Logo
image

পুটিনক আলোচনাৰ প্ৰস্তাৱ জেলেনস্কিৰ

যুদ্ধৰ অষ্টম দিন

ৰুছ মেজৰ জেনেৰেল নিহত

আমাৰ অসম, ৪ মাৰ্চঃ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ঠিক এসপ্তাহ সম্পূৰ্ণ হোৱাৰ দিনটোতে ৰাছিয়াই ইউক্ৰেইনৰ অন্যতম বৃহৎ বন্দৰ চহৰ খাৰছন সম্পূৰ্ণৰূপে দখল কৰিছে৷ যুদ্ধত ৰাছিয়াৰ এই চমৎকাৰ সাফল্যই ২৪ ঘণ্টা অতিক্ৰম নৌকৰোঁতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ যেনেতেনে যুদ্ধ বন্ধ কৰাৰ উদ্দেশ্যে পোনপটীয়াকৈ আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে৷ যুদ্ধৰ অষ্টম দিনটোৰ সন্ধিয়া ৰাছিয়াৰ উপৰ্যুপৰি আক্ৰমণত দেশৰ সকলো দিশ বিদীৰ্ণ হৈ পৰাৰ সময়তে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছে, এতিয়া যুদ্ধ বন্ধ কৰাৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মই পোনপটীয়া আলোচনাত বহাৰ বিকল্প নাই৷ তেওঁ কয়, ৰাষ্ট্ৰপতি পুটিন, আপুনি মোৰ সৈতে পোনপটীয়াকৈ আলোচনাত বহক৷ তেতিয়া নিশ্চিতভাৱে এই সৰ্বনশীয়া যুদ্ধখনৰ অন্ত পৰিব পাৰে৷ উল্লেখ্য, বুধবাৰে নিশাই কৃষ্ণ সাগৰৰ উপকুলৱৰ্তী আৰু বিশ্বখ্যাত নিপাৰ নদীৰ তীৰত অৱস্থিত খাৰছন চহৰখন ৰাছিয়াৰ সেনাই নিজৰ দখললৈ নিয়ে৷ তাৎপৰ্যপূৰ্ণভাৱে এই  ভয়ানক যুদ্ধখন আৰম্ভ হোৱাৰ পাছত দখলদাৰী ৰাছিয়াই প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ প্ৰথমখন গুৰুত্বপূৰ্ণ চহৰ দখল কৰিবলৈ সক্ষম হ’ল৷ অৱশ্যে খাৰছন, ৰাজধানী কিয়েভ আৰু দেশখনৰ দ্বিতীয় বৃহৎ চহৰ খাৰকিভ দখল কৰিবলৈ আগবাঢ়ি অহা ৰাছিয়াৰ সেনাবাহিনীয়ে সেই সেই পথত থকা আন আন কেবাখনো সৰু চহৰ ইতিপূৰ্বে নিজৰ দখললৈ নিছিল৷ কিন্তু খাৰছন দখল কৰাৰ লগে লগে ৰাছিয়াৰ সেনাই বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনাই যুদ্ধৰ সোঁত সম্পূৰ্ণৰূপে ৰাছিয়াৰ পক্ষে ঘূৰাই দিব পাৰিব বুলি যুদ্ধ বিশাৰদে ধাৰণা কৰিছে৷ কিয়নো কৃষ্ণ সাগৰৰ পাৰত অৱস্থিত এই বন্দৰ চহৰখন দখল কৰাৰ লগে লগে দক্ষিণ দিশৰ পৰা ৰাছিয়াৰ সেনাবাহিনীয়ে ইউক্ৰেইনলৈ প্ৰৱেশ কৰাৰ কোনো প্ৰতিবন্ধকতা নাথাকিব৷ তদুপৰি কৃষ্ণ সাগৰ আৰু আজভ সাগৰত এতিয়া বিনাবাধাই ৰাছিয়াই সঞ্চালন কৰিব পাৰিব তেওঁলোকৰ ৰণতৰী৷ ইউক্ৰেইনৰ সম্পূৰ্ণ দক্ষিণ অঞ্চলটোত ৰাছিয়াৰ যুদ্ধ জাহাজ সঞ্চালন কৰিব পৰাৰ লগে লগে সেই জাহাজত স্থাপন কৰি ৰখা ক্ষেপণাস্ত্ৰই ইউক্ৰেইনৰ সমীপৱৰ্তী আৰু নাটোপন্থী সকলো ৰাষ্ট্ৰক আঘাত কৰিবলৈ সক্ষম হ’ব৷ বন্দৰ চহৰ খাৰছন দখল কৰাৰ কথা ৰাছিয়াৰ সেনাই ঘোষণা কৰা নাই৷ বৰং খাৰছনৰ মেয়ৰে চহৰবাসীক আবেদন জনাই কৈছে যে তেওঁলোকে যাতে এতিয়াৰ পৰা ৰাছিয়াৰ সেনাবাহিনীৰ নিৰ্দেশ পালন কৰে আৰু যথাসম্ভৱ নিজৰ ঘৰৰ ভিতৰতে সোমাই থাকে৷ তদুপৰি মেয়ৰে ৰাছিয়াৰ সেনাবাহিনীক চহৰবাসীয়ে বিভিন্ন স্থানত পৰি থকা আত্মীয়-কুটুম্বৰ মৃতদেহ সৎকাৰৰ বাবে সংগ্ৰহ কৰিবলৈ অনুমতি দিবলৈ আহ৩ান জনায়৷ খাৰছন দখল কৰাৰ পাছত ৰাছিয়াৰ সেনাৰ চকু এতিয়া দক্ষিণৰে আন এখন চহৰ মাৰিউপলত৷ এই চহৰখন ৰাছিয়াৰ বিশাল সেনাবাহিনীয়ে বেৰি ধৰি গোলাবৰ্ষণ আৰম্ভ কৰিছে৷ নিশাৰ ভিতৰত মাৰিউপলৰো পতন হ’ব বুলি আশংকা কৰা হৈছে৷ আনহাতে দেশৰ উত্তৰ-পূবত অৱস্থিত খাৰকিভ ৰাছিয়াৰ সম্পূৰ্ণ দখললৈ যোৱা নাই৷ সেয়ে ৰাছিয়াৰ সেনাবাহিনীয়ে আকাশমাৰ্গেৰে খাৰকিভত প্ৰচণ্ড বোমাবৰ্ষণ অব্যাহত ৰাখিছে৷ বুধবাৰেই পেৰাছুটেৰে চহৰখনত আকাশমাৰ্গৰ পৰা নমা অসংখ্য ৰাছিয়াৰ সেনাৰ সৈতে ইউক্ৰেইনৰ সেনাৰ চহৰৰ অলিয়ে-গলিয়ে খণ্ডযুদ্ধ অব্যাহত আছে৷ ইপিনে ৰাছিয়াৰ সেনাৰ মূল লক্ষ্য হৈছে ৰাজধানী কিয়েভ দখল৷ এতিয়াও কিয়েভত উভয় দেশৰ সেনাৰ মুখামুখি যুদ্ধ হোৱা নাই৷ ইয়াৰ বিপৰীতে অতি প্ৰকাণ্ড বোমাৰে ৰাছিয়াৰ সেনাই কিয়েভ চহৰখন এফালৰ পৰা ধবংস কৰি নিছে৷ ৰাছিয়াই চলোৱা আক্ৰমণ ঘাইকৈ সেনাবাহিনীৰ বিভিন্ন কেন্দ্ৰ হ’লেও আক্ৰমণত বিধবস্ত হৈ পৰিছে অসামৰিক লোকৰ বাসস্থান, চিকিৎসালয় আদিও৷ ৰাছিয়াৰ এনে আক্ৰমণক সেয়ে যুদ্ধ অপৰাধ বুলি ঘোষণা কৰিছে ইউক্ৰেইন আৰু পশ্চিমীয়া আন আন ৰাষ্ট্ৰই৷ কিয়েভত সংঘটিত বোমা বিস্ফোৰণৰ জুই আৰু ধোঁৱা কেইবা কিলোমিটাৰ দূৰৰ পৰা পাৰমাণৱিক বোমাৰ পৰা নিৰ্গত হোৱা কাঠফুলাৰ দৰে আকাৰৰ অগ্নিবলয়সদৃশ দেখা হৈছে৷

