Logo
image

পুটিনৰ সমৰ্থকসকল হত্যাকাৰীৰ পক্ষত

এখন প্ৰচণ্ড শক্তিশালী মানুহে এজন তেনেই নিশকতীয়া মানুহক ৰাস্তাত পেলাই জোতাৰে গচকি ধৰি আছে আৰু সেই দৃশ্য চাই থকাসকলক বুজাবলৈ চেষ্টা কৰিছে যে তেওঁৰ কোনো উপায় নাছিল, সেই নিশকতীয়া মানুহজনৰ বাবে তেওঁৰ নিৰাপত্তা নোহোৱা হৈছিল, গতিকে তেওঁ আত্মৰক্ষাৰ বাবেহে তেওঁক তেনেকৈ পদানত কৰিব লগা হৈছে৷ তেওঁৰ আন  উপায় নাছিল৷ সেই দৃশ্য চাই থকাসকলৰ কিছুমানে সেই শক্তিশালী আক্ৰমণকাৰীজনৰ ‘যুক্তি’ শুনি তেওঁৰ আক্ৰমণ ন্যায্য বুলি পতিয়ন গৈছে আৰু তেওঁৰ আক্ৰমণৰ সপক্ষে নিজেও যুক্তি উদ্ভাৱন কৰিছে৷ পুটিনৰ সপক্ষে যুক্তি বিচাৰি পোৱাসকলেও তেনেদৰে সেই শক্তিশালী আক্ৰমণকাৰীজনৰ সপক্ষে থিয় দিছে৷ আমেৰিকাই ভিয়েটনাম বা ইৰাক আক্ৰমণৰ সময়তো তেনেদৰে বহুতে শক্তিশালী আক্ৰমণকাৰীৰ সপক্ষে যুক্তি বিচাৰি পাইছিল বা বিচাৰি উলিয়াইছিল৷

এইখন যুদ্ধ পুটিনৰ যুদ্ধ৷ এইখন ৰাছিয়াৰ যুদ্ধ নহয়৷ ৰাছিয়ান সাম্ৰাজ্য গঢ়াৰ পুটিনৰ উদ্ভট সপোনৰ বাবে এই যুদ্ধ৷ ৰাছিয়া আক্ৰমণ কৰিব বুলি কোনো দেশে ধমকি দিয়া নাছিল৷ ৰাছিয়াই অমুক চৰ্ত বা তমুক চৰ্ত মানিব লাগিব বুলিও কোনো দেশে কোৱা নাছিল৷ আমেৰিকা বা ইউৰোপৰ কোনো দেশৰ পৰা ৰাছিয়াৰ প্ৰতি কোনো সামৰিক ভাবুকি অহা নাছিল৷ ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ কোনো ভাবুকি নাছিল৷ তাৰপাছতো সম্পূৰ্ণ একপক্ষীয়ভাৱে পুটিনে ইউক্ৰেইন আক্ৰমণৰ সিদ্ধান্ত ল’লে৷ কোৱা হৈছে যে ইউক্ৰেইনে নাটো গোষ্ঠীৰ অংশীদাৰ হ’ব বিচৰাৰ বাবে পুটিনে আক্ৰমণ কৰিবলৈ বাধ্য হ’ল৷

বৰ্তমান পৃথিৱীৰ ৩০খন দেশ নাটো গোষ্ঠীৰ অন্তৰ্গত৷ ছোভিয়েট সংঘৰ পতনৰ পাছত ছোভিয়েট সাম্ৰাজ্যবাদৰ দাদাগিৰিৰ পৰা ৰক্ষা পাই, আৰু ভৱিষ্যতেও  ৰাছিয়াৰ আগ্ৰাসনৰ পৰা ৰক্ষা পাবলৈ বহু দেশে নাটোত যোগদান কৰিছে৷ ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী, চেক ৰিপাব্লিকে; ২০০৪ চনত বুলগেৰিয়া, ইষ্ট’নিয়া, লাটভিয়া, লিথুৱানিয়া, ৰোমানিয়া, শ্লোভাকিয়া আৰু শ্লোভেনিয়াই; ২০০৯ চনত আলবেনিয়া আৰু ক্ৰোৱেচিয়াই; ২০১৭ চনত মণ্টেনেগ্ৰ আৰু হাৰ্জেগোভিনা আৰু উত্তৰ মেচিডনিয়াই; ২০২১ চনত বছনিয়া আৰু জৰ্জিয়াই  নাটোত যোগদান কৰে৷ এতিয়া ইউক্ৰেইনেও নাটোত যোগদান কৰিব বিচাৰে৷ প্ৰশ্ন হ’ল, দেশবোৰে কিয় ৰাছিয়াৰ-পুটিনৰ সংগ এৰি নাটোৰ সংগী হ’ল আৰু হ’বলৈ হাবিয়াস কৰি আছে? কাৰণ– পূৰ্বৰ ছোভিয়েট সংঘৰ দাদাগিৰিৰ অভিজ্ঞতা আৰু এতিয়া পুটিনৰ ৰাছিয়ান সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বিকৃত আকাংক্ষা৷ এইবোৰ দেশক কোনো এখন দেশকে নাটোৱে সামৰিক শক্তিৰে ভাবুকি দি, জোৰ-জুলুম কৰি নিজৰ গোষ্ঠীত অন্তৰ্ভুক্ত কৰা নাই৷ প্ৰতিখন দেশে নিজৰ স্বাধীন ইচ্ছাত নাটোৰ অন্তৰ্ভুক্ত হৈছে আৰু সেইবোৰ দেশৰ জনসাধাৰণেও নিজৰ দেশৰ চৰকাৰৰ তেনে সিদ্ধান্তৰ বিৰোধিতা কৰা নাই৷ প্ৰতিখন স্বাধীন দেশৰ তেওঁলোকে কাৰ স’তে বন্ধুত্ব গঢ়িব তাক নিৰ্ণয় কৰাৰ অধিকাৰ আছে৷ লুপ্ত হোৱা ছোভিয়েট সংঘৰ প্ৰতি স্মৃতিকাতৰ আকৰ্ষণ অনুভৱ কৰা আৰু আমেৰিকা তথা পশ্চিমৰ প্ৰতি অযুক্তিকৰ বিদ্বেষ পোষণ কৰাসকলৰ বাদে আন কোনেও আশা নকৰে আধুনিক বিশ্বৰ এখন দেশ নাটোৰ প্ৰতি আকৰ্ষিত নহৈ ছোভিয়েট সংঘ আৰু পুটিনৰ একনায়কত্ববাদী দাদাগিৰিৰ প্ৰতি আকৰ্ষিত হ’ব৷

