Logo
image

ফণীভূষণৰ মনত পৰিল আঞ্চলিকতা-বাদলৈ

অগপৰ ঘাটিত আগ্ৰাসী বিজেপি

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ পৌৰসভাৰ নিৰ্বাচনক লৈ দুই মিত্ৰদল অগপ-বিজেপিৰ মাজত সৃষ্টি হৈছে মুকলি সংঘাত৷ দিছপুৰত বৰ্তমানেও দুই দলে মিত্ৰতাৰে গঠন কৰা চৰকাৰৰ শাসন চলি আছে যদিও পৌৰসভাৰ নিৰ্বাচনত কাৰ্যতঃ মিত্ৰতা ভংগ হৈছে৷ বঙাইগাঁও, বৰপেটা, যোৰহাট, বোকাখাট, ডিব্ৰুগড়, বজালী, মৰিগাঁও, হোজাই আদি ১৪খন জিলাত আসন বুজাবুজিক লৈ অগপ-বিজেপিৰ মুকলি সংঘাত হৈছে৷ অগপ-বিজেপিৰ মিত্ৰতাৰ অন্যতম সূত্ৰধাৰ, অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়েই এতিয়া ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰ তীব্ৰ বিৰোধিতা কৰিছে৷ পৌৰ নিৰ্বাচনত অগপৰ আসন বিজেপিয়ে কাঢ়ি নিয়াৰ পাছতেই যেন সাৰ পাইছে অগপৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি ফণীভূষণ চৌধুৰীয়ে৷ অগপৰ দুৰ্গৰূপে খ্যাত বঙাইগাঁও জিলাৰ বঙাইগাঁও পৌৰসভাৰ ২৫খন আসনৰ ২৪খনত, অভায়াপুৰী পৌৰসভাৰ ১১খন আসনৰ এখন আসনো অগপক এৰি নিদিয়াত ক্ষুব্ধ হৈ পৰিছে বঙাইগাঁও সমষ্টিৰ বিধায়কজন৷ লোকসভাত ‘কা’ গৃহীত কৰাৰ পাছত অসম মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ নাটক কৰাৰ লগতে কান্দি কান্দি ৰাজ্যবাসীৰ মাজত আৱেগৰ সৃষ্টি কৰিছিল বিধায়ক ফণীভূষণ চৌধুৰী৷ যিটো দলৰ একমাত্ৰ ৰাজ্যসভাৰ সদস্য বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমীয়াৰ আবেগক ভৰিৰে মোহাৰি ‘কা’ৰ সমৰ্থনত ভোট দিছিল৷ অগপৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা কৰাৰ সময়ত যিজন ৰাজনীতিকে আটাইতকৈ বেছি তুচ্ছ-তাচ্ছিল্য কৰিছিল সেইজন ৰাজনীতিক ফণী ভূষণ চৌধুৰীৰ মনত পৰিছে আঞ্চলিকতাবাদলৈ৷ তেওঁ কয়– ৰাজ্যত শীঘ্ৰে উত্থান হ’ব আঞ্চলিকতাবাদৰ৷ আঞ্চলিকতাবাদী ভাৱধাৰাৰ মানুহ কেতিয়াও ৰাষ্ট্ৰবাদী হ’ব নোৱাৰে৷ সৰু সৰু আঞ্চলিক দল একত্ৰিত হোৱাৰ সময় সমাগত৷ আঞ্চলিকতাবাদৰ ৰূপ সলনি হ’বই৷ অসমৰ ৰাইজে এদিন আঞ্চলিক দলসমূহক একত্ৰিত হ’বলৈ আহ্বান জনাব৷ আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ কেতিয়াও একে হ’ব নোৱাৰে৷ আঞ্চলিকতাবাদ অপৰিহাৰ্য বুলি অসমৰ ৰাইজে অনুভৱ কৰিছে৷ দলৰ জ্যেষ্ঠ নেতা এজনে মিত্ৰদল বিজেপিক লক্ষ্য কৰি আক্ৰমণাত্মক হৈ পৰিছে যদিও এই পৰ্যন্ত মৌন দলৰ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত৷ ১৪খনক জিলাত দলটোক এলাগি কৰাৰ পাছতো আসন এৰিব লগাৰ ভয়ত নিৰাপদ দূৰত্বত অৱস্থান কৰিছে অগপৰ দুই কাণ্ডাৰীয়ে৷ উল্লেখ, বিজেপি নেত্ৰী আঙুৰলতা ডেকাই ৰাজহুৱাভাৱে মন্তব্য কৰিছে যে অগপ বিজেপিৰ শত্ৰু৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, জ্যেষ্ঠ নেতা, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ  দুৰ্গ খহাবলৈ লাগি গৈছে৷ তাৰ পাছতো অগপ নেতৃত্বই মাত এষাৰ নমতাটো অতি উদ্বেগৰ বিষয়ৰূপে পৰিগণিত হৈছে৷

