দুঃস্বপ্নৰ ওৰ! ঘৰ পালেহি তন্ময়ীহঁত
অপাৰেশ্বন গংগাৰ সৌজন্যত উভতিল ১০ শিক্ষাৰ্থী
আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ যুদ্ধ বিধবস্ত ইউক্ৰেনত আৱদ্ধ হৈ থকা অসমৰ ১০জন শিক্ষাৰ্থী দেওবাৰে সুকলমে আহি ভাৰতত উপস্থিত হয়৷ ‘অপাৰেশ্বন গংগা’ৰ অধীনত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই ছাত্ৰ কেইজনক ইউক্ৰেনৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ উভতাই লৈ আহে৷ ছাত্ৰ কেইজন মুম্বাই আৰু নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক অসম ভৱনৰ বিষয়াই নিজৰ দায়িত্বত লয়৷ দেওবাৰে পুৱা ভাৰতত আহি উপস্থিত হোৱা অসমৰ শিক্ষাৰ্থীকেইজনৰ ভিতৰত তন্ময়ী পৰাশৰ ছিয়া দাস, ডেইজি বসুমতাৰী, কৃত্তিকা বসন্ত [গুৱাহাটী] অনুৰাগ ভূঞা [গহপুৰ] আৰু হিমাদ্ৰী কাকতি [শুৱালকুছি] আছে৷ তন্ময়ী আৰু ছিয়া মুম্বাইত উপস্থিত হোৱাৰ পিছতে মুম্বাইৰ অসম ভৱনৰ বিষয়াই তেওঁলোকক নিজৰ দায়িত্বত লৈ চৰকাৰী খৰচত অসমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে৷ অনুৰাগ আৰু কৃত্তিকা দিল্লীত উপস্থিত হোৱাৰ পিছত বিমান বন্দৰৰ পৰা তেওঁলোক নতুন দিল্লীত থকা নিজৰ আত্মীয়ৰ ঘৰলৈ যায়৷ তেওঁলোকৰ বাবেও দিল্লীৰ পৰা অসমলৈ উভতি অহাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব৷ হিমাশ্ৰী আৰু ডেইজী আজি পুৱা নতুন দিল্লীত উপস্থিত হোৱাৰ পাছতে তেওঁলোকক নতুন দিল্লীৰ অসম ভৱনলৈ লৈ যোৱা হয়৷ উল্লেখ্য, এইকেইজন শিক্ষাৰ্থীয়ে ইউক্ৰেনৰ বিভিন্ন বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছিল৷ আনহাতে দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ইউক্ৰেনৰ পৰা আহি নতুন দিল্লীত উপস্থিত হয় অন্য ৪জন ছাত্ৰ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে উদ্ধাৰ কৰি দেশলৈ উভতাই অনা ছাত্ৰ কেইজন হ’ল– সমন্বয় কুমাৰ শৰ্মা [নগাঁও] অংশুমান শৰ্মা [নলবাৰী] গুণজিৎ কাশ্যপ [কামাখ্যা] ছাহজাহান হাজৰিকা [নগাঁও]৷ নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতে আটাইকেইজনকে নতুন দিল্লীৰ অসম ভৱনলৈ লৈ অনা হয়৷ তেওঁলোকেও ইউক্ৰেনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছিল৷ এই চাৰিজন ছাত্ৰ সোমবাৰে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ব৷ উল্লেখ্য, অসম চৰকাৰে নতুন দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃজাৰ্তিক বিমানবন্দৰত ইউক্ৰেনৰ পৰা উভতি আহিবলগীয়া অসমৰ লোকৰ সহায়ৰ বাবে এটা হেল্প ডেক্স মুকলি কৰিছে৷ আনহাতে, দিল্লীৰ পৰা আজিয়ে আহি অসমত উপস্থিত হয় কৃত্ৰিকা বসন্ত, ছিয়া দাস, তন্ময়ী পৰাশৰ, হিমাশ্ৰী কাকতি আৰু ডেইজী বসুমতাৰী৷ তেওঁলোকক