Logo
image

চাইকেল চলিব উদ্যোগ মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ২৭ ফেব্ৰুৱাৰীঃ কেৱল গুৱাহাটী মহানগৰীয়েই নহয়, ৰাজ্যৰ সৰু-বৰ প্ৰতিখন চহৰ-নগৰৰ বাসিন্দা ক্ৰমাৎ যান্ত্ৰিকতাৰ মাজত যেন হেৰাই যোৱাৰ উপক্ৰম ঘটিছে৷ কিয়নো সৰু চহৰসমূহতো জন বসতিৰ লগতে কংক্ৰিটৰ নিৰ্মাণ বৃদ্ধি পোৱাত শাৰীৰিক কচৰতৰ বাবেও মুকলি ঠাইৰ অভাৱে দেখা দিছে৷ আনকি কৰ্মব্যস্ত দৈনন্দিন জীৱন যাত্ৰাত নগৰীয়া একাংশ বাসিন্দাৰ যেন খোজ কাঢ়িবলৈও ঠাই তথা সময়ৰ অভাৱে দেখা দিছে৷ শাৰীৰিক কচৰতৰ অভাৱত মানুহৰ দেহত ৰোগ-ব্যাধি আদিও বৃদ্ধি পাব ধৰিছে৷ পূৰ্বতে গাঁও-চহৰ আদিৰ লোকে ব্যায়ামৰ লগতে নিয়মীয়াকৈ চাইকেল চলাইছিল যদিও এতিয়া বিজ্ঞান-প্ৰযুক্তি উন্নতি তথা আধুনিকতাৰ ধামখুমিয়াত চাইকেলখন হেৰাই যোৱাৰ উপক্ৰম ঘটিছে৷ অৱশ্যে সাম্প্ৰতিক প্ৰেক্ষাপটত চাইকেল প্ৰদূষণমুক্ত হিচাপে বিবেচিত হোৱাত বহু নগৰীয়া লোকে চাইকেলকে যাতায়াতৰ সম্বল কৰি লোৱা দেখা গৈছে৷ লক্ষণীয়ভাৱে কোনো কোনো চহৰীয়া লোকক পুৱা-বিয়লিৰ ভাগত খোজকঢ়া বা চাইকেল চলাই দেহ সুস্থ ৰখাৰ চেষ্টা চলোৱা দেখা যায় যদিও উপযুক্ত নিৰাপদ ঠাইৰ অভাৱত সেয়াও যেন অনুকুল নহয়৷ কিয়নো চহৰৰ ৰাজপথত চাইকেল চলোৱাটো দূৰৰে কথা সাধাৰণ নাগৰিকে খোজ কঢ়াটোও অতি বিপজ্জনক৷ কিয়নো কোন মুহূৰ্তত পিছফালৰ পৰা গাড়ীয়ে আহি মহটিয়াই নিয়ে তাৰ ঠিক নাই৷ অৱশ্যে চহৰীয়া লোকসকলৰ এই সমস্যা দূৰ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ চহৰৰ পথসমূহত চাইকেল ট্ৰেক তথা ৱাকিং ট্ৰেকৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ নাগৰিকৰ স্বাস্থ্যৰ সজাগতাৰ কথা চিন্তা কৰিয়েই প্ৰতিখন চহৰতে নিৰ্দিষ্ট পথত চাইকেল ট্ৰেক তথা ৱাকিং ট্ৰেক মুকলিৰো পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– মোৰ মনত এটা অত্যন্ত ইচ্ছা আছে সকলো টাউনতে চাইকেল ট্ৰেক আৰু ৱাকিং ট্ৰেক মুকলি কৰাৰ৷ অৱশ্যে প্ৰতিখন চহৰতে সেয়া সম্ভৱ হ’ব নে নহ’ব মই নাজানো৷ কিয়নো এনে ট্ৰেকৰ বাবে মাটিৰ প্ৰয়োজন হ’ব আৰু এই মাটি চহৰৰ ৰাজপথত আছে নে নাই সেয়াও নাজানো৷ কিন্তু পৌৰসভাসমূহৰ চেয়াৰমেনসকলৰ লগত আলোচনাত বহিলে চাইকেল ট্ৰেক আৰু ৱাকিং ট্ৰেক খুলিবলৈ আহ৩ান জনাম৷ যাতে সকলো শ্ৰেণীৰ মানুহে শৰীৰটোৰ যতন ল’ব পাৰে৷’ অৱশ্যে মুখ্যমন্ত্ৰীয়ে প্ৰতিখন চহৰতে চাইকেল ট্ৰেক মুকলি কৰাৰ চিন্তা কৰিলেও গুৱাহাটীৰ সাউকুছিত চৰকাৰে নিৰ্মাণ কৰা চাইকেল ট্ৰেকটোৰ বিশেষ ব্যৱহাৰ হোৱা দেখা নাযায়৷ আনহাতে, মহানগৰীৰ জয়ানগৰতো এটা চাইকেল ট্ৰেক নিৰ্মাণ কৰিছিল যদিও সেই নিৰ্মাণ কাৰ্যও আধৰুৱা হৈ আছে৷