Logo
image

মোদীৰ ‘মন কী বাত’ত কোক্‌ৰাঝাৰৰ দলঙৰ চাফাই

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ এখন উৰণীয়া সেতু৷ বিটিআৰৰ সদৰ কোকৰাঝাৰৰ চহৰৰ টেঙাপাৰা -খাৰগাঁৱ তথা গোল্ডেন জুবিলি পথ সংযোগী এই তিনি কিলোমিটাৰ দৈৰ্ঘৰ নতুন ৰেলৱে উৰণীয়া সেতুখনে আজি চৰ্চাৰ শিখৰত স্থান পাবলৈ সক্ষম হৈছে৷ ৷ উল্লেখযোগ্য যে বিগত সময়ত বিভিন্ন কাৰণত অসমৰ মানচিত্ৰত থকা তথা বড়োভূমিৰ প্ৰাণকেন্দ্ৰ হিচাবে পৰিচিত কোকৰাঝাৰ চহৰৰ নাম উচ্ছাৰণ হৈ আহিছে৷ কিন্তু আজি প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় অনুষ্ঠান ‘মন কি বাত’ ত আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্চতা অভিযানৰ প্ৰসংগত বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ উৰণীয়া সেতু খনৰ নাম উল্লেখ কৰি এই সেতুখন চাফ চিকুণ কৈ ৰখাৰ ক্ষেত্ৰত কোকৰাঝাৰৰ একাংশ লোকে লৈ অহা উদ্যোগৰ উচ্ছ প্ৰশংসা কৰে৷ দেশত কৰবাত নহয়, কৰবাত যে স্বচ্ছ ভাৰতৰ অভিযান চলি আছে তাৰ উদাহৰণ স্বৰূপে কোকৰাঝাৰ ৰ নাম উল্লেখ কৰি চাফাই অভিযানত অংশগ্ৰহণ কৰা সকলক ধন্যবাদো জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰকাশ যে বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ সৌন্দৰ্য বদ্ধৰ্ন কৰা উৰণীয়া সেতুখন এতিয়া কোকৰাঝাৰ বাসীৰ বাবে কেৱল যাতায়তৰ সুবিধাৰ থলীয়ে নহয়৷ এই সেতুখন যান্ত্ৰিক সময়ত বহুতৰে বাবে অৱসৰ বিনোদন স্থান৷ একেদৰে সেতুখন বহু সংখ্যক লোকৰ বাবে প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগৰ থলী৷ তদুপৰি চহৰখনত বাস কৰা একাংশ বুদ্ধিজীৱী, সাংবাদিক, চিকিৎসক,  অধিবক্তা আৰু অভিযন্তা আদি ভিন্ন বৃত্তিত কৰ্মৰত বিভিন্ন স্তৰৰ লোকে পুৱা বিশুদ্ধ বায়ু সেৱন কৰিবলৈ সেতুখনলৈ যোৱাৰ উপৰিও বহুতে দৈনিক শৰীৰ চৰ্চা কৰা আৰু মৰ্নিং কৰে৷ তেনে ক্ষেত্ৰত কোকৰাঝাৰৰ চহৰৰ টেঙাপাৰা-খাৰগাঁৱ তথা গোল্ডেন জুবিলি পথ সংযোগী নতুন ৰেলৱে উৰণীয়া সেতুখন ছাফাই অভিযানৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন স্তৰৰ লোকে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাৰ প্ৰয়াস চলাই আহিছে৷ প্ৰণিধানযোগ্য যে ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত হোৱা বিটিআৰ চুক্তিৰ পিচত একেটা বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উৰণীয়া সেতু সংলগ্ন জাংখ্ৰিথাই ফৌথাৰত আয়োজিত এক বিশাল গন সমাৱেশত অংশ গ্ৰহণ কৰিছিল৷ আৰু তেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উৰণীয়া সেতু খনৰ সৈতে পৰিচয় হৈছিল৷  আজি প্ৰায় দুই বছৰ পিছত দেশৰ প্ৰধান মন্ত্ৰী মোডীয়ে মন কী বাত অনুষ্ঠানত কোকৰাঝাৰৰ উক্ত নতুন ৰেলৱে উৰণীয়া সেতুৰ পৰিষ্কাৰ-পৰিচ্ছনতাৰ বিষয়ে উল্লেখ কৰি প্ৰশংসাৰে ওপচাই পেলাইছে৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা আৰু ধন্যবাদ জ্ঞাপন কৰাৰ পিছতে সমগ্ৰ কোকৰাঝাৰ চহৰত আনন্দৰ লহৰ উঠিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে সমগ্ৰ দেশৰ লগতে অসমতো আজি ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শুনে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্ৰাক্তন মুখ্যমন্ত্ৰী ততা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ফনীদ্ৰনাথ শৰ্মা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ ৯টা মৰ্চাৰ সভাপতি সকলো সাংসদ, বিধায়ক, জিলা সভাপতি সকলকে ধৰি সকলো কাৰ্যকৰ্তা মন কী বাত অনুষ্ঠানৰ অংশীদাৰ হয়৷  ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ অসম ভ্ৰমণত ব্যস্ত হৈ থকা মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত মন কী বাত অনুষ্ঠানৰ অংশীদাৰ হয়৷ আনহাতে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ মাজুলী উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ভাগ ল’বলৈ ফেৰীৰে গৈ থকা অৱস্থাত তেওঁক সহযোগ কৰা দলীয় সতীৰ্থ সকলৰ সৈতে ফেৰীতে মন কী বাত অনুষ্ঠানৰ অংশীদাৰ হয়৷ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাই শিৱসাগৰ চহৰত থকা দলৰ জিলা কাৰ্যালয়ত উপস্থিত থাকি মন কী বাত অনুষ্ঠানৰ শ্ৰোতা হয়৷