Logo
image

বতাহ বিষাক্ত, উশাহ লোৱাত কষ্ট জনতাৰ

খাৰকিভত বৃহৎ গেছ পাইপলাইন উৰুৱালে ৰুছ সেনাই

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ অব্যাহত ৰাখিছে৷ ৰাছিয়াই আকাশ মাৰ্গেৰে চলোৱা আক্ৰমণত বিস্তৰ ক্ষতি হৈছে ইউক্ৰেইনৰ৷ যুদ্ধৰ চতুৰ্থ দিনা অৰ্থাৎ দেওবাৰে পুৱা ইউক্ৰেইনৰ খাৰকিভ চহৰৰ এটা বৃহৎ পাইপলাইন ধবংস কৰি দিয়ে ৰাছিয়া সোনাই৷ খাৰকিভ হৈছে ৰাছিয়াৰ দ্বিতীয় বৃহৎ চহৰ৷ গতিকে বৃহৎ গেছ পাইপলাইনটোৰ পৰা ওলোৱা গেছ আৰু ধোঁৱাই বায়ু বিষময় কৰি তোলে৷ মাজ আকাশলৈকে দেখা যায় ভয়ংকৰ জুই৷ গেছ আৰু ধোঁৱাৰ ফলত উশাহ ল’বলৈও কষ্ট পাইছে জনতাই৷ গতিকে সকলোৱে ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি ভিতৰতে আশ্ৰয় ল’বলগীয়া হৈছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে খাৰকিভৰ জনতালৈ নিৰ্দেশ দিছে বাহিৰলৈ নোলাবলৈ৷ এই বিষাক্ত গেছৰ ফলত খাৰকিভত কিমান ক্ষয়-ক্ষতি হৈছে, সেয়া এতিয়াও পোহৰলৈ অহা নাই৷