Logo
image

তিনিগুণ দাম কমিল কাগজ কলৰ

ৰহস্যময়ভাৱে পানীৰ দৰত বিক্ৰী হৈছে এটা এটাকৈ সম্পত্তি

আমাৰ অসম, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অন্যতম ৰাজহুৱা খণ্ডৰ দুটা উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কলৰ ভূমি-সম্পত্তি পানীৰ দৰত বিক্ৰী হোৱাটো নিশ্চিত হৈ পৰিছে৷ কিয়নো কাগজ কল দুটাৰ মূল্য হ্ৰাস কৰি লিকুইডেটৰ কুলদীপ বাৰ্মাই ষষ্ঠবাৰলৈ  জাৰি কৰিছে বিক্ৰীৰ নিবিদা৷ শনিবাৰে লিকুইডেটৰে জাৰি কৰা নিবিদা বিজ্ঞাপন অনুসৰি এইবাৰ কাছাৰ আৰু নগাঁও কাগজ কলৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস কৰিছে৷ অৰ্থাৎ ১,১৩৯ কোটি টকা মূল্য নিৰ্ধাৰণ কৰা কাগজ কল দুটা ভূমি-সম্পত্তিৰ মূল্য প্ৰায় ৩ গুণেই হ্ৰাস কৰিলে৷ কাগজ কলৰ সম্পত্তি ক্ৰয়ৰ বাবে কোনো প্ৰতিষ্ঠান আগবাঢ়ি নহাত বাৰে বাৰে মূল্য কম কৰি বিক্ৰীৰ নিবিদা প্ৰকাশ কৰিছে লিকুইডেটৰ কুলদীপ বাৰ্মাই৷ লক্ষণীয়ভাৱে হিন্দুস্তান পেপাৰ কৰ্পৰেছনৰ অন্তৰ্গত গুৱাহাটীৰ গেম ভিলেজত থকা দুটা ফ্লেট আৰু কলকাতাৰ চল্টলেক চিটীত থকা হাউচিং কলনীৰ বিক্ৰী কৰিছে লিকুইডেটৰে৷ কলকাতাৰ চল্টলেক চিটিত থকা হাৰ্ট হাস্পতাল সমীপৰ ৫৮.৫০ কোটি টকীয়া হাউচিং কলনী হেপী আৱাছন এল এল পি নামৰ কোম্পানীটোৱে ৭০ কোটি টকাত ক্ৰয় কৰিছে৷ শনিবাৰে প্ৰকাশ কৰা নিবিদাৰ বিজ্ঞাপনত নগাঁও-কাছাৰ কাগজ কলৰ ভূমিৰ লগতে হাফলঙত লীজত থকা ভূমিৰ বিক্ৰী মূল্য হ্ৰাস কৰিছে ৩৭৫ কোটি টকালৈ৷ তদুপৰি মুম্বাইৰ আৱাসীক ফ্লেটৰ মূল্য ১ কোটি টকা, দিল্লীৰ কাৰ্যালয়ৰ মূল্য ৫.৫৮ কোটি টকা আৰু নাগালেণ্ড পেপাৰ কোম্পানীত বিনিয়োগ কৰা শ্বেয়াৰৰ মূল্য ৯.১৫ কোটি টকালৈ হ্ৰাস কৰিছে৷ ইচ্ছুক প্ৰতিষ্ঠানে ৯ মাৰ্চৰ ভিতৰত এই নিবিদাত অংশ ল’ব পাৰিব বুলিও লিকুইডেটৰে স্পষ্ট কৰি দিছে৷ লক্ষণীয়ভাৱে ৫৬ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে কাগজ কলৰ কৰ্মচাৰীয়ে৷ ফলত ধনৰ অভাৱত উন্নত চিকিৎসা অবিহনে ১০০ জন কৰ্মচাৰীয়ে অকাল মৃত্যুক আঁকোৱালি ল’লে৷ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩ মাহৰ ভিতৰত কৰ্মচাৰীৰ প্ৰাপ্য বকেয়াৰ ৫৭০ কোটি টকা আদায় দিব বুলি ঘোষণা কৰিছিল যদিও নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো আজিলৈকে ধন মোকলাই নিদিলে৷