বৃহস্পতিবাৰে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে অষ্টম দিন স্পৰ্শ কৰিছে৷ বিগত এসপ্তাহত দেশখনৰ পৰা দহ লাখ নাগৰিকে পলায়ন কৰিছে৷ দেশচ্যুত হোৱা এই দহ লাখ নাগৰিকৰ অধিকাংশই শৰণাৰ্থী হিচাপে প্ৰৱেশ কৰিছে পোলেণ্ড, শ্ল’ভাকিয়া, ৰোমানিয়া, হাঙ্গেৰী, মলড’ভা, ইষ্ট’নিয়া, লিথুৱানিয়া আৰু লাটভিয়াত৷ তাৎপৰ্যপূৰ্ণভাৱে যুদ্ধই এসপ্তাহ অতিক্ৰম কৰাৰ পাছতহে ৰাছিয়াই তেওঁলোকৰ ক্ষতিৰ বিষয়ে প্ৰকাশ কৰিছে৷ চৰকাৰীভাৱে ৰাছিয়াই জনোৱা অনুসৰি যুদ্ধত এতিয়ালৈকে তেওঁলোকৰ ৪৯৮ জন সেনাৰ মৃত্যু হৈছে ১৬০০ আহত হৈছে৷ অৱশ্যে ৰাছিয়াৰ এই তথ্য আমেৰিকা তথা পশ্চিমীয়া আন দেশে বিশ্বাসত লোৱা নাই৷ তেওঁলোকৰ মতে ৰাছিয়াৰ ক্ষতিৰ সংখ্যা ইয়াৰ বহুগুণ অধিক হ’ব৷ ইউক্ৰেইনে দাবী কৰা মতে তেওঁলোকে এই পৰ্যন্ত যুদ্ধত ৯০০০ ৰাছিয়াৰ সৈনিকক নিধন কৰিছে৷ 

