Logo
image

আণৱিক অস্ত্ৰৰ ভাবুকি, আলোচনালৈ ইউক্ৰেইন

চাৰিদিনে সেও মনা নাই ইউক্ৰেইনে

নাটোৰ সকীয়নি উপেক্ষা ৰাছিয়াৰ

পুটিনৰ হুংকাৰত বিশ্বজুৰি আতংক

বেলাৰুছৰ প্ৰিপাট নদীৰ পাৰত বৈঠক

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ নিজে ৰণক্ষেত্ৰত ননমাকৈয়ো ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকা আৰু নাটোগোষ্ঠীৰ ৰাষ্ট্ৰ অত্যধিক আক্ৰমণাত্মক হৈ পৰাত আৰু ইউক্ৰেইনৰ প্ৰবল প্ৰতিৰোধৰ বাবে এতিয়ালৈকে পৰম আকাংক্ষিত বিজয়লাভ কৰিব নোৱাৰাত চৰম ক্ৰোধান্বিত হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দেশৰ পৰমাণু অস্ত্ৰৰ ভাণ্ডাৰত জোকাৰণি তোলাত ইউক্ৰেইনে বেলাৰুছতে ৰাছিয়াৰ সৈতে শান্তি আলোচনাত ভাগ ল’বলৈ সন্মত হৈছে৷ দেশৰ ৰাজধানী কিয়েভ আৰু দ্বিতীয় বৃহৎ চহৰ খাৰকিভত ৰাছিয়াৰ প্ৰবল আক্ৰমণ আৰু ইউক্ৰেইনৰ সেনাৰ অসামান্য প্ৰতিৰোধৰ মাজতে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ কাৰ্যালয়ে ৰাছিয়াৰ প্ৰতিনিধি দলৰ সৈতে পুটিনৰ বন্ধু ৰাষ্ট্ৰ বেলাৰুছতে শান্তি আলোচনাৰ মেজত কোনো পূৰ্বচৰ্ত নোহোৱাকৈ বহিব বুলি প্ৰকাশ কৰিছে৷ আজি নিশা বা কাইলৈ সোমবাৰে বেলাৰুছৰ প্ৰিপাট নদীৰ পাৰত, বিশ্বখ্যাত অধুনালুপ্ত পাৰমানবিক কেন্দ্ৰ চাৰ্নবিলৰ অদূৰত উভয়পক্ষ আলোচনাত মুখামুখি হ’ব৷ ৰাছিয়াৰ মিত্ৰ দেশ বেলাৰুছৰ নেতা আলোকজেণ্ডাৰ লুকাচেংক’ৰ প্ৰচেষ্টাত এই আলোচনা সম্ভব হৈছে৷ তেওঁ টেলিফোনত কৰা বাৰ্তালাপত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কি বেলাৰুছত আলোচনাৰ মেজত বহিবলৈ সন্মত হৈছে৷ প্ৰথমে জেলেনস্কিয়ে আলোচনাৰ স্থান হিচাপে তৃতীয় ৰাষ্ট্ৰ বেলাৰুছলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ প্ৰস্তাব প্ৰত্যাখান কৰিছিল৷ জেলেনস্কিয়ে কৈছিল, আলোচনা যদি হয়, তেন্তে ৱাৰশ্ব’, ব্ৰাটিশ্লাভা, ইষ্টানবুল, বুডাপেষ্ট বা বাকুত হ’লেহে তেওঁ ৰাজী আছে, অন্যথা নহয়৷ ৰাছিয়াই বেলাৰুছতে আলোচনাৰ বাবে সন্মত হ’বলৈ ইউক্ৰেইনক সন্ধিয়া ৬.৩০ বজাৰ চৰমসীমা বান্ধি দিছিল৷ তাৰ পূৰ্বেই ইউক্ৰেইনে সেও মানে৷ বেলাৰুছৰ নেতা আলেকজেণ্ডাৰ লুকাচেংক’ৱে কৰা দৌত্য সফল হৈছে আৰু তেওঁ ইউক্ৰেইনৰ প্ৰতিনিধি দলটো প্ৰিপাট নদীৰ পাৰলৈ আলোচনালৈ অহা, আলোচনাৰ সময়চোৱা আৰু তেওঁলোক নিৰাপদে উভটি যোৱা পৰ্যন্ত বেলাৰুছ আৰু সীমান্তত কোনো যুদ্ধবিমান, কোনো হেলিকপ্টাৰ নুৰে আৰু কোনো ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰা নহয়, তথা যুদ্ধাস্ত্ৰ সঞ্চালন নহয় বুলি নিশ্চিতি দিছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে দেওবাৰৰ পৰা বেলাৰুছৰ সেনা বাহিনীয়েও ইউক্ৰেইন আক্ৰমণৰ যো-জা কৰিছিল৷ দীৰ্ঘদিন ধৰি মিত্ৰদেশ বেলাৰুছত ৰাছিয়াৰ সেনাই আখৰাৰ অচিলা লৈ বাহৰ পাতি আছিল আৰু উত্তৰ দিশৰ পৰা ৰাছিয়াই কৰা আক্ৰমণ বেলাৰুছৰ পৰাই আৰম্ভ হৈছিল৷ দেওবাৰে বেলাৰুছেও যুদ্ধত ৰাছিয়াৰ সৈতে যোগ দিবলৈ সাজু হোৱা বুলি ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰ’ কুলেবাই টেলিভিছন যোগে প্ৰদান কৰা ভাষণত প্ৰকাশ কৰিছে৷ ‘আজি আমি ৰাছিয়াৰ লগতে বেলাৰুছৰো আক্ৰমণৰ সন্মুখীন হ’বলৈ আগবাঢ়িছিলো৷ বেলাৰুছৰ সেনাবাহিনী ইউক্ৰেইত প্ৰৱেশৰ  বাবে উদ্যত হৈছিল৷ সেয়ে ৰাষ্ট্ৰপতি জেলেনস্কি লুকাচেংকৰ প্ৰস্তাবত ততাতৈয়াকৈ ৰাজী হ’ল’– ডিমিট্ৰি কুলেবাই দেশবাসীক উদ্দেশ্যি দিয়া টেলিভিছনৰ ভাষণত এইদৰে কয়৷ ইপিনে পশ্চিমীয়া সংবাদ মাধ্যমৰ দাবী, আমেৰিকা আৰু নাটোগোষ্ঠীৰ ৰাষ্ট্ৰয়ো যুদ্ধৰ ভয়াৱহতা দেখি আৰু পুটিনে পাৰমানবিক অস্ত্ৰত জোকাৰণি তোলাত ভীতসস্ত্ৰন্ত হৈ ইউক্ৰেইনক আলোচনাৰ বাবে ৰাজী কৰায়৷