ভূপেন বৰা ৰাজকুমাৰৰ দৰে, লুৰীণক সংবাদ মাধ্যমে জীয়াই ৰাখিছে! জয়ন্তমল্ল বৰুৱা

কংগ্ৰেছ এতিয়া বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈৰ দল হৈ থকা নাই, কংগ্ৰেছ দল এতিয়া ইটালীৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ দল৷ আপোনালোকে জুবিন-পাপনক দেখিছে আৰু ৰাজকুমাৰৰ গানো শুনিছে, ভূপেন বৰা ৰাজকুমাৰৰ দৰে অভিনেতা৷ –কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক  এই বুলি তাচ্ছিল্যসূচক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই৷ দেওবাৰে পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিত এখন শৈক্ষিক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত কংগ্ৰেছ দল, ভূপেন বৰা আৰু লুৰীণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰি লুৰীণজ্যোতি গগৈ ৰাজনৈতিকভাৱে অপ্ৰাসংগিক আৰু তেওঁক সংবাদ মাধ্যমে জীয়াই ৰাখিছে বুলি মন্তব্য কৰি শ্বহীদৰ কেঁচা তেজৰ স্মৃতি বিজড়িত এটা জাতীয়তাবাদী দলৰ পৰা আহি ৭৫ বছৰে দেশক লুটি-পুতি খোৱা কংগ্ৰেছ দলৰ স’তে আটাইতকৈ বেছি মিতিৰালি কৰা লুৰীণে অসমীয়া জাতিৰ কথা কোৱা উচিত নহয় বুলিও মন্তব্য কৰে৷ আনন্দৰাম বৰুৱাৰ একাডেমীৰ ৰেক্টৰ ড॰ ৰঞ্জিত ডেকাৰ সঞ্চালনাত অনুষ্ঠিত আৰু উৎপল মেধিয়ে আঁত ধৰা অনুষ্ঠানত তেওঁ আজিৰ তাৰিখত আমাৰ উঠি অহা যুৱক-যুৱতীসকল আৰু ভাই-ককাইসকল উৎপাদনমুখী হ’ব লাগিব বুলি জয়ন্ত মল্লই কয়৷ এটা সময়ত আমাৰ ঘৰৰ চৌহদৰ পাচলিৰে পৰিয়াল চলিছিল কিন্তু আজি সেই পৰিৱেশ নোহোৱা হৈছে আমি সেই পৰিৱেশ ঘূৰাই আনিব লাগিব, আমি স্বাৱলম্বী হ’ব লাগিব বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ লগতে ইউক্ৰেইনত ছাত্ৰ-ছাত্ৰীসকল সুৰক্ষিত হৈ আছে বুলিও মন্তব্য কৰে জয়ন্ত মল্লই৷ আনহাতে এইবাৰ বিজেপি মিত্ৰজোঁটে  সম্পূৰ্ণ ৮০খন পৌৰসভা দখল কৰিব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে৷