যুদ্ধৰ অষ্টম দিনটোত ৰাছিয়াই এই যুদ্ধৰ অন্যতম শীৰ্ষ সেনাপতি, এজন মেজৰ জেনেৰেলক হেৰুৱাই এই পৰ্যন্ত যুদ্ধৰ বৃহত্তম ক্ষতিৰ সন্মুখীন হৈছে৷ ৰাছিয়াৰ সেনাবাহিনীৰ ৪১ সংখ্যক ‘কম্বাইনড আৰ্মছ’ৰ উপ মুখ্য সেনাধ্যক্ষ মেজৰ জেনেৰেল আন্দ্ৰেই এলেকছেন্দ্ৰ’ভিচ ছুখ’ভেটস্কিৰ যুদ্ধক্ষেত্ৰত মৃত্যু হৈছে৷ ৪৭  বছৰীয়া বীৰ যোদ্ধাজনৰ শত্ৰুপক্ষৰ পোনপটীয়া আক্ৰমনত মৃত্যু হোৱা নাই৷ তেওঁক ‘স্নাইপাৰ’ বা গুপ্তঘাতকে দূৰৰ পৰা নিৰ্ভূল লক্ষ্যৰে গুলীয়াই নিহত কৰিছে৷ আন্দ্ৰেইক এনেদৰে ‘স্নাইপাৰে’ গুলীয়াই হত্যা কৰাৰ ঘটনা ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে তেঁওৰেই সতীৰ্থ, ইউক্ৰেইনত যুদ্ধৰত ‘এয়াৰবৰ্ণ ফ’ৰ্চৰ পেৰাট্ৰ³পাৰ’ বাহিনীৰ শীৰ্ষ সেনাপতি ছেৰ্গেই চিপিলয়ভে৷ 

যুদ্ধ চলি থকাৰ মাজতে শান্তি আলোচনাৰ প্ৰচেষ্টাও অব্যাহত আছে৷ বুধবাৰে যুদ্ধ পৰিস্থিতিৰ বাবে বৈঠকৰ  নিৰ্দিষ্ট স্থানত যুদ্ধৰত উভয় দেশৰ প্ৰতিনিধি উপস্থিত হ’বলৈ সক্ষম নহ’ল৷ সেয়ে বৃহস্পতিবাৰে পোলেণ্ড আৰু বেলাৰুছৰ সীমাত এতিয়াও নাম প্ৰকাশ নকৰা এটা স্থানত ৰাছিয়া-ইউক্ৰেইনৰ প্ৰতিনিধিৰ মাজত শান্তি আলোচনা অনুষ্ঠিত হ’ব৷ শান্তি আলোচনাৰ ফলাফল যিয়েই নহওক, ৰাছিয়াই যুদ্ধ অব্যাহত ৰাখিব৷ ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে শত্ৰুৰ বিৰুদ্ধে দেশবাসীক গেৰিলা পন্থাৰে যুঁজিবলৈ আহ্বান জনাইছে৷ তেওঁ দাবী কৰিছে, যুদ্ধত ৰাছিয়া পৰাস্ত হোৱাৰ পাছত যুদ্ধ অপৰাধী হিচাপে ঘোষিত কৰি ৰাছিয়াৰ পৰাই ধন লৈ দেশৰ ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো ঘৰ, পথ আৰু অন্যান্য সকলো ক্ষতিগ্ৰস্ত স্থান নিৰ্মাণ কৰি ল’ব৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে কিয়েভ চহৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত অৱস্থান গ্ৰহণ কৰি থকা ৬৪ কিলোমিটাৰ দীঘলীয়া ৰাছিয়াৰ সেনাবাহিনীৰ বিশাল কনভয়টোৱে তিনিদিন ধৰি লৰচৰ নকৰাকৈ একেঠাইতে ৰৈ আছে৷ কোনো যুদ্ধ বিশাৰদে ৰাছিয়াৰ এই কাৰ্যৰ সঠিক ব্যাখ্যা দিব পৰা নাই৷ ইউক্ৰেইনৰ মতে সেনাৰ কনভয়ৰ গাড়ীৰ বাবে প্ৰয়োজন হোৱা ইন্ধনৰ অভাৱৰ ফলতে ৰাছিয়াৰ সেনাবাহিনীয়ে তিনিদিন ধৰি আগনবঢ়াকৈ ৰাজধানী কিয়েভৰ পৰা ৩০ কিলোমিটাৰ দূৰত অৱস্থান গ্ৰহণ কৰি আছে৷