ৰাছিয়াৰ বিপক্ষত ক্ৰীড়া বিশ্ব
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ক্ৰীড়াজগতত বিশেষ প্ৰভাৱ পেলাইছে৷ ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইনত চলোৱা ধবংসলীলাৰ বাবে ক্ৰীড়া বিশ্ব এতিয়া থিয় হৈছে ভ্লাডিমিৰ পুটিনৰ দেশখনৰ বিৰুদ্ধে৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ লগতে বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফা, ইউৰোপৰ ফুটবলৰ সৰ্বোচ্ছ সংস্থা উয়েফাই ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰিছে৷ চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰত কাটাৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ফুটবল৷ প্ৰতিযোগিতাখনত ৰাছিয়া নামেৰে দেশখনে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব৷ বিশ্বকাপ ফুটবলত ৰাছিয়াৰ ৰাষ্ট্ৰীয় ফুটবল দলটোক দেখা যাব দেশখনৰ ফুটবল ফেডাৰেশ্বন [ৰাছিয়ান ফুটবল ইউনিয়ন] হিচাপে৷ কেৱল সেয়াই নহয়, বিশ্বকাপত ৰাছিয়াই দেশখনৰ জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতো ব্যৱহাৰ কৰিব নোৱাৰিব৷ উল্লেখ্য, ড’পিঙৰ ক্ৰমৱৰ্ধমান ঘটনাৰ বাবে টকিঅ’ত অনুষ্ঠিত ২০২০ চনৰ অলিম্পিকতো ৰাছিয়াৰ খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিল ৰাছিয়ান অলিম্পিক কমিটীৰ নামত৷ কেৱল ৰাছিয়াৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৰ বিৰুদ্ধেই এই নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই৷ দেশখনৰ ফুটবল ক্লাববোৰেও কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল’ব নোৱাৰিব৷ এনে সিদ্ধান্তই দেশখনৰ প্ৰফেছনেল ফুটবল ক্লাববোৰক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিব৷ তাৎপৰ্যপূৰ্ণ যে ১০ আৰু ১৭ মাৰ্চত ৰাছিয়াৰ আগশাৰীৰ ক্লাব এফ চি স্পাৰ্টাক মস্কোৱে ইউৰোপা লীগৰ অন্তিম ১৬ স্থানত খেলাৰ কথা আছিল৷ জাৰ্মান ক্লাব লিপজিগৰ বিৰুদ্ধে হ’বলগীয়া উক্ত দুয়োখন প্ৰতিদ্বন্দ্বিতাক লৈ যথেষ্ট আশাবাদী আছিল ক্লাবটো৷ লিপজিগৰ বিৰুদ্ধে নিৰপেক্ষ স্থানত খেলিব পৰা যাব বুলি আশাবাদী আছিল ক্লাবটো৷ কিন্তু উয়েফাই লোৱা শেহতীয়া নিষেধাজ্ঞাৰ বাবে ক্লাবটোৰ সেই আশা নিৰ্বাপিত হৈছে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উয়েফাৰ ক্ৰীড়াসূচীৰ পৰা উক্ত খেল দুখন মচি পেলোৱা হৈছে৷ ৰাছিয়ালৈ সমৰ্থন আগবঢ়োৱাৰ বাবে বেলাৰুছো নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে৷ ইউক্ৰেইনৰ প্ৰতি ৰাছিয়াৰ যুদ্ধংদেহী মনোভাবৰ বাবে পূৰ্বে নিৰ্ধাৰিত সূচী অনুসৰি ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাবোৰ বাতিল অথবা স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে৷ উয়েফায়ো ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ লীগৰ ফাইনেল পেৰিছলৈ স্থানান্তৰ কৰিছে৷ ৰাছিয়াৰ বিৰুদ্ধে ক্ৰীড়া বিশ্ব একত্ৰিত হোৱাৰ আন এক উদাহৰণ হৈছে ৰাষ্ট্ৰপতি পুটিনক আন্তঃৰাষ্ট্ৰীয় জুডো ফেডাৰেশ্বনৰ [আই জে এফ] সভাপতি পদৰ পৰা নিলম্বিত কৰাটো৷
ফিফাৰ এটা বিবৃতিত স্পষ্টভাৱে কোৱা হৈছে যে বিশ্ব ফুটবল এতিয়া সম্পূৰ্ণভাৱে ঐক্যবদ্ধ আৰু ইউক্ৰেইনৰ ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সকলোৰে সহানুভূতি আছে৷ বিবৃতিটোত লগতে কোৱা হৈছে যে শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক হ’ব আৰু ফুটবল পুনৰ শান্তি আৰু সংহতিৰ প্ৰতীক হৈ পৰিব৷ ইপিনে, ফিফা আৰু উয়েফাৰ নিষেধাজ্ঞাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এফ চি স্পাৰ্টাক মস্কোৰ ফালৰ পৰা কোৱা হৈছে যে বিশ্ব ফুটবলৰ মুৰব্বী সংগঠন দুটাৰ সিদ্ধান্ত মানি ল’বলৈ তেওঁলোক বাধ্য যদিও এই সিদ্ধান্তক সহজভাৱে ল’ব পৰা নাই৷ ইউৰোপা লীগৰ বাবে ক্লাবটোৱে যথেষ্ট কষ্ট কৰিছিল৷ কিন্তু খেলবহিৰ্ভূত কিছুমান গতিবিধিয়ে তেওঁলোকৰ সকলো কষ্ট অসাৰ কৰিলে৷ ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে ক্ৰীড়া জগতে ৰাছিয়াক এঘৰীয়া কৰাৰ সময়তে ইংলিছ ফুটবল ক্লাব চেলছিৰ ৰাছিয়ান স্বত্বাধিকাৰী ৰোমান আব্ৰাম’ভিচ মধ্যস্থতাকাৰীৰ ৰূপত অৱতীৰ্ণ হ’ব পাৰে বুলি চৰ্চা চলিছে৷ এই কথা আনকি আব্ৰাম’ভিচৰ মুখপাত্ৰয়ো নিশ্চিত কৰিছে৷ আব্ৰাম’ভিচ হৈছে ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনৰ ঘনিষ্ঠ৷ সেইবাবে ৰাছিয়াবিৰোধী পক্ষৰ সমালোচনাও সহিবলগীয়া হৈছে তেওঁ৷ সকলোৱে জানে যে চেলছিক বিশ্বৰ আগশাৰীৰ ফুটবল ক্লাব হিচাপে পৰিচিত কৰাৰ বাবে আব্ৰাম’ভিচৰ যথেষ্ট বৰঙণি আছে৷ কিন্তু তেওঁ পুটিনৰ ঘনিষ্ঠ হোৱা বাবে চেলছিৰ প্ৰতিও বহুতৰ ধাৰণা সলনি হৈছে৷ এজন একনিষ্ঠ ফুটবলপ্ৰেমী হিচাপে আব্ৰাম’ভিচ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি প্ৰতিষ্ঠা কৰাত সফল হ’ব পাৰিবনে, সেয়া হ’ব লক্ষণীয়৷






