Logo
image

পুটিনৰ ৰাজনৈতিক অভীপ্সা

আধুনিক বিশ্ব সভ্যতাৰ দুই ৰাষ্ট্ৰৰ আধিপত্যবাদী মানসিকতা এতিয়া বিশ্বৰ সভ্যজগতৰ বাবে ভাবুকি হৈ থিয় দিছে৷ নিজৰ ৰাজনৈতিক অভীপ্সা সিদ্ধিৰ বাবে আমেৰিকা আৰু ৰাছিয়াই যি পন্থা অৱলম্বন কৰি আহিছে, সি মানৱ সভ্যতাক বাৰে বাৰে ভ্ৰুকুটি কৰি আহিছে৷ এইক্ষেত্ৰত আমেৰিকা অধিক আগৰুণুৱা বাবেই আচলতে বিশ্বত অশান্তিৰ সৃষ্টি হৈ আহিছে৷ বৰ্তমান ৰুছ আৰু ইউক্ৰেইনৰ মাজত যি যুদ্ধ চলি আছে ইয়াৰ বাবেও আমেৰিকাই যে প্ৰধানতঃ জগৰীয়া, সেই কথা লুকাই থকা নাই৷ আমেৰিকাৰ নেতৃত্বত গঠন হোৱা নাটো বাহিনীৰ যি শক্তিবৰ্ধনৰ হাবিয়াস, সেই হাবিয়াসেই আচলতে বিশ্বক আজি যুদ্ধৰ বিভীষিকালৈ ঠেলি দিছে৷ ৰাছিয়াই আমেৰিকাক বাৰে বাৰে কৈ আহিছে যে নাটোৰ সদস্যভৰ্তি বন্ধ ৰাখিব লাগে, কিন্তু আমেৰিকাৰ কাৰো কথা নুশুনাৰ যি স্বভাৱ, সেই স্বভাৱে আচলতে আজি ইউক্ৰেইনৰ বাবে দুৰ্ভাগ্যৰূপে থিয় দিলে৷ আমেৰিকাই এফালে বিশ্ব শান্তিৰ কথা কয়, পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ কথা কয় আৰু আনফালে নিজকে বিশ্বৰ অপ্ৰতিদ্বন্দ্বী শক্তিৰূপে প্ৰতিষ্ঠা কৰিবলৈ যিমান কু-অভিসন্ধি কৰিব লাগে, সেইবোৰ কৰি যায়৷ ইউক্ৰেইন হৈছে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অংশ ৰাষ্ট্ৰ৷ ১৯৯১ চনত ছোভিয়েট ভংগৰ সময়ত ই স্বাধীন ৰাষ্ট্ৰৰূপে গঠন হোৱা দেশ৷ এনে অৱস্থাত আচলতে আজিৰ ৰাছিয়াৰ বাবে ইউক্ৰেইন নাটোৰ অংশ ৰাষ্ট্ৰ হ’লে ৰাছিয়াৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিব, সেইটো নিশ্চিত৷ আনহাতে, ইউক্ৰেইনক যদি আমেৰিকাই নাটোৰ সদস্য কৰাত সফল হয়, তেন্তে কাইলৈ এষ্ট’নিয়া, আজাৰবাইজান, জৰ্জিয়া, লাটভিয়া, কাজাখিস্তান, উজবেকিস্তান, আৰ্মেনিয়া, ম’লডভা আদি ৰাষ্ট্ৰৰ ফালেও আমেৰিকাই চকু দিব৷ সেই ভয়তে ৰুছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে৷ কিন্তু এইটো কাৰণতে ৰুছে ইউক্ৰেইন আক্ৰমণ কৰিলেনে? সেইটো হাজাৰ টকীয়া প্ৰশ্ন৷ যি সময়ত বিশ্বত আমেৰিকাৰ পাছতে ৰাছিয়া সামৰিক আৰু আৰ্থিক শক্তিত চহকী, সেই ৰাছিয়াক ইউক্ৰেইনে ভাবুকি সৃষ্টি কৰিবলৈ সাহস কৰিব পাৰেনে? ইয়াৰ বাবেও জগৰীয়া আমেৰিকাসহ নাটো বাহিনী৷ নাটো বাহিনীয়ে ৰাছিয়াৰ পৰা ইউক্ৰেইনক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সদস্য কৰাৰ বাবে আশ্বাস দিছিল, কিন্তু সেই নাটোৱে সঁচা-সঁচিকৈ যেতিয়া ইউক্ৰেইনৰ বিপদ আহিল, তেতিয়া নিজৰ দায়বদ্ধতা আঁতৰাই আনিলে এইবুলি কৈ যে ইউক্ৰেইন এতিয়া নাটোৰ সদস্য হোৱা নাই৷

