নগৰীয়া সমস্যা
উন্নত যাতায়াত ব্যৱস্থা, শিক্ষা-স্বাস্থ্যসেৱাৰ সুবিধাৰ উপৰি বেহা-বেপাৰকে ধৰি বিভিন্ন খণ্ডত সংস্থাপনৰ সুবিধাৰ বাবেই নগৰ-চহৰসমূহত জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে৷ গাঁৱৰ লোকৰ নগৰমুখী প্ৰৱণতা বৃদ্ধিৰ ফলত নগৰ-চহৰসমূহ জনবহুল হোৱাৰ বাবেই সম্প্ৰতি নগৰ-চহৰসমূহত বিভিন্ন সমস্যাই গা কৰি উঠিছে৷ তদুপৰি ব্যৱসায়-বাণিজ্যৰ বাবে বহিঃৰাজ্যৰ লোকেও আন ৰাজ্যৰ নগৰ-চহৰসমূহলৈ ঢাপলি মেলাত নগৰীয়া সমস্যা আৰু বৃদ্ধি হৈছে৷ নগৰ-চহৰত জনসংখ্যা বৃদ্ধিৰ ফলত নগৰ-চহৰৰ প্ৰদূষণ বৃদ্ধি পাইছে, দৈনন্দিন ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় পানীৰ নাটনি হৈছে, কৃত্ৰিম বান সমস্যা বৃদ্ধি পাইছে, মুকলি ঠাইৰ অভাৱ হৈছে, পদপথেৰে খোজকাঢ়ি যোৱাত সমস্যা হৈছে৷ বিশ্বায়নৰ যুগত নগৰ-চহৰৰ পৰিসৰ বৃদ্ধি পাইছে যদিও নগৰীয়া লোকৰ সমস্যা দূৰ হোৱা নাই৷ নগৰ-চহৰত যান-বাহন, কল-কাৰখানা বৃদ্ধিৰ ফলত প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দিল্লীত প্ৰদূষণৰ বাবে জনসাধাৰণৰ কি অৱস্থা হয়, সেই কথা ইতিমধ্যে জনসাধাৰণে গম পাইছে৷ প্ৰদূষণৰ বাবেই যুগ্ম-অযুগ্ম গাড়ী চলোৱাৰ ব্যৱস্থা কৰাৰ উপৰি অতিমাত্ৰা প্ৰদূষণ কালত শিক্ষানুষ্ঠানো বন্ধ দিবলগীয়া হৈছে৷ ইয়াৰ উপৰি নগৰ-চহৰত বিশুদ্ধ খোৱাপানীৰ অভাৱ এক গুৰুতৰ সমস্যা হিচাপে পৰিগণিত হৈছে৷ গুৱাহাটী মহানগৰীত ২০১০ চনতে দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান আঁচনি, ২০১২ চনত দক্ষিণ মধ্যম গুৱাহাটী পানী যোগান আঁচনি আৰু উত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰাৰ উপৰি দক্ষিণ পূব গুৱাহাটী পানী যোগান আঁচনিৰ কাম ২০১৪ চনত আৰম্ভ কৰে যদিও গুৱাহাটীবাসীয়ে চৰকাৰৰ আশ্বাস অনুসৰি আজিও পানী পাবলৈ সক্ষম নহ’ল৷ সেই সময়ৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ল যদিও গুৱাহাটীৰ চাৰিটা প্ৰান্তত আৰম্ভ কৰা কোনোটো জলযোগান প্ৰকল্পৰ কামেই সম্পূৰ্ণ নহ’ল৷ ক্ৰমাৎ গুৱাহাটী মহানগৰীৰ ভূগৰ্ভৰ পানীৰ স্তৰ তললৈ নামি যোৱাত গুৱাহাটীবাসীৰ বাবে বিশুদ্ধ খোৱাপানীৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ আনহাতে, অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা ঘৰ-দুৱাৰ, পথৰ বাবেই নলা-নৰ্দমাবোৰে বৰষুণৰ দিনত বৰষুণৰ পানী কঢ়িয়াই নিব নোৱৰা হোৱাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷ তদুপৰি গুৱাহাটীৰ জলাশয়সমূহ সংকুচিত হোৱাত জলভাণ্ডাৰৰ অভাৱ হৈছে, ফলত কৃত্ৰিম বানে সমস্যাৰ সৃষ্টি কৰিছে৷ চৰকাৰ তথা পৌৰ প্ৰশাসনে গুৱাহাটী মহানগৰক উন্নয়নৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাত মুকলি ঠাইৰ অভাৱ হৈছে৷ আনকি যান-বাহনৰ পাৰ্কিঙৰ বাবে ৰাজপথেই অন্যতম স্থান হোৱাত ৰাস্তা-ঘাটত যানজঁট বৃদ্ধি পাইছে৷ কিছুবছৰ আগতে মহানগৰীত পাৰ্কিঙৰ বাবে ঠায়ে ঠায়ে ব্যৱস্থা কৰাৰ কথা কোৱা হৈছিল যদিও গুৱাহাটীত যান-বাহন পাৰ্কিঙৰ বাবে এতিয়া ঠাইৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ আনহাতে, প্ৰতিটো পথৰ পদপথ ক্ষুদ্ৰ ব্যৱসায়ীসকলে দখল কৰাত পদপথেৰে খোজকাঢ়ি যোৱাই সমস্যা হৈছে৷ এনেবোৰ কাৰণত দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে৷ সোমবাৰে জিলা প্ৰশাসনে ভঙাগড় উৰণীয়া সেতুৰ পৰা ৰূপনগৰ ৰটাৰীলৈ আৰু ছয়মাইল উৰণীয়া সেতুৰ পৰা পাঞ্জাবাৰীলৈ পদপথত ব্যৱসায় বন্ধ কৰা বুলি ঘোষণা কৰে৷ জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনে সময়ে সময়ে এনেদৰে নিৰ্দেশনা দি আহিছে যদিও দিনে দিনে পদপথ ব্যৱসায়ীৰ সংখ্যা বৃদ্ধিহে পাইছে৷ নগৰ-চহৰলৈ গাঁৱৰ লোকৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ হ’লে গাঁও অঞ্চলতে জনসাধাৰণক উন্নত শিক্ষা-স্বাস্থ্য সেৱাৰ সুবিধা উপলব্ধ কৰোৱাৰ উপৰি উপাৰ্জনৰ পথ দিয়াৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে৷ অন্যথা চহৰ-নগৰৰ আবাদী বিস্ফোৰণে চহৰ-নগৰসমূহক বাসৰ অনুপযোগী কৰি তুলিব৷






