Logo
image

আত্মাহুতিৰ বাবে জেলেনস্কি সাজু, গোপন স্থানত পুটিন

আলোচনা ব্যৰ্থ হোৱাৰ পাছতেই জঁপিয়াই পৰিল ৰাছিয়া

খাৰকিভ প্ৰায় দখল

ৰাছিয়াৰ হৈ নামিল বেলাৰুছ

আমাৰ অসম, ২ মাৰ্চঃ এজনে ৰাজধানীত সোঁশৰীৰে উপস্থিত থাকি শত্ৰুৰ বিৰুদ্ধে অদমনীয়ভাৱে যুদ্ধত ভাগ লৈ বীৰৰ শাৰীলৈ নিজকে উত্তীৰ্ণ কৰিছে আৰু আনজনে পৰিয়ালৰ সদস্যক ছাইবেৰিয়াৰ আলতাই পৰ্বতৰ তলত নিৰ্মিত নিউক্লিয়েৰ প্ৰতিৰোধী বাংকাৰত ৰাখি, নিজেও মস্কোৰ পৰা ২০০০ কিলোমিটাৰ দূৰৰ ইউৰাল পৰ্বতৰ তলত থকা পৰমাণু প্ৰতিৰোধী বাংকাৰত লুকাই থাকি প্ৰতিবেশী দেশক যুদ্ধৰ শ্মশানলৈ পৰ্যবসিত কৰি সমগ্ৰ বিশ্বৰ ধিক্কাৰ অৰ্জন কৰিছে৷ প্ৰথমজন হ’ল ভল’ডিমিৰ জেলেনস্কি, যি কেইবছৰমান আগলৈকে আছিল দেশৰ জনপ্ৰিয় টিভি শ্ব’ ‘ছাৰ্ভেণ্ট অব দ্য পিপ’ল’ৰ মূল কৌতুক অভিনেতা ষ্টেণ্ড আপ কমেডিয়ান৷ ২০১৯ চনত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু প্ৰথমৰ পৰাই ৰাছিয়াৰ ৰঙাচকু উপেক্ষা কৰি আমেৰিকা নাটোগোষ্ঠীৰ ঘনিষ্ঠ হৈ পৰিছিল৷ তাৰ পৰিণাম আজি দেশবাসীয়ে ভূগিছে কিন্তু এসময়ৰ কৌতুক অভিনেতা ভল’ডিমিৰ জেলেনস্কিয়ে প্ৰকৃত ৰাষ্ট্ৰনায়কৰ দৰে ৰাজধানী কিয়েভত উপস্থিত থাকি দেশবাসী, সেনাবাহিনীক যুদ্ধৰ বাবে উৎসাহিত কৰি দেশৰক্ষাত আত্মনিয়োগ কৰিছে৷ সুন্দৰী পত্নী ওলেনা কিয়াছক’, ১৭ বছৰীয়া দীপলিপ কন্যা আলেকজেন্দ্ৰা আৰু ৯ বছৰীয়া পুত্ৰ কিৰিলৰ সৈতে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বাংকাৰত আশ্ৰয় লৈ আছে সঁচা, কিন্তু ৰাজধানী কিয়েভতে থাকি তেওঁ প্ৰকৃততে দেশৰক্ষাৰ যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিছে৷ যোৱা শুকুৰবাৰে যেতিয়া জেলেনস্কিয়ে ইউৰোপৰ মিত্ৰ দেশৰ নেতাৰ সৈতে ভাৰ্ছুৱেল বৈঠকত ভাগ লৈ দেশৰক্ষাৰ বাবে সাহায্য বিচাৰিছিল, সেইদিনা তেওঁ কৈছিল–হয়তো এয়াই মোৰ আপোনালোকৰ সৈতে জীবিত অৱস্থাত শেষ বাৰ্তালাপ৷ কিয়নো, মই ৰাছিয়াৰ প্ৰথম টাৰ্গেট আৰু দ্বিতীয় টাৰ্গেট মোৰ পৰিয়াল৷ আমেৰিকাই তেওঁক দেশৰ পৰা পলুৱাই নিয়াৰ প্ৰস্তাব দিছিল আৰু সেই প্ৰস্তাব উপেক্ষা কৰি জেলেনস্কিয়ে কৈছিল–আই ডু নট ৱাণ্ট ৰাইড, আই ৱাণ্ট আৰ্ছেনাল, মোক উৰি পলাবলৈ প্ৰস্তাব নিদিবা, পাৰা যদি মোক অস্ত্ৰ-শস্ত্ৰ দিয়া৷ সেই জেলেনস্কিয়ে ক্ষুদ্ৰ হৈয়ো অতিকায় শক্তিৰ ৰাছিয়াৰ সৈতে যোৱা বৃহস্পতিবাৰৰ পৰা ৬ দিন ধৰি মহানৰাক্ৰমেৰে যুঁজ দি দেশক শত্ৰুৰ পদানত হ’বলৈ নিদিয়াকৈ ৰক্ষা কৰি আছে৷ বিৰাট শক্তিৰ ৰাছিয়াৰ হাতত হয়তো অতি সোনকালে ইউক্ৰেইন পদুৰ্যস্ত হ’ব আৰু জেলেনস্কিয়ো ৰাজপাটৰ পৰা উফৰিব৷ কিন্তু দেশবাসীৰ ওচৰত তেওঁ চিৰদিন বীৰৰ মৰ্যাদা লাভ কৰি থাকিব৷ মঙলবাৰে জেলেনস্কি পুনৰ ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰনেতাসকলৰ সৈতে ভাৰ্ছুৱেল বৈঠকত মিলিত হৈছিল৷ বৈঠকত তেওঁ ইউক্ৰেইনক অনতিবিলম্বে ইউৰোপিয়ান ইউনিয়নৰ সদস্যভূক্ত কৰিবলৈ আবেগিক আহ্বান জনায়৷ মুষ্টিবদ্ধ সোঁহাত ওপৰলৈ ডাঙি জেলেনস্কিয়ে চলিত যুদ্ধত ইউক্ৰেইনৰ সেনা, দেশবাসীৰ গৌৰবময় প্ৰতিৰোধৰ কথা গৰ্বিতভাৱে তুলি ধৰে আৰু সভাত উপস্থিত প্ৰত্যেকজন ৰাষ্টৰেনতাই তেওঁক থিয় হৈ অভিবাদন জ্ঞাপন কৰে৷ জেলেনস্কিয়ে দেশৰ বাবে আত্মাহুতি দিবলৈ সাজু হৈ থকা বুলি আবেগিকভাৱে ঘোষণা কৰে৷

