Logo
image

ৰুছ বেংক, ইন্ধন, অটোম’বাইল উদ্যোগৰ ওপৰত নিষেধাজ্ঞা

প্ৰায় মূল্যহীন হৈ পৰিল ৰুবল

আমাৰ অসম, ৩ মাৰ্চঃ আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া দেশে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত ৰাছিয়াৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিধবস্ত হৈ পৰিছে৷ এনে পৰিস্থিতিত যুদ্ধৰ অন্ত হ’লেও ৰাছিয়াই কিদৰে তেওঁলোকৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰিব পাৰিব সেই লৈ সন্দেহৰ সৃষ্টি হৈছে৷ যুদ্ধত ৰাছিয়াই জয়লাভ কৰিলেও তাৰ পৰৱৰ্তী সময়ছোৱাত বিশাল দেশখন গভীৰ দাৰিদ্ৰৰ মুখামুখি হ’ব বুলি আশংকা কৰা হৈছে৷ ভৱিষ্যতে কি হয় সেয়া ভিন্ন প্ৰসংগ, এতিয়াই ৰাছিয়াৰ অৰ্থনীতি এই যুদ্ধৰ ফলত ছিন্নভিন্ন হৈ পৰিছে৷ যিদৰে ৰাছিয়াৰ অস্ত্ৰৰ আঘাতত ইউক্ৰেইন এপিনৰ পৰা বিদীৰ্ণ হৈছে, ঠিক সেইদৰে ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া দেশে এৰা অৰ্থনৈতিক নিষেধাজ্ঞাৰ শেলৰ আঘাতত ৰাছিয়া থকাসৰকা হৈছে৷ ৰাছিয়াৰ মুদ্ৰা ৰুবলৰ মূল্য বুধবাৰে এনেদৰে নামি গৈছে যে পূৰ্বে কেতিয়াও ৰুবলৰ মূল্য  ইমান হ্ৰাস পোৱা নাছিল৷ বুধবাৰৰ দিনটোত ৰুবলৰ মূল্য এক মাৰ্কিন ডলাৰৰ বিপৰীতে ১১৪ হৈছে৷ ৰুবলৰ মূল্য দিনটোৰ ভিতৰতে ২৫ শতাংশ হ্ৰাস পাইছে৷ আনহাতে ৰাছিয়াৰ শ্বেয়াৰ বজাৰ সম্পূৰ্ণৰূপে বিধবস্ত হৈ পৰিছে৷ শ্বেয়াৰ বজাৰৰ অৱস্থা এনেদৰে বিধবস্ত হৈ পৰাৰ ফলত মঙলবাৰ আৰু বুধবাৰ দুয়োদিনেই মস্কো ষ্টক এক্সছেঞ্জ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

এনে পৰিস্থিতিত ৰাছিয়াৰ জনতাই এটিএমৰ সন্মুখত দীঘলীয়া শাৰী পাতিছে৷ কোনোমতে নিজৰ সাঁচতীয়া ধন হাতলৈ আনি নগদ হিচাপে ৰাখিব পাৰিলে ভৱিষ্যতে ৰক্ষা পৰিব বুলি ভাবিয়েই এটিএমৰ সন্মুখত শাৰী কেইবা কিলোমিটাৰ দীঘল হৈ পৰিছে৷ ৰাছিয়াৰ প্ৰায় সকলো বেংককে ইতিমধ্যে পশ্চিমীয়া ৰাষ্ট্ৰই ‘ছুইফ্‌ট’ নামৰ ব্যৱস্থাটোৰ পৰা বাহিৰ কৰি দিয়াত ৰাছিয়াৰ উদ্যোগপতি, বেংক সকলোৱেই আৰ্থিক লেনদেন কৰিব নোৱৰা হৈ পৰিছে৷ যুদ্ধ আৰম্ভ হওতেই পশ্চিমীয়া দেশে ৰাছিয়াৰ বিৰুদ্ধে এলানি অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছিল৷ তথাপি ৰাছিয়া যুদ্ধৰ পৰা ক্ষান্ত নোহোৱাত যোৱা শনিবাৰে পশ্চিমীয়া দেশসমূহে দ্বিতীয়লানি অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰে৷ এই নিষেধাজ্ঞা পূৰ্বৰ নিষেধাজ্ঞাৰ তুলনাত কঠোৰতম হিচাপে বিবেচিত হৈছে৷ এই নিষেধাজ্ঞাৰ জৰিয়তে ৰাছিয়াৰ বেংকসমূহক পশ্চিমীয়া দেশত লেনদেনৰ ক্ষেত্ৰত নিষিদ্ধ কৰাৰ উপৰি ৰাছিয়াৰ অটোম’বাইল উদ্যোগ আৰু ৰাছিয়াৰ পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইয়াৰ ফলত ৰাছিয়াই দেশখনৰ পৰা পেট্ৰ’লজাতি সামগ্ৰী আৰু অটোম’বাইল সামগ্ৰী ৰপ্তানি কৰাটো বন্ধ হৈ পৰিছে আৰু সেয়েহে দেশখনে বিদেশী মুদ্ৰা আহৰণ কৰাৰ পথ নোহোৱা হৈছে৷ আমেৰিকাৰ বাইডেন প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই কৈছে– ‘আমাৰ লক্ষ্য হৈছে, পুটিন যুদ্ধত যিমানদূৰ আগুৱাই যায়, অৰ্থনীতিৰ দিশেৰে ৰাছিয়া যাতে সিমান পিছুৱাই যাবলগীয়া হয় তাৰ ব্যৱস্থা কৰা৷ এতিয়ালৈকে এনে ব্যৱস্থাত আমি সফল হৈছো৷’ এনে নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰাটো দেশখনৰ ভিতৰত বাহ্যিক পৰিৱৰ্তনত ধৰা পৰিছে৷ কিয়নো তাৎক্ষণিকভাৱে ৰাছিয়ালৈ বিদেশী মুদ্ৰা অহাৰ পথ পশ্চিমীয়া দেশে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে৷ যিসমূহ দেশক ৰাছিয়াই তেল বিক্ৰী কৰি আছিল নিষেধাজ্ঞাৰ ফলত সেই বিক্ৰী বন্ধ হৈ পৰাত ৰাছিয়াই কোনো বিদেশী মুদ্ৰা আহৰণ কৰিব নোৱৰা হৈছে৷ ৰাছিয়াৰ বৃহত্তম বেংকৰ ইউৰোপীয় শাখাসমূহ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে৷