পশ্চিমৰ ৰাষ্ট্ৰৰ ৰাছিয়াৰ প্ৰতি শত্ৰুতামূলক আচৰণ, কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰু ইউক্ৰেইনক অহৰহ অস্ত্ৰ যোগান ধৰি থকাৰ ফলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন খঙত  অগ্নিশৰ্মা হৈ তেওঁৰ পাৰমাণৱিক অস্ত্ৰৰ যোদ্ধাক অস্ত্ৰ সাজু কৰিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে সমগ্ৰ বিশ্বজুৰি তীব্ৰ আতংকৰ সৃষ্টি হয়৷ টেলিভিছনত দিয়া ভাষণত স্বয়ং পুটিনে জনাই যে, তেওঁ পাৰমাণৱিক অস্ত্ৰৰ ‘ডিটাৰেণ্ট ফ’ৰ্চ’ক হাই এলাৰ্ট অৰ্থাৎ অতি সক্ৰিয় হ’বলৈ নিৰ্দেশ দিছে৷ এই ভাষণৰ পাছতে পশ্চিমীয়া দেশে পুটিনক ধিক্কাৰ দিলেও সকলো ভীতিবিহ৩ল হৈ পৰে৷ আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া ৰাষ্ট˜ই ইউক্ৰেইনক লগে লগে ৰাছিয়াৰ সৈতে আলোচনাত বহিবলৈ নিৰ্দেশ দিয়ে৷ ভাষণত পুটিনে ইউক্ৰেইনত যুদ্ধৰত ৰাছিয়াৰ সেনা বাহিনীক অকুণ্ঠ প্ৰশংসা কৰে৷ মাতৃভূমিৰ বাবে যুঁজি থকাৰ বাবে তেওঁ সকলোকে প্ৰশংসা কৰি ৰাছিয়াই চৰম পদক্ষেপ লোৱাৰ ইংগিত দিয়ে৷ স্বাভাৱিকতে পুটিনৰ এই ইংগিতে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰে৷