দ্বিতীয়জন হৈছে ভ্‌লাদিমিৰ পুটিন যি এই ভয়ংকৰ যুদ্ধ ঘোষণা কৰি সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰিছে৷ পূৰ্বৰ পৰিস্থিতি যিয়েই নহওক, এতিয়া এই সৰ্বনাশী যুদ্ধখনৰ বাবে সমগ্ৰ বিশ্বই তেওঁকেই জগৰীয়া কৰিছে৷ অভিযোগ উঠিছে যুদ্ধ লগাই ৰাষ্ট্ৰপতি পুতিন এতিয়া ৰাজধানী মস্কোত নাই৷ তেওঁ ৰাজধানীৰ পৰা পদপথেৰে দুহাজাৰ কিলোমিটাৰ আৰু আকাশী পথেৰে ১,৪০০ কিলোমিটাৰ দূৰৰ ইউৰাল পৰ্বতৰ তলত পূৰ্বেই নিৰ্মাণ কৰি ৰখা পৰমাণু অস্ত্ৰ প্ৰতিৰোধী বাংকাৰত লুকাই থাকি ইউক্ৰেইনৰ বাসিন্দা মৃত্যুৰ কাৰখানা তৈয়াৰ কৰি আছে৷ এখন নগৰৰ দৰে বিশাল এই বাংকাৰত কোনো পৰমাণু অস্ত্ৰই কেতিয়াও আঘাত কৰিব নোৱাৰে৷ বাংকাৰৰ ভিতৰত সোমাই যদি কোনোবাই ক্ষতিসাধন কৰিব নোৱাৰে তেন্তে তাত থকা পুটিনৰ কোনো ভয় নাই৷ কেৱল নিজেই বাংকাৰত লুকাই থকাই নহয়, ৰাষ্ট্ৰপতি পুটিনে তেওঁৰ পৰিয়ালৰ সকলো সদস্যক ছাইবেৰিয়াৰ আলতাই পৰ্বতৰ তলত পূৰ্বেই নিৰ্মাণ কৰি ৰখা নগৰসদৃশ পৰমাণু অস্ত্ৰ প্ৰতিৰোধী বাংকাৰত লুকাই থৈছে৷ মস্কোৰ প্ৰাক্তন অধ্যাপক আৰু ৰাজনীতি বিজ্ঞানৰ বিশ্লেষক ভেলেৰি ছল’ভেই এই অভিযোগ কৰাৰ পাছত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য, পুটিনৰ পৰিয়ালত সদস্য কোন কোন আছে সেয়াও ৰাজহুৱা নহয়৷ পত্নী লুডমিলা স্ক্ৰেবনেভাৰ সৈতে তেওঁৰ ২০১৪ চনতে বিচ্ছেদ ঘটিছে৷ তেওঁৰ ফালৰ পৰা আছে দুই কন্যা মাৰিয়া পুটিনা আৰু কেটেৰিনা পুটিনা৷ আনহাতে, তেওঁ গোপনে বিবাহ কৰিছে এসময়ৰ ৰিডমিক জিমনাষ্ট আৰু এতিয়া সাংসদ এলিনা কাবায়েভাক৷ কাবায়েভা-পুটিনৰো দুটি সন্তান আছে৷ পৰিয়ালৰ এই সকলো সদস্যক তেওঁ এতিয়া পৰ্বতৰ তলৰ পৰমাণু প্ৰতিৰোধী বাংকাৰত লুকাই ৰাখি নিজেও একেধৰণৰ পৰমাণু প্ৰতিৰোধী বাংকাৰত থাকি যুদ্ধ চলাই থকাৰ কথা প্ৰকাশ হোৱাত ৰাষ্ট্ৰপতি পুটিনক সকলোৱে ধিক্কাৰ দিছে৷ বিশ্বৰ মহাশক্তিধৰ এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈয়ো তেওঁ আজি বিশ্বত বীৰৰ মৰ্যাদা লাভ কৰা নাই৷

