Logo
image

ৰাছিয়াৰ বিৰুদ্ধে ইউটিউব, টুইটাৰ, ফেচবুকৰ ‘ডিজিটেল ষ্ট্ৰাইক’

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ ৰাছিয়াৰ বিৰুদ্ধে এতিয়া সকলো ক্ষুব্ধ হৈ পৰিছে৷ বিভিন্ন দেশে ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত এতিয়া ইউটিউব, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ দ্বাৰাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ শনিবাৰে ইউটিউবে ৰাছিয়াৰ সকলো নিউজ চেনেলত নিষেধাজ্ঞা আৰোপ কৰে৷ ইউটিউবত থকা ৰাছিয়াৰ চৰকাৰী মিডিয়া গোষ্ঠী ‘আৰ টি’ আৰু আন আন ৰুছ চেনেলক নিষিদ্ধ হয়৷ এই চেনেলবোৰে ইউটিউবৰ জৰিয়তে কৰি অহা আয়ো বন্ধ কৰি দিয়া হয়৷ ইউক্ৰেউন চৰকাৰৰ অনুৰোধৰ ভিত্তিতে ইউটিউব কতৃৰ্পক্ষই এই ব্যৱস্থা গ্ৰহণ কৰে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিয়ে ৰাছিয়াৰ মিডিয়া চেনেলবোৰত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ ফলত বিশ্বৰ লোকে ৰাছিয়াৰ নিউজ চেনেলবোৰ ছ’চিয়েল মিডিয়াত দেখা পোৱাৰ পৰা বঞ্চিত হয়৷