যুদ্ধৰ দামামাই আনিছে মানৱতালৈ সংকট
যুদ্ধৰ দামামাত একপ্ৰকাৰ তচ্নচ হৈ পৰিছে ইউক্ৰেইন৷ ৰাছিয়াৰ সৈন্যবাহিনীৰ ধাৰাবাহিক বোমাবৰ্ষণ, মিছাইল আক্ৰমণৰ ফলত ইতিমধ্যে কেইবাশতাধিক ইউক্ৰেইনৰ সৈন্য নিহত হোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হৈছে ৰাজহুৱা সা-সম্পত্তিৰ, ধাতু আৰু খনিজ সম্পদত অন্যতম চহকী দেশ ইউক্ৰেইনত ১.০৯ ত্ৰিলিয়ন কিউবিক মিটাৰ প্ৰাকৃতিক গেছ থকাৰ উপৰি আইৰণ, টিটেনিয়াম, অতি মূল্যৱান লিথিয়ামৰ ভাণ্ডাৰ থকাৰ বাবে ৰাষ্ট্ৰখনৰ ওপৰত চকু আছিল ৰাছিয়াৰ লগতে আমেৰিকা আৰু নাটোৰ সদস্য ৰাষ্ট্ৰসমূহৰ৷ ইতিমধ্যে আমেৰিকাই নাটোৰ সদস্য ইউক্ৰেইনৰ সমীপৱৰ্তী কেইবাখনো ৰাষ্ট্ৰত সামৰিক ঘাটি স্থাপন কৰাৰ পাছত ইউক্ৰেইনৰ প্ৰতিও দৃষ্টি নিক্ষেপ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিল ৰাছিয়াই৷ একালৰ ছুপাৰ পাৱাৰ ৰূপে বিশ্বৰ ৰাজনৈতিক, কূটনৈতিক মহলত দপদপাই থকা ইউ এছ এছ আৰ-১ মিখাইল গৰ্বাচেভ ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পাছৰে পৰা পট পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে৷ গৰ্বাচেভে ‘গ্লাছনষ্ট’ আৰু ‘পেৰেষ্ট্ৰইকা’ নামৰ দুই নতুন ধাৰণাৰ যোগেদি নতুন ৰূপত ৰাছিয়াক গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল যদিও বৃহৎ ইউ এছ এছ আৰ-১ বিভিন্ন সৰু সৰু ৰাষ্ট্ৰত বিভক্ত হৈ পৰিল৷ একালৰ শক্তিশালী ৰাষ্ট্ৰখনৰ পৰা ৰাছিয়া নামেৰে পৃথক ৰাষ্ট্ৰৰূপে চিহ্নিত হোৱাটো কেইবাদশকো পাৰ হৈ গ’ল৷ পুটিন ৰাষ্ট্ৰপ্ৰধান হোৱাৰ পাছৰে পৰা হৃতসন্মান ঘূৰাই অনাৰ লক্ষ্যৰে বিভিন্ন কূট-কৌশল অৱলম্বন কৰি ৰাছিয়াৰ প্ৰভূত্ব বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে৷ অৱশ্যে এই ক্ষেত্ৰত তেওঁ সফল নোহোৱাকৈ থকা নাই৷ সম্প্ৰতি বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপটত চীন, ৰাছিয়া, কোৰিয়া আদি দেশে আমেৰিকাৰ লগতে বহু কেইখন শক্তিশালী ৰাষ্ট্ৰৰ বিৰুদ্ধে একপ্ৰকাৰ প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈ আছে৷ শেহতীয়াকৈ চীনক বন্ধুৰূপে পোৱাৰ বাবে ৰাছিয়াৰ সৰ্বময়কৰ্তা পুটিন অধিক সাহসী হৈ পৰিছে৷ ইফালে বিগত কেইবা বছৰ ধৰি ৰাছিয়াৰ অৰ্থনৈতিক দিশৰ অৱনমনৰ বাবে নিজক সম্পদশালী ৰূপে পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে ইউক্ৰেইনৰ প্ৰাকৃতিক সম্পদৰ বৃহৎ ভাণ্ডাৰসমূহ নিজৰ দখললৈ অনাটো অতীৱ প্ৰয়োজন হৈ পৰিছে৷ কাজেই এনে সময়ত ইউক্ৰেইন, আমেৰিকা আৰু নাটোৰ দেশসমূহৰ প্ৰতি অধিক ঘনিষ্ঠ হোৱাত ৰাছিয়া খৰ্গহস্ত হৈ পৰিছে৷ সেইমৰ্মে যুদ্ধৰ বিভীষিকা সৃষ্টি কৰি ৰাছিয়াই ইউক্ৰেইনৰ ভিতৰতে দুই স্বাধীন ৰাষ্ট্ৰ ড’নেটস্ক আৰু লুহানস্কৰ জন্ম দি সমগ্ৰ এলেকাটোত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ দিশে আগবাঢ়িছে৷ উক্ত এলেকাৰ লগতে বেলাৰুছৰ সীমান্তৰে প্ৰৱেশ কৰা ৰাছিয়াৰ সেনাই চাৰ্ণবিল পৰমাণু প্ৰকল্প অধিকাৰ কৰাৰ লগতে ৰাজধানী কিয়েভ’কো অধিকাৰ কৰাৰ দিশে অগ্ৰসৰ হৈছে৷ লক্ষণীয়ভাৱে এখন সৰু ৰাষ্ট্ৰক তুলনামূলকভাৱে সামৰিক দিশৰ পৰা অতি শক্তিশালী এখন