Logo
image

ৰুছ সৈন্যৰ লোলুপ দৃষ্টি ইউক্ৰেইনৰ যুৱতীৰ ওপৰত

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ যুদ্ধই এতিয়াও নিৰ্ণায়ক স্থিতি নৌলওঁতেই, শত্ৰুৰ দেশৰ এখন চহৰো সম্পূৰ্ণৰূপে দখল নৌকৰোঁতেই ৰাছিয়াৰ পেশীবহুল শৰীৰৰ সেনাই ইউক্ৰেইনৰ সুন্দৰী ৰমণীৰ শৰীৰৰ ওপৰত লোলুপ দৃষ্টি  পেলোৱা আৰম্ভ কৰিছে৷ কোৱা হয়, ইউক্ৰেইনৰ যুৱতীয়েই বিশ্বৰ ভিতৰত সুন্দৰী৷ সোণালী চুলিৰ, আক্ষৰিক অৰ্থত ‘ব্লণ্ড’ –ইউক্ৰেইনৰ যুৱতী বিশ্বশ্ৰেষ্ঠ সুন্দৰী নহয় বুলি এবাৰ ইউক্ৰেইনত ভৰি থোৱা কোনো আগন্তুকে ক’ব নোৱাৰে৷ স্বৰূপাৰ্থতে ইউক্ৰেইনত ভৰি থোৱাৰ পাছতে চাক্যচিক্যৰে ভৰা চহৰখন দেখাৰ পিছ মুহূৰ্ততে পৰ্যটকক আকৰ্ষণ কৰে দেশখনৰ সোণালী চুলিৰ অধিকাৰী সুন্দৰীসকলে৷ ‘ইউক্ৰেনিয়ান ব্লণ্ড’ স্মাৰ্ট, ব্যৱহাৰত উদাৰ আৰু সহজে মিলামিছা কৰাৰ বাবে খ্যাত৷ ইউক্ৰেইনৰ সুন্দৰী ৰমণীৰ শৰীৰি সৌন্দৰ্যৰ বিষয়ে প্ৰতিবেশী দেশ ৰাছিয়াৰ যুৱকে ভালদৰেই জানে৷ এসময়ত চুবুৰীয়া দেশৰ সুন্দৰীৰ সান্নিধ্য পালেও ২০১৪ চনৰ পৰা দুয়ো দেশৰ মাজত সম্পৰ্ক নাই আৰু তাৰ ফলত আহ যাহৰ সুবিধাও নাই৷ দীৰ্ঘদিন তেনে সুন্দৰীৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈ সেয়ে এতিয়া হাতত গধুৰ অস্ত্ৰ-শস্ত্ৰ লৈ দেশখনত শত্ৰু হিচাপে প্ৰৱেশ কৰাৰ লগে লগে ৰাছিয়াৰ সেনাৰ লোলুপ দৃষ্টিত পৰিছে দেশখনৰ সুন্দৰীসকল৷ দখল কৰা দেশত শত্ৰু দেশৰ সৈনিকে নাৰীৰ ওপৰত কৰা বলাৎকাৰ, অত্যাচাৰ ঐতিহাসিকভাৱে সত্য৷ ৰোমান সাম্ৰাজ্যবাদৰ সময়ৰ পৰা, নেপোলিয়নৰ যুগ আৰু আনকি দ্বিতীয় মহাসমৰতো শত্ৰু দেশক পদানত কৰাৰ পাছতে সৈনিকসকল জপিয়াই পৰিছিল দখল কৰা দেশৰ সুন্দৰীৰ ওপৰত৷ এইবাৰো ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমনত তাৰ ব্যতিক্ৰম ঘটা নাই৷ কিন্তু সলনি হৈছে শত্ৰু দেশৰ সুন্দৰীক শয্যাসংগীনি কৰাৰ পন্থা৷ ৰাছিয়াৰ সৈনিকে ইউক্ৰেইনৰ সুন্দৰীৰ ওপৰত জপিয়াই পৰাৰ পৰিবৰ্তে আশ্ৰয় লৈছে ডেটিং এপৰ আৰু এপৰ জৰিয়তেই সুন্দৰীসকলক প্ৰলোভিত কৰিছে৷ ঘাইকৈ ইউক্ৰেইন বা সেই অঞ্চলত জনপ্ৰিয় ডেটিং এপৰ টেণ্ডাৰৰ জৰিয়তে ৰাছিয়াৰ সৈনিকে ইউক্ৰেইনৰ সুন্দৰীৰ সৈতে বন্ধুত্ব স্থাপন কৰি আকৰ্ষণৰ চেষ্টা চলাইছে৷ টেণ্ডাৰ এপত ৰাছিয়াৰ সৈনিকে তেওঁলোকৰ উদং শৰীৰৰ পেশীবহুল চেহেৰাৰ ফটো আপলোড কৰি ইউক্ৰেইনৰ সুন্দৰীক শয্যাসংগীনি হোৱাৰ বাবে আমন্ত্ৰণ জনাইছে৷ দেশখন দখল কৰাৰ পূৰ্বেই ৰুছ সৈনিকে ইউক্ৰেইনৰ সুন্দৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে, যাতে