ অসামৰিক, নিৰ্দোষী নাগৰিকৰ কৰুণ মৃত্যু ঘটিব৷ ‘ছেভেজ ছুপাৰৱেপম’ বা বৰ্বৰ অতিকায় অস্ত্ৰ হিচাপে পৰিচিত ‘ফাডাৰ অৱ অল বম্বছ’ হৈছে থাম’বেৰিক অস্ত্ৰ৷ ইয়াৰ আঘাতৰ সন্মুখীন হোৱা প্ৰাণীৰ বা মানুহৰ বাহ্যিক শৰীৰ বাষ্পীভূত হৈ যায় আৰু শৰীৰৰ অন্তৰ্ভাগ ভাগি-ছিগি গৈ মোহাৰি পেলোৱাৰ দৰে অৱস্থা হয়৷ এই বোমাটো পাৰমানৱিক বোমা নহয়, য’ৰ পৰা তেজষ্ক্ৰিয়তা সৃষ্টি হোৱাৰ আশংকা নাথাকে৷ কিন্তু ৰাছিয়াৰ এই বোমাটো পৃথিৱীৰ সৰ্ববৃহৎ৷ ভেকুৱাম বোমা হিচাপেও পৰিচিত এই বোমা তৈয়াৰ কৰা হয় উচ্ছ ক্ষমতাসম্পন্ন বিস্ফোৰকেৰে৷ ইয়াক বিস্ফোৰণ ঘটোৱা হয় বায়ুমণ্ডলত আৰু ই তাৰ তলত থকা সকলো প্ৰাণীৰে বিনাশ ঘটায়৷ ইয়াতকৈ সামান্য সৰু ‘মাডাৰ অৱ অল বম্বছ’ নামৰ একে এটা বোমা আমেৰিকাই ২০১৭ চনত তালিবানৰ ওপৰত নিক্ষেপ কৰিছিল, যাৰ ওজন আছিল ২১,৬০০ পাউণ্ড৷ সেই বোমাটো স্থলভাগৰ পৰা ৬ ফুট ওপৰত বিস্ফোৰিত হৈছিল আৰু তাৰ অগ্নিকুণ্ড ১০০০ ফুট ওপৰলৈ উঠিছিল৷ আফগানিস্তানৰ অঞ্চলটো জনমানৱহীন আছিল বাবে তাৰ পৰিণতিত সাধাৰণ লোকৰ মৃত্যু হোৱা নাছিল৷ তাতকৈ ডাঙৰ এটা বোমা ৰাছিয়াই ২০১৭ চনত পৰীক্ষামূলকভাৱে বিস্ফোৰণ ঘটাইছিল, যি ৩৯.জ্ঝ টনৰ সমান বিস্ফোৰণ সৃষ্টি কৰিছিল৷ ৰাছিয়াই ‘ফাডাৰ অৱ অল বম্বছ’ বিস্ফোৰণ ঘটালে কিয়েভত সম্ভৱতঃ যুদ্ধবিৰতি বা আত্মসমৰ্পণৰ চুক্তিত চহী কৰিবলৈ চৰকাৰ বুলি একো নাথাকিব, থাকিব কিছুমান মৃতদেহ৷

  ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কোনোমতে যুদ্ধখন শেষ কৰি ইউক্ৰেইন দখল কৰিবলৈ ফন্দি পাতিলেও ইউক্ৰেইনে বিনাযুদ্ধে আত্মসমৰ্পণ নকৰে বুলি হুংকাৰ দিছে৷ ইউক্ৰেইনৰ ৰাষ্ট˜পতি ভল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কৈছে– ইউক্ৰেইনে যুদ্ধবিৰতি নকৰে, অস্ত্ৰ সম্বৰন নকৰে আৰু শত্ৰুৰ ওচৰত আত্মসমৰ্পণ নকৰে৷ যেতিয়ালৈকে পাৰিব তেতিয়ালৈকে তেওঁলোকে আত্মৰক্ষাৰ বাবে যুঁজ দি যাব৷ ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিনে যোৱা নিশা ইউক্ৰেইনৰ সেনাবাহিনীক তেওঁলোকৰ চৰকাৰক ওফৰাই ৰাছিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ উচতনি দিছিল৷ কিন্তু পুটিনৰ সেই আহ৩ান পোনে পোনে নাকচ কৰে দেশখনৰ সেনাবাহিনীয়ে৷ ইপিনে আমেৰিকাই ৰাষ্ট˜পতি জেলেনস্কিক ইউক্ৰেইনৰ পৰা পলুৱাই বাহিৰ কৰি নিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে৷ ইয়াৰ প্ৰত্যুত্তৰত জেলেনস্কিয়ে আমেৰিকাক কয়– মোক বিমানত উঠি পলাই যাবলৈ প্ৰস্তাৱ নিদিবা৷ পাৰা যদি মোক অস্ত্ৰ-শস্ত্ৰ দিয়া৷ মই যুদ্ধ কৰিম৷ শেষ পৰ্যন্ত৷ জেলেনস্কিৰ এই সাহসী উত্তৰৰ পাছত আমেৰিকাই দেশখনলৈ ৩৫০ নিযুত ডলাৰ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ  ততাতৈয়াকৈ যোগান ধৰিবলৈ সিদ্ধান্ত লয়৷ 

ৰাছিয়াৰ বৃহৎ বাহিনীয়ে কিয়েভ চহৰখনৰ কেন্দ্ৰস্থলত প্ৰৱেশ কৰিবলৈ উদ্যত হৈ থকাৰ সময়ত  ইতিমধ্যে ৰাজধানীত উপস্থিত হোৱা আগৰণুৱা সেনাক মহাবিক্ৰমেৰে বেছিভাগ যুদ্ধত হৰুৱাইছে ইউক্ৰেইনৰ সেনাই৷ সংখ্যাত তাকৰ হোৱাৰ বাবেই ৰাছিয়াৰ সেনা কিয়েভ চহৰৰ অলিয়ে-গলিয়ে হোৱা যুদ্ধত পৰাজিত হ’বলগীয়া হৈছে আৰু অসংখ্যই প্ৰাণ হেৰুৱাইছে তথা বহু সেনা বন্দী হৈছে৷ অৱশ্যে কিয়েভ চহৰখন ৰাছিয়াৰ বিশাল সেনাই চৌদিশৰ পৰা বেৰি লৈছে আৰু ক্ৰমাৎ আগুৱাই আহিছে৷ সেই সেনাৰ সৈতে কিয়েভৰ দক্ষিণে টয়েচাইনা অঞ্চলত ইউক্ৰেইনৰ সেনাৰ প্ৰৱল যুদ্ধ হৈছে৷ কিয়েভৰ মেয়ৰ, প্ৰাক্তন বিশ্ব চেম্পিয়ন হেভীৱেইট বস্কাৰ ভিতালী কিটচেংকোৱে কৈছে, আজিৰ নিশাটো চহৰবাসীৰ বাবে আটাইতকৈ জটিল নিশা হ’ব৷ একে মন্তব্য কৰিছে ৰাষ্ট˜পতি জেলেনস্কিয়েও৷ তেওঁৰ মতে, শনিবাৰৰ নিশাই কিয়েভ যুদ্ধৰ চয়-নিছয় হ’ব৷ তেওঁ এই যুদ্ধত চহৰবাসীক ভাগ ল’বলৈ আহ্বান জনাই মৰমৰ চহৰখন ৰক্ষা কৰিবলৈ তেওঁলোকৰ হাতত অস্ত্ৰ তুলি দিছে৷ ইয়াৰ ফলত ৰুছ সেনা প্ৰতিটো খোজতে প্ৰতিৰোধৰ সন্মুখীন হৈছে৷ কিন্তু ৰাছিয়াৰ বিশাল বাহিনী চৌদিশৰ পৰা কিয়েভ চহৰত প্ৰৱেশ কৰাৰ লগে লগে যুদ্ধৰ সম্পূৰ্ণ পৰিস্থিতি ৰাছিয়াৰ পক্ষে পৰিৱৰ্তন ঘটিব বুলি ধাৰণা কৰা হৈছে৷ আমেৰিকা আৰু ব্ৰিটেইনৰ মতে, ৯৬ ঘণ্টাৰ ভিতৰত কিয়েভৰ পতন ঘটিব৷