Logo
image

ৰাষ্ট্ৰপতিয়ে এৰি নাযায় কিয়েভ, পৰিয়ালে নেৰে জেলেনস্কিক

আমাৰ অসম, ৫ মাৰ্চঃ ৰাছিয়াক মুখামুখি যুদ্ধত বলে নোৱাৰিলেও গেৰিলা পদ্ধতিৰে যুদ্ধ কৰি হ’লেও শত্ৰুক পৰাভূত কৰিবলৈ দেশবাসীক আহ্বান জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে৷ এসময়ৰ জনপ্ৰিয় টিভি শ্ব’ ‘ছাৰ্ভেণ্টছ অব্‌ দ্য পিপল’ৰ মুখ্য কৌতুক অভিনেতা জেলেনস্কি এতিয়া দেশৰ বীৰ৷ ২০১৯ চনত দেশখনৰ ৰাষ্ট্ৰপতি হোৱা জেলেনস্কিয়ে যিদৰে ৰাছিয়াৰ  বিৰুদ্ধে যুদ্ধত ইউক্ৰেইনক নেতৃত্ব দিছে তাৰ জৰিয়তে তেওঁ বীৰলৈ উন্নীত হৈছে৷ ৰাজনীতিত প্ৰৱেশ কৰাৰ কম দিনৰ ভিতৰতে জনপ্ৰিয়তাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰপতি হৈছিল যদিও পূৰ্বে তেওঁ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ তেনে কোনো গুৰুত্বপূৰ্ণ ৰাজনৈতিক বা কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিব পৰা নাছিল৷ বিগত দুবছৰত তেওঁ  আমেৰিকা আৰু পশ্চিমীয়া নাটোগোষ্ঠীৰ দেশৰ ঘনিষ্ঠ হৈ পৰিছিল৷ ইয়াৰ ফলত জেলেনস্কি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছিল৷ এই সৰ্বনশীয়া যুদ্ধখন আৰম্ভ হোৱাৰ পাছতে জেলেনস্কি কেৱল দেশবাসীৰে নহয় সমগ্ৰ বিশ্ববাসীৰ ওচৰত অসামান্য নেতা হৈ পৰিছে৷ তেওঁৰ সাহসক বিশ্বৰ সাধাৰণ নাগৰিক আৰু আগশাৰীৰ দেশৰ সকলো ৰাষ্ট্ৰনেতাই ভূয়সী প্ৰশংসা কৰিছে৷ প্ৰতিনিয়ত জেলেনস্কিয়ে দেশবাসীক উদ্দেশ্যি গোপন বাংকাৰৰ পৰা ভিডিঅ’ মেছেজ প্ৰেৰণ কৰি উজ্জীৱিত কৰি আছে, সাহসী বাৰ্তাৰে উজ্জীৱিত কৰি ৰাখিছে সেনাবাহিনীকো৷ আজি তেওঁ দেশৰ সেনাবাহিনী আৰু দেশবাসীক উদ্দেশ্যি দিয়া এটা বাৰ্তাত কয় যে, এই যুদ্ধৰ শেষ নেদেখালৈকে তেওঁ ৰাজধানী কিয়েভ এৰি আঁতৰি নাযায় আৰু বিপদৰ এই ভয়ংকৰ সময়ছোৱাত তেওঁ পৰিয়ালকো নিজৰ কাষৰ পৰা এৰি নিদিয়ে৷ ইচ্ছা কৰা হ’লে জেলেনস্কিয়ে তেওঁৰ পৰিয়ালক কেতিয়াবাই বন্ধুভাৱাপন্ন ইউৰোপীয় দেশ বা আমেৰিকালৈ পঠিয়াই দিব পাৰিলেহেঁতেন৷ আনকি আমেৰিকাই জেলেনস্কিক কিয়েভৰ পৰা উদ্ধাৰ কৰি পলুৱাই নিয়াৰ প্ৰস্তাৱ দিছিল৷ সেই প্ৰস্তাৱ নাকচ কৰি জেলেনস্কিয়ে হৈছিল– মোক বিমানত উৰাব নালাগে, পাৰিলে মোক অস্ত্ৰ-শস্ত্ৰ দিয়া৷ তাৰ পিছৰ পৰা আমেৰিকাই আৰু তেনে প্ৰস্তাৱ দিয়াৰ পৰা বিৰত থাকি ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে৷ বৃহস্পতিবাৰে দেশবাসীক উদ্দেশ্যি দিয়া বাৰ্তাটোত জেলেনস্কিয়ে কয়– মই আজি গোটেই দিনটো তোমালোকক টিভিত চাই আছিলো৷ টিভিত মই যাক দেখিছো, চহৰৰ ৰাজপথত যাক দেখিছো, ইণ্টাৰনেটৰ জৰিয়তে যিসকলক দেখিছো সেই সকলোৱে দেশ ৰক্ষাৰ বাবে যিদৰে আত্মোৎসৰ্গ কৰিছা তাৰ কোনো তুলনা নাই৷ মই তোমালোকক লৈ গৌৰৱান্বিত, সমগ্ৰ দেশ গৌৰৱান্বিত৷ এটা কথা কৈ থওঁ, আমৃত্যু মই তোমালোকৰ লগত থাকিম৷ মোৰ পত্নী ওলেনা, কন্যা আলেকজেন্দ্ৰা আৰু পুত্ৰ কিৰিল মোৰ সৈতে একেলগে আছে৷ শেষ পৰ্যন্ত আমি একেলগেই থাকিম৷ মোৰ পৰিয়ালক ৰক্ষা কৰি তোমালোকক মৰিবলৈ এৰি দিব নোৱাৰো৷ সেই কথা মনত ৰাখিবা৷ তোমালোকে ৰাছিয়াৰ এই আগ্ৰাসনৰ কথা কেতিয়াও নাপাহৰিবা৷ ইতিহাসে ৰাছিয়াৰ এই অপৰাধক কেতিয়াও ক্ষমা নকৰে৷ ইপিনে, শুকুৰবাৰে ৰাছিয়াৰ সংবাদ মাধ্যমে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দেশ এৰি পলায়ন কৰা বুলি ব্যাপকভাৱে প্ৰচাৰ কৰিছে৷ ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাৰ পাছত তাৰ সত্যতা বিচাৰি পশ্চিমীয়া সংবাদ মাধ্যম জঁপিয়াই পৰিছে৷ অৱশ্যে জেলেনস্কিৰ পলায়নৰ খবৰৰ সবিশেষ আৰু সত্যতা এতিয়াও উদ্ধাৰ হোৱা নাই৷ ৰাছিয়াই জেলেনস্কি পলোৱাৰ খবৰ সম্পূৰ্ণ শুদ্ধ বুলি নিশ্চিত কৰিছে৷