চহৰ দখল কৰাৰ লগে লগে সহজে তেনে সুন্দৰীক শয্যাসংগীনি কৰিব পাৰে৷ অন্যথা বলপূৰ্বক অত্যাচাৰ৷ সেই ভয়তে ইউক্ৰেইনৰ সুন্দৰীয়ে তেওঁলোকৰ লোকেচন আৰু ঠিকনা  তেনে এপত সলনি কৰি পেলাইছে৷ আছে যদি কিয়েভত, লোকেচন দিছে খাৰকিভ, আছে যদি খাৰছনত লোকেচনত নিজৰ স্থিতি আৰু ঠিকনা দেখুৱাইছে লিভিভত৷ ফলত বিভ্ৰান্ত হৈছে ইউক্ৰেইনৰ সুন্দৰী ৰমণীলৈ লোলুপ দৃষ্টি দি থকা ৰুছ সেনা৷ আন আন যুঁদ্ধৰ দৰে চহৰ দখলৰ পাছতে ইউক্ৰেইনৰ সুন্দৰী ৰমনীক শয্যাসংগীনি কৰাটো ৰুছ সৈনিকৰ বাবে সহজ নহ’ব৷ কিয়নো ইতিমধ্যে অসংখ্য ইউক্ৰেইনৰ সুন্দৰীয়ে হাতত তুলি লৈছে ভয়ংকৰ মাৰণাস্ত্ৰ৷ নিজৰ দেহৰ পবিত্ৰতা ৰক্ষা কৰাৰ লগতে শত্ৰুৰ পৰা নিজৰ দেশখন মুক্ত কৰাৰ পণ লৈছে ইউক্ৰেইনৰ স্বৰ্ণকেশী সুন্দৰীয়ে৷ ইউক্ৰেইনৰ দেশখ্যাত সুন্দৰী, প্ৰাক্তন মিছ ইউক্ৰেইন এনাষ্টেছিয়া লেনাই হাতত ‘এইছ কে-৪১৬’ নামৰ ভয়ংকৰ আৰু গধুৰ অটোমেটিক ৰাইফল লৈ দেশ আৰু দেহ ৰক্ষাৰ সংকল্প লোৱাৰ এখন ফটো বিশ্বজুৰি ভাইৰেল হৈ পৰিছে৷ জাৰ্মানীৰ ‘হেকলাৰ এণ্ড কছ’ কোম্পানীৰ নিৰ্মিত এই ‘হাই ফায়াৰ পাৱাৰ’ সম্বলিত ৰাইফল হাতত লৈ থকা ফটো এনাষ্টেছিয়া লেনাই নিজে ইনষ্টাগ্ৰামত আপলোড কৰিছে আৰু বিদেশী সংবাদমাধ্যমৰ ফোন কল স্বীকাৰ কৰি কথাও পাতিছে৷ নিজৰ পোষ্টত লেনাই লিখিছে–‘ ইউক্ৰেইনৰ সীমা পাৰ হৈ দেশ দখলৰ অভিপ্ৰায়েৰে অহা সকলোকে এই অস্ত্ৰৰে হত্যা কৰিম৷ মোৰ দেশ আৰু নিজকে ৰক্ষা কৰিবৰ বাবে অস্ত্ৰ হাতত তুলি ল’লো’৷ পাঁচটাকৈ ভাষাত পাৰদৰ্শী এনাষ্টেছিয়া লেনাই ২০১৫ চনত মিছ ইউক্ৰেইন খিতাপ জয় কৰাৰ পাছত প্ৰথমে মডেল হিচাপে আৰু সম্প্ৰতি ‘মাল্টিনেশ্বনেল কোম্পানী’ৰ পাব্লিক ৰিলেচন মেনেজাৰ হিচাপে তুৰস্কত কৰ্মৰত আছিল৷ ৰাছিয়াই তেওঁৰ দেশ আক্ৰমণ কৰাত স্বদেশলৈ উভতি আহি হাতত অস্ত্ৰ তুলি লৈছে কিয়েভৰ শ্লাভিষ্টিক বিশ্ববিদ্যালয়ৰ  ‘মাৰ্কেটিং আৰু মেনেজমেণ্ট’ৰ স্নাতক এনাষ্টেছিয়া লেনাই৷ আনহাতে দেশখনৰ সাংসদ, সুন্দৰী মহিলা কাইৰা ৰুডিকে হাতত কালাছনিকভ ৰাইফল তুলি লোৱা এখন ফটোৱে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে৷ কাইৰাই লিখিছে– কালাছনিকভ এটা হাতত তুলি ল’লে সাহস পাঁও৷ মই শত্ৰুক ভেটিবলৈ হাতত ৰাইফল তুলি লৈছো৷ মোৰ চুবুৰীত মই এটা সুৰক্ষাকৰ্মী গোট গঠন কৰিছো, নিজৰ চুবুৰী আৰু পৰিয়ালক ৰক্ষা কৰাৰ বাবে৷ ৰাজনীতি পাছত৷ এতিয়া দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা প্ৰথম৷ ‘হল্ডিং এ কালাছনিকভ গিভছ মি হ’প’৷