ৰাষ্ট্ৰই আক্ৰমণ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে যদিও আমেৰিকাসহ ইউক্ৰেইনৰ প্ৰায়বোৰ বন্ধু ৰাষ্ট্ৰই বিশেষ পদক্ষেপ নোলোৱাটো তাৎপৰ্যপূৰ্ণ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনেস্কিয়ে আমেৰিকা, ভাৰত, ইউৰোপীয় ৰাষ্ট্ৰসমূহক কাতৰ আহ৩ান জনোৱাৰ পাছতো প্ৰায়বোৰ ৰাষ্ট্ৰই অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ, ৰাছিয়াক কঠোৰ সমালোচনাতে নিজৰ দায়িত্ব পালন সীমাবদ্ধ ৰখাটো এক লক্ষণীয় বিষয়৷ প্ৰকৃততে বহু ৰাষ্ট্ৰই ৰাছিয়াৰ পৰা খাৰুৱা তেল, প্ৰাকৃতিক গেছৰ আমদানি কৰে৷ সামৰিক শক্তিৰ ক্ষেত্ৰতো ৰাছিয়া উলাই কৰিব পৰা শক্তি নহয়৷ পুটিনে ইতিমধ্যে হুংকাৰ দি কৈছে– ৰাছিয়াক কোনোবাই আক্ৰমণ কৰাৰ ফল হ’ব অতি ভয়াৱহ৷ আনকি পুটিনে অৰ্থনৈতিক অৱৰোধ কৰা ৰাষ্ট্ৰসমূহকো সময়ত চাই লম বুলি কোৱাটোৱে বহু ৰাষ্ট্ৰক ভবাই তুলিছে৷ এফালে সকলোবোৰ ৰাষ্ট্ৰতে অৰ্থনৈতিক মহামন্দা তদুপৰি নতুন এখন যুদ্ধত অংশ লোৱাৰ ফলত ধন-জনৰ ক্ষতি, বিশ্বযুদ্ধৰো সম্ভাৱনা প্ৰকট হৈ পৰিব৷ তেনেস্থলত ইউক্ৰেইনৰ বন্ধু ৰাষ্ট্ৰসমূহেও এক নিৰাপদ দূৰত্বত অৱস্থান কৰাৰ বাদে গত্যন্তৰ নোহোৱা যেন পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰসংঘইও ইউক্ৰেইনৰ ঐক্য আৰু সাৰ্বভৌমত্বত আঘাত সনাৰ বাবে ৰাছিয়াক সমালোচনা কৰাৰ বাদে একো কৰিব পৰা নাই৷ ভাৰতৰো দুই নাও দুই ভৰি৷ প্ৰধানমন্ত্ৰী মোদীয়েও এই ক্ষেত্ৰত অতি সন্তৰ্পণে এক নিৰপেক্ষতা অৱলম্বন কৰিছে৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পাছত যুদ্ধৰ বিভীষিকা, সাধাৰণ নাগৰিকৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কোৱা বাহুল্য বৰ্তমান সময়ত বিশ্বৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ৰাষ্ট্ৰৰ মাজৰ সংঘাত, গৃহযুদ্ধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ, ৰাজনৈতিক অস্থিৰতা, অপৰাধমূলক কাৰ্যকলাপে মানৱতাৰ অৱক্ষয় ঘটাইছে৷ চীনে আমেৰিকাৰ পৰিৱৰ্তে নিজকে ছুপাৰ পাৱাৰ ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন প্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ চীন-ভাৰত, ভাৰত-পাকিস্তান, ইজৰাইল-পেলেষ্টাইন, আমেৰিকা-ইৰাণকে ধৰি বহু ৰাষ্ট্ৰই ইখনে সিখনৰ লগত সংঘাত-সংঘৰ্ষত লিপ্ত হৈ আহিছে৷ এইবোৰ সহজতে প্ৰশমিত হোৱাৰো কোনো আশা নাই৷ আফগানিস্তান, ছিৰিয়া, ইৰাক, য়েমেন, লিবিয়া, দক্ষিণ ছুদানৰ গৃহযুদ্ধ, পাকিস্তান-লেবানন, নাইজেৰিয়া, ছোমালিয়া, কেনিয়া আদি দেশত সন্ত্ৰাসবাদে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ বহু ক্ষয়ক্ষতি কৰিছে৷ বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ অব্যাহত থকা এই যুঁজ-বাগৰ, সন্ত্ৰাসবাদ আদিৰ ফলত সেই ৰাষ্ট্ৰসমূহৰ অৰ্থনীতি, সামাজিক পৰিস্থিতিৰ অৱনতি ঘটিছে৷ সামগ্ৰিকভাৱে এনেবোৰে মানৱ সভ্যতালৈ আনিছে চৰম ভাবুকি৷ ইউক্ৰেইনৰ বিৰুদ্ধে সহজেই জিকিব ৰাছিয়া৷ কিন্তু ৰাছিয়াৰ প্ৰৱল আক্ৰমণে ইউক্ৰেইনক আৰ্থ-সামাজিকভাৱে ইমানদূৰ পিছুৱাই নিব যে তাক ঘূৰাই অনাটো সহজ নহ’ব৷






