Logo
image

‘এই পৃথিৱীত যদি ৰাছিয়াৰ স্থান নাই তেন্তে পৃথিৱীখন থাকি কি লাভ?’

আমাৰ অসম, ১ মাৰ্চঃ ৫ দিনৰ প্ৰচণ্ড আগ্ৰাসনৰ ফলতো নতি স্বীকাৰ কৰা নাই জেলেনস্কিয়ে৷ ইয়াৰ বিপৰীতে ৰুছ বাহিনীৰ সেনা আৰু যুদ্ধাস্ত্ৰৰ ব্যাপক ক্ষয়-ক্ষতি হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনে৷ সময় যিমানে পাৰ হৈ গৈছে, ইউক্ৰেইনৰ এই বশ্যতা স্বীকাৰ নকৰা মনোভাৱে ক্ষুণ্ণ কৰি তুলিছে ভ্লাডিমিৰ পুটিনক৷ পৰিকল্পনা আছিল যে ৪৮ ঘণ্টাৰ প্ৰবল আক্ৰমণৰ ফলত নতি স্বীকাৰ কৰিব জেলেনস্কিয়ে, হয় আত্মসমৰ্পণ নহয় পলায়ন কৰিব দেশৰ পৰা৷ কিন্তু নিঃসংগ ইউক্ৰেইনৰ এই প্ৰতিৰোধ আৰু প্ৰত্যাহ্বানত হতচকিত ৰাছিয়া৷ ইপিনে, দেশৰ বাহিৰতেই নহয়, ৰাছিয়াৰ ভিতৰতো যুদ্ধবিৰোধী প্ৰতিবাদে গা কৰি উঠিছে৷

এই পৰিস্থিতিত চূড়ান্ত হতাশ পুটিনে প্ৰায় মুকলিকৈ ঘোষণা কৰিছে যে তেওঁ আণৱিক অস্ত্ৰ সাজু কৰাৰ নিৰ্দেশ দিছে প্ৰতিৰক্ষা বাহিনীক৷ আজি ইয়াতকৈও এখোজ আগবাঢ়ি পুটিনৰ মুখপাত্ৰসদৃশ সংবাদসেৱী ডিমিত্ৰি কিছেল্যভে পোনপটীয়াকৈয়েই ৰাছিয়াৰ আণৱিক অস্ত্ৰৰ ব্যাপক ধবংসাত্মক ক্ষমতাৰ কথা ঘোষণা কৰে৷ কিছেল্যভে এটা টেলিভিচন অনুষ্ঠানত জনায় যে ৰাছিয়াৰ ছাবমেৰিনসমূহে প্ৰায় ৫০০ নিউক্লিয়েৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰে৷ তেওঁৰ দাবী, আমেৰিকা আৰু নাটোৰ সকলো সদস্য দেশ সমূলঞ্চে ধবংস কৰাৰ বাবে এয়াই যথেষ্ট৷ পুটিনৰ প্ৰপাগাণ্ডা ইন চীফৰূপে বিখ্যাত ডিমিত্ৰি কিছেল্যভে ৰাষ্ট্ৰপতিৰ মনোভাব প্ৰতিনিধিত্ব কৰি কয়– ‘ৰাছিয়াৰ যদি এই পৃথিৱীত স্থান নাই, তেন্তে পৃথিৱীখন থাকি কি লাভ? আমাৰ আণৱিক যুদ্ধাস্ত্ৰসমূহ সাজু কৰি থোৱা আছে৷ ৰাছিয়াক যাতে কোনেও ভয় খুৱাবলৈ চেষ্টা নকৰে৷ কাৰণ ৰাছিয়াৰ আণৱিক শক্তি বিশ্বৰ ভিতৰতেই শক্তিশালী৷’

উল্লেখ্য যে ৰাছিয়ান সেনাই আৰম্ভ কৰা সামৰিক অভিযানৰ পঞ্চম দিনা ইউক্ৰেইনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে৷ দেশখনৰ ৰাজধানী চহৰ কিয়েভৰ চাৰিওপিনে এতিয়া মাথোঁ ধবংসলীলা৷ সুউচ্ছ অট্টালিকাত মুহূৰ্তে মুহূৰ্তে ক্ষেপণাস্ত্ৰৰ আঘাত৷ ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে পাৰমাণৱিক অস্ত্ৰগোটক সাজু থাকিবলৈ নিৰ্দেশ দিয়া ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ আনহাতে পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ ইংগিত দিয়াত অগ্নিশৰ্মা হৈ উঠিছে পুটিন৷ তদুপৰি ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহে ইউক্ৰেইনৰ শৰণাৰ্থীক আশ্ৰয় দিব বুলি প্ৰকাশ কৰাত পুটিন হতাশাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে৷ এনে পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউৰোপীয়ান ইউনিয়নৰ ২৭খন দেশৰ বিৰুদ্ধে অৱৰোধ ঘোষণা কৰিছে৷ ফলত পৰিস্থিতি ক্ৰমাৎ জটিল হোৱাৰ দিশে আগবাঢ়িছে৷ ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেনে আগবঢ়োৱা এক মন্তব্যক কেন্দ্ৰ কৰি তৃতীয় বিশ্বযুদ্ধ সম্পৰ্কে সকলোকে ভবাই তুলিছে৷ এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে স্পষ্টভাৱে কয় যে ৰাছিয়াক ঠাণ্ডা কৰিবলৈ হ’লে দুটা বিকল্প পথ আছে৷ ইয়াৰে এটা হ’ল দেশখনৰ ওপৰত সম্পূৰ্ণৰূপে অৰ্থনৈতিক অৱৰোধ কৰা আৰু আনটো হ’ল তৃতীয় বিশ্বযুদ্ধ আৰম্ভ কৰা৷ অৰ্থাৎ ৰাছিয়াৰ বিৰুদ্ধে পোনে পোনে যুদ্ধত লিপ্ত হোৱা৷ উল্লেখ্য, শেহতীয়াকৈ ইউক্ৰেইনক ৩৫০নিযুত ডলাৰৰ অস্ত্ৰ যোগান ধৰিব বুলি বাইডেনে প্ৰকাশ কৰিছে৷