Logo
image

ৰাজ্য চৰকাৰৰ আমোলাৰ ক্ষেত্ৰত সাল-সলনি

আমাৰ অসম, ২০ অক্টোবৰঃ মঙলবাৰে ৰাজ্য চৰকাৰৰ আমোলাৰ ক্ষেত্ৰত কিছু সাল-সলনি ঘটোৱা হয়৷ প্ৰবন কুমাৰ বৰঠাকুৰক মুখ্যমন্ত্ৰী অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰা হয়। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ডেপুটেচনত গৈছে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া। প্ৰবন কুমাৰ বৰঠাকুৰ অসম প্ৰশাসনীয় ন্যায়াধিকৰণৰ অধক্ষ্য হিচাবে কৰ্মৰত আছিল। সংস্কাৰ আৰু উন্নয়ন লগতে সাংস্কৃতিক পৰিক্ৰমা, জলসিঞ্চনৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বটো আছিল প্ৰবন কুমাৰ বৰঠাকুৰ। অসম চৰকাৰৰ আন এগৰাকী বিষয়া গুৱাহাটী উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক অসম প্ৰশাসনীয় ন্যায়াধিকৰণৰ অধক্ষ্যৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হয়। তেখেত নতুন দিল্লীৰ অসম ভৱনৰ মুখ্য আৱাসিক আয়ুক্ত হিচাবেও কাৰ্য্য নিৰ্বাহ কৰি থাকিব।