ইপিনে তিনিদিন অতিক্ৰম কৰি যোৱাৰ পাছতো ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ এখনো চহৰ সম্পূৰ্ণৰূপে দখল কৰিব নোৱাৰাত ৰাষ্ট্ৰপতি পুটিন অতিষ্ঠ হৈ পৰা বুলি পশ্চিমীয়া সাংবাদ মাধ্যমে মন্তব্য কৰিছে৷ দেওবাৰে পুৱা ইউক্ৰেইনৰ সেনাই ৰাছিয়াই দেশখনত মেলি দিয়া চেচেন ‘কীল ফ’ৰ্চ’ নামৰ ভয়ংকৰ বাহিনীটোৰ সৰহসংখ্যককে বোমাৰে উৰুৱাই নিশ্চিহ্ন কৰে৷ সেই আক্ৰমণত বাহিনীটোৰ কামাণ্ডাৰ- জেনেৰেল মেগ’মেড টুছেভৰ মৃত্যু হয়৷ ৰাছিয়াৰ এই বাহিনীটো ইউক্ৰেইনৰ চৰকাৰৰ শীৰ্ষ মন্ত্ৰী আৰু বিষয়াক বাছি বাছি হত্যা কৰিবৰ বাবে ইউক্ৰেইনৰে এখন অৰণ্যৰ পৰা আনি চহৰত মেলি দিছিল৷ পিছে সেই বাহিনীৰ পৰিকল্পনা ইউক্ৰেইনে ব্যৰ্থ কৰি দিয়ে৷ অভিযোগ উঠিছে ইউক্ৰেইনে এই যুদ্ধত ঠায়ে ঠায়ে নিষিদ্ধ ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিছে৷

ৰাজধানী কিয়েভ এতিয়ালৈকে ৰাছিয়াৰ সেনাৰ বাবে দূৰঅস্ত হৈ থকা অৱস্থাত আজি ৰাছিয়াই পুৱাৰ ভাগত দেশখনৰ দ্বিতীয় বৃহৎ চহৰ খাৰকিভ দখল কৰিছিল৷ কিন্তু বিয়লিলৈ ইউক্ৰেইনৰ সেনাই চহৰখন পুনৰ উদ্ধাৰ কৰে৷ আনহাতে, ৰাছিয়াৰ সেনাই বিভিন্ন স্থানত ইউক্ৰেইনৰ সেনাক সম্পূৰ্ণৰূপে পৰাভূত কৰিব নোৱাৰি সেই সেই সৰু চহৰ এৰি থৈ আগবাঢ়ি আহিছে৷ তেনে ফ্ৰণ্টলাইন বা আগৰণুৱা সেনা পাৰ হৈ যোৱাৰ পাছতে পুনৰ ইউক্ৰেইনৰ সেনাই সংশ্লিষ্ট অঞ্চলটোৰ দখল লৈ পেট্ৰ’ল, বিদ্যুৎ যোগান বন্ধ কৰি দিছে৷ আনকি সমগ্ৰ দেশৰ পথ নিৰ্দেশনা আৰু ছাইনব’ৰ্ডসমূহ ইউক্ৰেইনৰ সেনাই আঁতৰাই দিছে৷ ফলত দিশহাৰা হৈ পৰিছে ৰাছিয়াৰ সেনা৷ পেট্ৰ’ল নোহোৱাৰ বাবে যুদ্ধৰ গাড়ী ঠায়ে ঠায়ে আগবাঢ়িব নোৱাৰাকৈ স্থবিৰ হৈ পৰিছে৷ ফলত ৰাছিয়াৰ সেনাই পুটিনে কৰা পৰিকল্পনা অনুসৰি যুদ্ধৰ সামৰণি পেলাব পৰা নাই আৰু কোনো এখন চহৰ সম্পূৰ্ণৰূপে দখলো কৰিব পৰা নাই৷ অৰ্থাৎ এতিয়াও ইউক্ৰেইন পুটিনৰ বাবে অলংঘনীয় হৈ আছে৷

ইউক্ৰেইনত আৱদ্ধ আলমগঞ্জৰ যুৱক

চৰম অনিশ্চিয়তাত এতিয়া ধুবুৰী জিলাৰ আলমগঞ্জৰ এটা পৰিয়াল৷ মৰমৰ পুত্ৰৰ চিন্তাত উজাগৰী নিশা কটাইছে পিতৃ তথা অৱসৰী বিএছএফ জোৱান নুৰ মহম্মদ হুছেইন সৰকাৰ আৰু মাতৃ মঞ্জিলা সৰকাৰে৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰাই এনে অৱস্থা পৰিয়ালটোৰ৷ কিয়নো নিজ পুত্ৰ আৱদ্ধ হৈ আছে দেশখনত৷ পুত্ৰ আশিক হুছেইন সৰকাৰ অসমৰ অইন দুই যুৱকৰ সৈতে চুমী নামৰ অঞ্চল এটাত আৱদ্ধ হৈ আছে৷ দেশখনৰ চুমী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ আশিক৷ অঞ্চলটোত ৰুছ সেনা প্ৰৱেশ কৰা পিছত এটা এপাৰ্টমেণ্টতে আৱদ্ধ হৈ আছে অসমৰ আন দুই ছাত্ৰসহ আশিক¸৷ ইতিমধ্যে মোবাইলেৰে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকক স্বদেশলৈ নিয়াৰ ব্যৱস্থ কৰাৰ বাবে ভাৰত আৰু ৰাজ্য চৰকাৰলৈ কাতৰ আহ্বান জনাইছে আশিকে৷