বৰ্তমান ইউক্ৰেইনৰ জনসংখ্যা ৪৩.৩১ নিযুত, ৰাছিয়াৰ জনসংখা ১৪৩.০৩ নিযুত৷ জনসংখ্যাৰ হিচাপতেই নহয় মাটিকালিৰ হিচাপতো ইউক্ৰেইন একেবাৰে সৰু৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ সামৰিক শক্তিৰ দিশটো যদি চোৱা যায় তেন্তে দেখা যায় ইউক্ৰেইনৰ সেনাৰ সংখ্যা ১১ লাখ ৫৫ হাজাৰৰ বিপৰীতে ৰাছিয়াৰ ৩০ লাখ ১৪ হাজাৰ; যুদ্ধ বিমান ৰাছিয়াৰ ১,৫৩১খনৰ বিপৰীতে ইউক্ৰেইনৰ মাত্ৰ ৬৭খন; যুদ্ধ হেলিকপ্টাৰ ৰাছিয়াৰ ৫৪৪খনৰ বিপৰীতে ইউক্ৰেইনৰ মাত্ৰ ৩৪খন; ৰাছিয়াৰ টেংক ১৩,০০০খনৰ বিপৰীতে ইউক্ৰেইনৰ মাত্ৰ ২,৪৩০খন; যুদ্ধত ব্যৱহৃত গাড়ী আছে ৰাছিয়াৰ ২৭,১০০, ইউক্ৰেইনৰ মাত্ৰ ১১,৪৩৫খন৷ বাকী জাহাজ, বোমা-বাৰুদ, ছাবমেৰিন, ক্ষেপণাস্ত্ৰ আদিৰ ক্ষেত্ৰখনতো ৰাছিয়াৰ সৈতে ইউক্ৰেইনৰ তুলনা নহয়৷ সেয়ে এই যুদ্ধত ৰাছিয়াৰ জয় নিশ্চিত যদিও যুদ্ধৰ সময় বাঢ়ি যোৱাৰ লগে লগে এতিয়া বিশ্ব সম্প্ৰদায়ৰ ভয় হৈছে– ই কেনেবাকৈ যদি তৃতীয় বিশ্বযুদ্ধৰ ৰূপ ল’বলৈ হয়, তেন্তে বিশ্বৰ বাবে সি হ’ব এক বিড়ম্বনা৷

বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ জৰুৰী বৈঠকত ৰাছিয়াৰ বিৰুদ্ধে ১৪১খন দেশে ভোট দিছে আৰু মাত্ৰ পাঁচখন দেশেহে ৰাছিয়াৰ পক্ষত ভোট দিছে৷ ভাৰতে এই ভোটদান প্ৰক্ৰিয়াৰ পৰা নিজকে বিৰত ৰাখি এক নিৰাপদ দূৰত্বত নিজৰ অৱস্থান থৈছে৷ কিন্তু ভাৰতে যুদ্ধ বন্ধ হোৱাটো আন্তৰিকতাৰে বিচাৰিছে, সেই কথা ৰাষ্ট্ৰ সম্প্ৰদায়ক জনাই দিছে৷ 

ৰাছিয়াই পৰিস্থিতিৰ সঠিক বিশ্লেষণ কৰি যুদ্ধ সমাপ্তি ঘোষণা কৰাটো জৰুৰী হৈ পৰিছে৷ অধিক দিন যুদ্ধ চলিলে ইয়াৰ প্ৰভাৱ যে বেয়া হ’ব সেইটো নিশ্চিত৷ ৰাছিয়াই বুজিব লাগিব যে সমস্যা সমাধানৰ বা নিজৰ ৰাজনৈতিক আকাংক্ষা পূৰণৰ একমাত্ৰ পন্থা যুদ্ধ নহয়৷ পুটিনৰ ছবি লাহে লাহে হিটলাৰৰ লগত মিলোৱাৰ পৰ্বও আৰম্ভ হৈছে৷ সেয়ে পুটিনে নিজক ছুপাৰ পাৱাৰ কৰাৰ অভীপ্সা বন্ধ নকৰিলে পুটিনৰ লগতে বিশ্বৰ বাবে ই হ’ব অতি দুখলগা পৰিণতি৷