পৰিয়ালৰ লোকে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰৰ পৰা নিজৰ নিজৰ ঘৰলৈ লৈ যায়৷ ইউক্ৰেন আৰু ইয়াৰ কাষৰীয়া ৰাষ্ট্ৰত আৱদ্ধ হৈ থকা অসমৰ লোকৰ বাবে ৰাজ্য চৰকাৰে হোৱাইছ এপ নম্বৰ আৰু ই-মেইল আই ডি মুকলি কৰিছে৷ যিকোনো ধৰণৰ সহায়ৰ কাৰণে এই হোৱাইটছ এপ নম্বৰ আৰু ই-মেইল আই ডি ব্যৱহাৰ কৰিবলৈ চৰকাৰে আহ্বান জনাইছে৷ ইয়াৰ উপৰিও অসম আৰক্ষীক ছ’চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব ইউক্ৰেনত আৱদ্ধ লোকসকলে৷ যুদ্ধৰ ক’লীয়া ধোৱাই আৱৰি ধৰা ইউক্ৰেনৰ পৰা কুশলে উভতি আহি অসমত উপস্থিত হোৱা শিক্ষাৰ্থীসকলে বৰ্ণনা কৰিছে ইউক্ৰেনত বিৰাজ কৰা ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে৷ বিগত দুদিন ধৰি যুদ্ধ বিধবস্ত ৰাষ্ট্ৰখনত সন্মুখীন হোৱা পৰিস্থিতিত বৰ্ণনা কৰিবলৈ গৈ আতংকিত হৈ পৰে শিক্ষাৰ্থীসকল৷
ইউক্ৰেইনৰ চুমী চহৰত আৱদ্ধ লাহৰীঘাটৰ আফজালুৰ
ৰুছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই এতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ পৰা অধ্যয়নৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈও কাল অমানিশা নমাই আনিছে৷ যিকোনো মুহূৰ্ততে জীৱনৰ সকলো আশা-ভৰষা শেষ হৈ যোৱাৰ শংকাত ভুগিছে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাবাৰী পথাৰ গাঁৱৰ আফজালুৰ ৰহমান নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনে৷ যুদ্ধ বিধবস্ত ইউক্ৰেইনৰ চুমী ষ্টেট ইউনিভাৰ্চিটীৰ চিকিৎসা বিজ্ঞানৰ অন্তিম বৰ্ষৰ ছাত্ৰজন সম্প্ৰতি চুমী চহৰত আৱদ্ধ হৈ আছে৷ উল্লেখ্য, লাহৰীঘাটৰ ভূঞাবাৰী পথাৰ গাঁৱৰ মতিবুৰ ৰহমান আৰু ফুলবানু বেগমৰ কনিষ্ঠ পুত্ৰ আফজালুৰ ৰহমানে ২০১৭ চনত ইউক্ৰেইনৰ চুমী ষ্টেট ইউনিভাৰ্চিটীৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰিছিল৷ সম্প্ৰতি চুমী চহৰত আৱদ্ধ হৈ থকা আফজালুৰে আজি এই প্ৰতিবেদকৰে সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয় যে তেওঁ বৰ্তমান ইউক্ৰেইনৰ উত্তৰ-পূব প্ৰান্তৰ চুমী চহৰত আৱদ্ধ হৈ আছে৷ বৰ্তমান চহৰখনৰ পৰিস্থিতি বহুত বেয়া৷ পুৱা বেলিটো উদয় হ’লে জীৱনৰ আশা আহে আৰু সন্ধিয়া বেলিটো ডুব যোৱাৰ পিছতেই সকলো আশা শেষ হৈ যায়৷ সন্ধিয়া হোৱাৰ লগে লগে বোমা, মিছাইল, ৰকেট আদিৰে ৰাছিয়া সৈন্যই আক্ৰমণ চলায়৷ চহৰখনৰ পথসমূহত ৰাছিয়া সৈন্যই পিয়াপি দি ফুৰে৷ সন্ধিয়াৰ পৰা গোটেই নিশা যুদ্ধ আৰম্ভ হয়৷ চুমী চহৰৰ পৰা ৫-১০ কিলোমিটাৰ দূৰৈত ৰাছিয়া সৈন্যই বোমা বৰ্ষণ চলাই আছে৷ প্ৰথম পৰ্যায়ত ৰা¸ছিয়া সৈন্যই ইউক্ৰেইনৰ সৈন্য বাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল যদিও এতিয়া জনসাধাৰণৰ ওপৰতো