ৰাছিয়াই এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলত দেশখনৰ চৰকাৰে কেন্দ্ৰীয় বেংকৰ জৰিয়তে মঙলবাৰে সুদৰ হাৰ ২০ শতাংশলৈ বৃদ্ধি কৰিছে৷ ইপিনে ৰাছিয়াই বিগত আঠ বছৰ ধৰি যুদ্ধৰ বাবে বিশেষ পুঁজি গঠন কৰি থোৱা বুলি প্ৰকাশ পাইছে৷ ৰাছিয়াই ৬৩০ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ যুদ্ধৰ পুঁজি যোৱা আঠ বছৰ ধৰি সঞ্চয় কৰি আহিছিল৷ এনে এক পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি ৰাষ্ট্ৰপতি পুটিনে আগতেই ভাবিছিল৷ সেয়ে তেওঁ এই বিশাল পুঁজি যুদ্ধৰ সময়ত ব্যৱহাৰৰ বাবে সঞ্চয় কৰিছিল৷ তাৰ জৰিয়তে ৰাছিয়াই অৰ্থনৈতিক নিষেধাজ্ঞাৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ লগতে যুদ্ধও সমান্তৰালভাৱে চলাই আছে৷ ৰুবলৰ মূল্য অভিলেখ সৃষ্টি কৰি নিম্নগামী হ’লেও ৰাছিয়াই এতিয়া দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে নিৰ্ভৰ কৰিছে ক্ৰিপ্ট’কাৰেন্সিৰ ওপৰত৷ দীৰ্ঘদিন ধৰি ৰাছিয়াৰ বাসিন্দাই ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰত অভ্যস্ত হৈ আছিল৷ এতিয়া দেশখন বিশ্ব অৰ্থনীতিৰ পৰা পৃথক হৈ পৰাৰ ফলত ৰুছ নাগৰিকে ঘাইকৈ ক্ৰিপ্ট’কাৰেন্সিৰ ওপৰত নিৰ্ভৰ কৰি লেনদেন চলাইছে৷ অৱশ্যে সেই লেনদেনে ৰুছ নাগৰিকক দেশৰ ভিতৰতহে ৰক্ষা কৰিব৷ দেশৰ বাহিৰ হ’লেই বিপদত পৰিব ৰুছ নাগৰিক৷ ৰুছ উদ্যোগপতিৰ বিৰুদ্ধে পশ্চিমীয়া দেশে জাৰি কৰা নিষেধাজ্ঞাৰ ফলত ইতিমধ্যে তেওঁলোকৰ অসমান্য ক্ষতি হৈছে৷ দেশখনৰ উদ্যোগ, উদ্যোগপতিৰ ক্ষতি আৰু ঘাইকৈ ৰাছিয়াৰ ভয়ংকৰ অৰ্থনৈতিক ক্ষতি কিদৰে পূৰণ হ’ব সেয়া বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদৰ বাবেও এতিয়া দুৰ্বোধ্য সাঁথৰ৷