নাটোৱে পুটিনক বা ৰাছিয়াৰ চৰকাৰক কোনোধৰণৰ ভাবুকি দিয়া নাছিল৷ নাটো বা ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ কোনোধৰণৰ সংকট উদ্ভৱ হোৱা নাছিল৷ ৰণবলীয়া পুটিনে ৰাছিয়া, ইউক্ৰেইন আৰু পৃথিৱীৰ ওপৰত এখন অনাহক অপ্ৰয়োজনীয় যুদ্ধ জাপি দিছে৷ একমাত্ৰ পুটিন এই যুদ্ধৰ বাবে জগৰীয়া৷ আজি যদি ৰাছিয়া বা পুটিনৰ স’তে চুবুৰীয়া কোনো দেশ থাকিব নিবিচাৰে, তাৰ বাবেও পুটিন আৰু পূৰ্বৰ ছোভিয়েট সংঘ জগৰীয়া৷ 

আমেৰিকাই ভিয়েটনাম, ইৰাক বা আফগানিস্তানত যুদ্ধ কৰিবলৈ যাওঁতে তাৰ বিৰুদ্ধে আমেৰিকাৰ জনগণে ব্যাপক প্ৰতিবাদ আৰু প্ৰতিৰোধ গঢ়ি তুলিছিল৷ গণতান্ত্ৰিক নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগা আমেৰিকাৰ নেতাসকলে প্ৰতিশ্ৰুতি দিব লগা হৈছে যে তেওঁলোকে আমেৰিকাৰ ডেকা সৈন্যসকলক  বিদেশৰ মাটিত মৰিবলৈ নপঠায়৷ ছোভিয়েট সংঘই চুবুৰীয়া দেশবোৰ সামৰিক শক্তিৰে দখল কৰাৰ পৰত মস্কোত ছোভিয়েট সংঘৰ জনতাই প্ৰতিবাদ কৰিছিলনে? কৰা নাছিল, কাৰণ ছোভিয়েট সংঘৰ জনগণৰ সেই অধিকাৰ নাছিল৷ সিদিনা যেতিয়া মস্কোৰ জনসাধাৰণে ৰাজপথত পুটিনৰ ইউক্ৰেইন আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে, লগে লগে পুটিনে তেনে প্ৰতিবাদ নিষিদ্ধ কৰিলে, তেনে প্ৰতিবাদক দেশদ্ৰোহী বুলি ঘোষণা কৰিলে৷ একনায়কত্ববাদী প্ৰৱণতা থকা ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল, কিন্তু চাৰি বছৰৰ পাছতেই আমেৰিকাৰ জনগণে ট্ৰাম্পক গণতান্ত্ৰিক নিৰ্বাচনৰ জৰিয়তে ক্ষমতাৰ পৰা অপসাৰণ কৰিলে৷ পুটিনৰ ৰাছিয়াত ৰাছিয়াৰ জনগণে তেনে কৰাৰ কথা সপোনতো ভাবিব নোৱাৰে৷ অতি স্বাভাৱিক যে এখন আধুনিক দেশে পুটিনতকৈ  আমেৰিকা আৰু পশ্চিমীয়া গণতান্ত্ৰিক দেশবোৰৰ স’তে বন্ধুত্ব গঢ়িব বিচাৰিব৷ ইউক্ৰেইনৰ যুদ্ধত মৃত্যু হোৱা প্ৰতিজন ইউক্ৰেইনৰ নাগৰিক, সৈন্য আৰু ৰাছিয়াৰ সৈন্যৰ মৃত্যুৰ বাবে পুটিন জগৰীয়া৷ এই যুদ্ধই কঢ়িয়াই অনা ধবংস আৰু যাতনাৰ বাবে পুটিন জগৰীয়া৷ পুটিন এজন যুদ্ধ অপৰাধী, এজন হত্যাকাৰী৷ পুটিনৰ পক্ষত আৰু পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ পক্ষত যুক্তি বিচাৰি পোৱাসকল হত্যাকাৰীৰ পক্ষত৷