ইপিনে, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধ সম্ভৱত শেষ পৰ্যায়ত উপনীত হৈছে৷ ৰাছিয়াই ইউক্ৰেইনৰ দ্বিতীয় বৃহৎ চহৰ খাৰকিভ প্ৰায় দখল কৰি লৈছে আৰু ভেকুৱাম বোমা প্ৰয়োগ কৰি এফালৰ পৰা সংহাৰ কৰি গৈছে৷ খাৰকিভৰ উপৰি ৰাছিয়াই ইতিমধ্যে মাৰিঅ’পল নামৰ চহৰখনো দখল কৰিছে৷ ভেকুৱাম বোমা প্ৰয়োগ কৰাটো যুদ্ধ অপৰাধ বুলি ইউক্ৰেইনে দাবী কৰিছে৷ উল্লেখ্য, ভেকুৱাম বোমা প্ৰয়োগ কৰিলে এটা নিক্ষেপকাৰী যন্ত্ৰৰ পৰাই অসংখ্য বোমা বিভিন্ন দিশে যায় আৰু ই বায়ুমণ্ডলত মাটিৰ পৰা সামান্য ওপৰত বিস্ফোৰিত হয়৷ এই বোমাই সকলো জীৱৰ দেহৰ বাহিৰটো বাষ্পীভূত কৰি পেলায় আৰু শৰীৰৰ অন্তৰ্ভাগ মোহাৰি গুৰি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ যুদ্ধত এনে বোমা নিষিদ্ধ৷ ইপিনে, প্ৰায় ৬৪ কিলোমিটাৰ দীঘল সেনাবাহিনীৰ কনভয়েৰে ৰাছিয়াৰ বিশাল বাহিনী ইউক্ৰেইনৰ ৰাজধানী কিয়েভক উদ্দেশ্যি আগবাঢ়ি আহিছে আৰু সেই বাহিনী চহৰত উপনীত হ’লেই ইউক্ৰেইনে সেও মানিবলৈ বাধ্য হ’ব বুলি সমগ্ৰ বিশ্বই ধাৰণা কৰিছে৷ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ে হুংকাৰ দি কৈছে– হয় কিয়েভ এৰি যোৱা, নহয় মৃত্যুৰ বাবে সাজু হোৱা৷ ৰাছিয়াৰ এই হুংকাৰৰ অৰ্থ হ’ল ৬৪ কিলোমিটাৰ দীঘল যি সেনাবাহিনীৰ বিশাল কনভয় কিয়েভক উদ্দেশ্যি আগবাঢ়ি আহিছে তেওঁলোকে সৰ্বদিশৰ পৰা ৰাজধানীখনক বেৰি ধৰি গুলী-বোমাৰে থকা-সৰকা কৰিব য’ত সামৰিক-অসামৰিক সকলো লোকৰে নিৰ্বিচাৰ মৃত্যু হ’ব৷ এই মৃত্যু নিবিচাৰিলে ইউক্ৰেইনৰ সন্মুখত এতিয়া আত্মসমৰ্পণৰ বাহিৰে আন পথ নাই৷ ঘাইকৈ সৈন্য সংখ্যাৰ বিশালতাৰে ৰাছিয়াই ইউক্ৰেইনক পৰাজয়ৰ মুখলৈ সহজে ঠেলি নিব৷ ৰাজধানী কিয়েভৰ পতনৰ লগে লগে ইউক্ৰেইন ৰাছিয়াৰ দখললৈ আহিব যদিও ৰাছিয়াই তেওঁলোকৰ বিৰোধী চৰকাৰখনক আঁতৰাই এখন ৰাছিয়াৰ সমৰ্থনপুষ্ট চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিব৷ যুদ্ধই আন এক ভয়ানক গতি লোৱাৰ ফলত সমগ্ৰ বিশ্ব ত্ৰস্তমান হৈ পৰিছে৷ কিয়নো মঙলবাৰে ৰাছিয়াৰ সমৰ্থনকাৰী দেশ বেলাৰুছো এই যুদ্ধত জঁপিয়াই পৰিছে৷ এতিয়ালৈকে কেৱল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধখন সীমাবদ্ধ হৈ আছিল যদিও বেলাৰুছে নিজাববীয়াকৈ বা ৰাছিয়াৰ হেঁচাত যুদ্ধত অংশগ্ৰহণ কৰাৰ ফলত অন্যান্য দেশেও এই যুদ্ধত অংশ লোৱাৰ পথ মুকলি হৈ পৰিছে৷ তেনে পৰিস্থিতিত বিশ্বযুদ্ধ অৱধাৰিত৷ ইপিনে, ৰাছিয়াই কিয়েভ চহৰ সম্পূৰ্ণ ধবংস কৰি দিব বুলি ভাবুকি দিয়াৰ পাছত মঙলবাৰে ভাৰতে ৰাজধানীত থকা ভাৰতীয় দূতাবাস বন্ধ কৰি দি অস্থায়ীভাৱে লিভিভ চহৰলৈ দূতাবাস স্থানান্তৰ কৰিছে৷