Logo
image

ইউৰোপ-আমেৰিকাত ভদ্‌কা নিষিদ্ধ

আমাৰ অসম, ১ মাৰ্চঃ ৰাছিয়াৰ ভদকা সমগ্ৰ বিশ্বতে জনপ্ৰিয়৷ ভদকা ৰপ্তানিৰ জৰিয়তে ৰাছিয়াই বিশ্বৰ বিভিন্ন দেশৰ পৰা লাভ কৰে বৃহৎ পৰিমাণৰ ৰাজহ৷ এইবাৰ সেই ভদকা নিষিদ্ধ হ’বলৈ ওলাইছে কেইবাখনো দেশত৷ ৰাছিয়াই ইউক্ৰেইনত চলোৱা সামৰিক অভিযানৰ বাবেই আমেৰিকাই ৰাছিয়াৰ ভদকা নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে৷ একেদৰে কানাডায়ো ৰাছিয়াৰ ভদকা বৰ্জন কৰা বুলি ঘোষণা কৰিছে৷ উল্লেখ্য, ইউক্ৰেইনৰ ওপৰত চলোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেইবাখনো দেশে ইতিমধ্যে ৰাছিয়াক কূটনৈতিক আৰু অৰ্থনৈতিকভাৱে বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তাৰেই এটা অংশ হৈছে ৰাছিয়াৰ ভদকাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা৷ দেওবাৰে আমেৰিকা আৰু কানাডাই ৰাছিয়ান সুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰে৷ ফলত এতিয়াৰে পৰা কানাডা আৰু আমেৰিকাৰ মদৰ দোকান আৰু বাৰসমূহত সুৰাপ্ৰেমীসকলৰ জনপ্ৰিয় ৰাছিয়ান ভদকা আৰু পোৱা নাযাব৷ ইয়াৰ মাজতে আমেৰিকা আৰু কানাডাৰ বিভিন্ন ঠাইত বটলে বটলে ৰাছিয়ান ভদকা  মদৰ দোকান আৰু বাৰৰ মালিকসকলে নলা-নৰ্দমাত পেলাই দিয়া ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ আমেৰিকাৰ নিউ হেম্পছায়াৰৰ গভৰ্ণৰ ক্ৰীছ ছুনুনুৱে জনোৱা মতে এতিয়াৰে পৰা আমেৰিকাত ৰাছিয়ান ব্ৰেণ্ড আৰু ৰাছিয়াই প্ৰস্তুত কৰা কোনো সুৰা বিক্ৰী কৰিবলৈ দিয়া নহ’ব৷ ইতিমধ্যে আমেৰিকাৰ সকলো মদৰ দোকান আৰু বাৰসমূহৰ পৰা ৰাছিয়ান ভদকাৰ বটল আঁতৰাই দিয়া হৈছে৷ একেদৰে কানাডায়ো ৰাছিয়াৰ ভদকাৰ ক্ষেত্ৰত অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে৷