আক্ৰমণ চলাবলৈ ধৰিছে৷ এনে অৱস্থাত জীৱনৰ কোনো ভৰষা নোহোৱাকৈ জীয়াই আছো৷ বৰ্তমান চুমী চহৰখনত অসমৰ ৩০-৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে বুলি তেওঁ কয়৷ আনহাতে বৰ্তমান চুমী চহৰৰ পৰা তেওঁলোক ওলাই অহাৰো সুৰক্ষা নোহোৱা হৈছে৷ এনে ক্ষেত্ৰত যিকোনো প্ৰকাৰে তেওঁলোকক স্বগৃহলৈ উদ্ধাৰ কৰি আনিবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ছাত্ৰজনে কাতৰ আহ্বান জনাইছে৷ ইফালে চুমী চহৰত আৱদ্ধ হৈ থকা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আফজালুৰ ৰহমানক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ৷ আজি ভিডিঅ’ কলিংযোগে সংবাদ মাধ্যমৰ আগত ছাত্ৰজনে যুদ্ধবিধবস্ত ইউক্ৰেইনৰ পৰিস্থিতি বৰ্ণনা কৰি কয় যে কিছু সময়ৰ মূৰে-মূৰে বাজি উঠে বিপদসূচক চাইৰেণ৷ ৰাছিয়া সৈন্যৰ আক্ৰমণত প্ৰাণ বচাবলৈ বাংকাৰত আশ্ৰয় গ্ৰহণ কৰি আছে ছাত্ৰগৰাকীৰ লগতে চুমী আবাসিক এলেকাৰ লোকসকল৷ ছাত্ৰ তথা পুত্ৰৰ মুখেৰে এনে চৰম বিপদৰ কথা শুনি পিতৃ-মাতৃৰ লগতে আত্মীয়স্বজন শোকত ভাঙি পৰিছে৷ সেয়েহে এতিয়া ছাত্ৰজনৰ পিতৃ-মাতৃয়ে তেওঁৰ পুত্ৰৰ লগতে অসম তথা ভাৰতৰ সকলো ছাত্ৰ-ছাত্ৰীক স্বভূমিলৈ সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰি আনিবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰলৈ আহ্বান জনাইছে৷
বিশ্বনাথ জিলা প্ৰশাসনৰ হেল্পলাইন মুকলি
যুদ্ধৰ দামামাত সন্ত্ৰস্ত ইউক্ৰেইনত থকা প্ৰবাসী ভাৰতীয় লোকসকলক স্বৰাজ্যলৈ উভতি আহিবৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা গ্ৰহণ কৰাৰ সমান্তৰালকৈ বিশ্বনাথ জিলা প্ৰশাসনেও হেল্পলাইন মুকলি কৰিছে৷ অশান্ত ইউক্ৰেইনত যদি বিশ্বনাথ জিলাৰ কোনো লোক বা ছাত্ৰ- ছাত্ৰী আবদ্ধ হৈ আছে, তেন্তে তেনে লোকক স্ব-গৃহমুখী হবলৈ এই হেল্পলাইনৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াইছে বিশ্বনাথ জিলা প্ৰশাসনে৷ অশান্ত দেশখনত অধ্যয়নৰ বাবে অথবা অন্য কাৰণত গৈ আবদ্ধ হৈ পৰা বিশ্বনাথ জিলাৰ যিকোনো লোক স্বৰাজ্যলৈ উভতি আহিবৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনৰ লগত ইয়াৰ জৰিয়তে যোগাযোগ কৰিব পাৰে৷ ইউক্ৰেইনত থকা জিলাখনৰ এনে ব্যক্তি বা ছাত্ৰ- ছাত্ৰীৰ অভিভাৱক, পৰিয়ালৰ লোক অথবা নিকটাত্মীয়ই বিশ্বনাথ জিলা প্ৰশাসনৰ জৰুৰীকালীন অভিযান কেন্দ্ৰত [DEOC] যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰৰ দুটাকৈ ফোন নম্বৰ তথা ই-মেইল আই. ডি.ৰ জৰিয়তে সহায়ৰ বাবে যোগাযোগ কৰিবলৈ কোৱা হৈছে৷ ফোন নম্বৰ দুটা হৈছে ০৩৭১৫২২২০৮৬ [লেণ্ড লাইন] আৰু ৬০০০৯৪৯৮৫৪ [মোবাইল]৷ আনহাতেদি নিয়ন্ত্ৰণ কক্ষৰ ইমেইল আইডি হৈছে ddmabiswanath@gmail.com৷