ইউক্ৰেইনত আৱদ্ধ ছাত্ৰ-ছাত্ৰীক লৈ উদ্বিগ্ন এবছু

ইউক্ৰেইন আৰু ৰাছিয়া উভয় দেশক যুদ্ধ পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবচুই৷ প্ৰকাশ যে ইউৰোপৰ দুই দেশ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সংঘটিত ভয়াৱহ যুদ্ধৰ ফলত জনগণে নিৰাপত্তাহীনতাত ভোগাৰ লগতে খাদ্য-সামগ্ৰী আৰু আন দিশত দিশহাৰা হৈ পৰিছে৷  অসমৰ উপৰিও ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক লৈ এবছুই উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে আজি এক বিবৃতিযোগে ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি অনতি পলমে ইউক্ৰেইনত আৱদ্ধ ছাত্ৰ-ছাত্ৰীক সুকলমে স্বদেশলৈ ওভতাই আনিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে৷

ইউক্ৰেইনত আৱদ্ধ ৰঙিয়াৰ ছাত্ৰী, চিন্তিত পৰিয়াল

ৰঙিয়াৰ এগৰাকী ছাত্ৰী বৰ্তমানেও ইউক্ৰেইনত আৱদ্ধ হৈ থকাত পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিছে৷ মণীষা ৱাহিদ নামৰ ছাত্ৰীগৰাকীৰ সৈতে আন কেবাজনো অসমীয়া ছাত্ৰ-ছাত্ৰী  ইউক্ৰেইনত আৱদ্ধ হৈ আছে৷ ইউক্ৰেইন উজ হৰ্ট নেচনেল ইউনিভাৰ্চিটীৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী মণীষাই বিগত চাৰি বছৰৰ পৰা তাত অধ্যয়ন কৰি আছে৷ মণীষাই WhatsAhp কল যোগে পৰিয়ালবগৰ সৈতে কথা পাতিছে ৷ পৰিয়াল বৰ্গই ছাত্ৰী গৰাকীকক উদ্ধাৰৰ বাবে চৰকাৰক কাতৰ আহ্বান জনাইছে৷

তেজপুৰতো ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিবাদ

ইউক্ৰেইনৰ ওপৰত একপক্ষীয় ভাবে ৰাছিয়াৰ সামৰিক অভিযানাৰ বিৰুদ্ধে তেজপুৰতো আজি প্ৰতিবাদ সাব্যস্ত কৰে এছ ইউ চি আই [কমিউনিষ্ট] দলে৷ আজি বিয়লি পৰোৱা চাৰিআলিৰ বজাৰৰ সমীপত দলটোৰ কৰ্মী-সমৰ্থকসকলে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ যুদ্ধ বিৰোধী ধবনি দিয়ে৷ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সেনা অভিযান বন্ধ কৰা, আমেৰিকান যুদ্ধ জোঁট নাটো ভঙ্গ কৰা, যুদ্ধ নহয়- শান্তি লাগে, যুদ্ধৰ বিৰুদ্ধে জংগী সাম্ৰাজ্যবাদ বিৰোধী আন্দোলন গঢ়ি তোলক আদি ধবনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ পিছত এক প্ৰতিবাদী সভাত দলৰ শোণিতপুৰ জিলা কমিটীৰ সম্পাদক অজয় আচাৰ্যই কয় যে, ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এই আক্ৰমণ আচলতে সাম্ৰাজ্যবাদী শক্তি যুদ্ধবাজ আমেৰিকাৰ নেতৃত্বাধীন নাটোৰ বাবেই হৈছে৷ নাটোৱে পূৱ ইউৰোপত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ চেষ্টা চলোৱাক লৈ প্ৰতিপক্ষ হিচাবে ইউক্ৰেইনক ৰাছিয়াই নিয়ন্ত্ৰণত ৰখাৰ প্ৰতিযোগিতাৰ পৰিণাম এই আক্ৰমণ৷ তেওঁ কয় যে, সাম্ৰাজ্যবাদী এই দুই শক্তিৰ অশুভ প্ৰতিযোগিতাৰ ফল ভুগিবলগীয়া হৈছে প্ৰত্যক্ষভাৱে সংশ্লিষ্ট দুই দেশৰ সাধাৰণ জনতাই৷ তেওঁ আৰু কয়, তীব্ৰ বজাৰ সংকটত নিমজ্জিত বিশ্বপুঁজিবাদ-সাম্ৰাজ্যবাদে আজি জনসাধাৰণৰ দৃষ্টি জনজীৱনৰ মৌলিক সমস্যাৰ পৰা অইনফালে ঘূৰাই দিয়াৰ কাৰণে যুদ্ধ পৰিস্থিতিৰ জন্ম দিয়ে৷ পুঁজিবাদ-সাম্ৰাজ্যবাদৰ এই চক্ৰান্তৰ বিৰুদ্ধে থিয় দিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